অপাৰেচন মাটিৰ দালাল !

author img

By

Published : Sep 21, 2021, 2:25 PM IST

operation against land mafia across assam

তৎপৰতা বাঢ়িছে অসম আৰক্ষীৰ ৷ ড্ৰাগছৰ পাচত আৰক্ষীৰ এইবাৰ শেন চকু মাটিৰ দালালৰ ওপৰত ৷ এটা নিশাতে ৰাজ্যত গ্ৰেপ্তাৰ চাৰিশৰো অধিক মাটিৰ দালালক ৷

নিউজ ডেস্ক, 21 ছেপ্তেম্বৰ : অলপতে গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ আন্তজাৰ্তিক প্ৰেক্ষাগৃহত আয়োজন কৰা ৰাজহৰ দায়িত্বত থকা অতিৰিক্ত উপায়ুক্ত, ৰাজহ চক্ৰ বিষয়া আৰু সংলগ্ন চক্ৰ বিষয়াসকলৰ ৰাজ্যিক সন্মিলনত ভাগ লৈ মাটিৰ ফাইলৰ কাম ৬ অক্টোবৰৰ ভিতৰত ক্লিয়াৰ কৰাৰ নিৰ্দেশ দিছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷ সন্মিলনত ভাগ লৈ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই বিষয়াসকলক এইদৰে কঠোৰ সকিয়নী দিয়াৰ লগতে চক্ৰ বিষয়াৰ কাৰ্যালয়ত চলি থকা দাদালৰাজ বন্ধ নহ'লে মুখ্যমন্ত্ৰীৰ তদাৰকী কোষে কাম কৰি যাব বুলি সকিয়াই দি দালাল দেখিলেই মই থপিয়াই আনিম বুলি দিছিল সকিয়নী ।

মাটিৰ দালালৰ বিৰুদ্ধে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ এই সকিয়নীৰ পাছতেই প্ৰতিখন জিলাতেই মাটিৰ দালালৰ বিৰুদ্ধে সক্ৰিয় হৈ পৰিল অসম আৰক্ষী ৷ দালালৰ বিৰুদ্ধে মাৰাথন গতিত সোমবাৰৰ নিশাৰ পৰা চলাই গ’ল ইটোৰ পাছত সিটো অভিযান ৷ একেটা নিশাতে কামৰূপ, বৰপেটা, নলবাৰী, শিৱসাগৰ, লখিমপুৰকে ধৰি ৰাজ্যৰ সকলো জিলাতেই মাটিৰ দালালৰ বিৰুদ্ধে আৰক্ষীয়ে চলাইছে মাৰাথন অভিযান ৷

প্ৰাপ্ত তথ্য অনুসৰি, কামৰূপ জিলা আৰক্ষীয়ে অভিযান চলাই 52 টাকৈ মাটিৰ দালালক কৰিছে আটক । জিলাখনৰ আমিনগাঁওস্থিত চক্ৰ বিষয়াৰ কাৰ্যালয়ত দীৰ্ঘদিনে মাটিৰ দালালিকাৰ্য চলাই যোৱা এই সকল মাটিৰ দালাল‌ক বন্দী কৰি ৰখা হৈছে উত্তৰ গুৱাহাটী, ছয়গাঁও, পলাশবাৰী, চাংসাৰি, বাইহাটা, হাজো, বকো, গৌৰীপুৰ থানাত ৷

লগতে পঢ়ক: যোৰহাটত আটক ৯ টা মাটিৰ দালাল

বিশেষ সূত্ৰৰ পৰা পোৱা তথ্য অনুসৰি, কামৰূপ জিলাত 600 দালালৰ তালিকা প্ৰস্তুত কৰিছে কামৰূপ আৰক্ষীয়ে । একে ধৰণে কামৰূপ মেট্ৰ’ জিলাটো আৰক্ষীয়ে আটক কৰিলে 22 টাকৈ মাটিৰ দালালক ৷ নিশাৰ ভাগত চলোৱা এক অভিযানত নলবাৰীতো কেইবাটাও মাটিৰ দালালক আটক কৰিবলৈ সক্ষম হৈছে নলবাৰী আৰক্ষীয়ে ৷ নলবাৰী আৰক্ষীয়ে কেইবাটাও গোটত বিভক্ত হৈ জিলাখনত চলায় এই অভিযান । নিশা চলা এই অভিযানত সাংবাদিক সঞ্জয় জৈনসহ 15 টাকৈ লোকক আটক কৰে আৰক্ষীয়ে ।

লগতে পঢ়ক: বৰপেটাত আটক ৪২ জন ভূ-মাফিয়াক

তথাকথিত সাংবাদিক সঞ্জয় জৈনৰ লগতে নলবাৰী চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ লাট মণ্ডল চক্ৰ কলিতা, ব্যৱসায়ী অজয় জৈন, মুকেশ আগৰৱালা, দাদুল আহমেদ, অনিল জৈন আৰু নলবাৰী চহৰৰ কৃষ্ণ ফাৰ্মাচীৰ স্বত্বাধিকাৰীকে ধৰি 15 টাকৈ মাটিৰ দালালক নিশা আৰক্ষীয়ে আটক কৰে । ঘটনা সম্পৰ্কত আৰক্ষীয়ে কোনো বিতং তথ্য সদৰি কৰা নাই যদিও শীঘ্ৰেই আৰু বহু কেইগৰাকী বাঘা বাঘা লোক আৰক্ষীৰ জালত পৰাৰ সম্ভাৱনা আছে । আৰক্ষীয়ে ইতিমধ্যে এশজনীয়া এখন তালিকা প্ৰস্তুত কৰি অভিযান আৰম্ভ কৰা বুলি জানিব পৰা গৈছে ।

ৰাজ্যৰ অন্যান্য প্ৰান্তৰ সমান্তৰালকৈ বৰপেটা জিলাতো দেখা গ’ল অনুৰূপ অভিযান ৷ মাটিৰ দালালৰ বিৰুদ্ধে বৰপেটা আৰক্ষীয়ে চলোৱা অভিযানত জিলাখনৰ ভিন্ন প্ৰান্তৰ লগতে নামনি অসমৰ বাণিজ্যিক প্ৰধান চহৰ বৰপেটাৰোডতো চলিল ভূ-মাফিয়াৰ বিৰুদ্ধে অভিযান ৷ নিশা বৰপেটাৰোড আৰক্ষীৰ অভিযানত আটক ছয়গৰাকী ভূ-মাফিয়া ৷ ধৃত অপৰাধী কেইটা ক্ৰমে- ইন্নছ আলী, ৰহম আলী, তায়েব আলী, নুৰুল ইছলাম, ৰামানন্দ দাস আৰু কৃষ্ণ দাস বুলি জানিব পৰা গৈছে ৷

বিশ্বনাথতো নিশা মাটি দালালৰ বিৰুদ্ধে আৰক্ষীৰ তীব্ৰ অভিযান ৷ জিলাখনত বৰ্তমানলৈকে এই অভিযানত মুঠ 14 টা মাটিৰ দালালক আটক কৰিছে বিশ্বনাথ আৰক্ষীয়ে ৷ এই পৰ্যন্ত অভিযান অব্যাহত আছে যদিও বিশ্বনাথ আৰক্ষীয়ে আনুস্থানিকভাৱে এতিয়াও সদৰি কৰা নাই কোনো তথ্য ৷

লগতে পঢ়ক: গৈছিল পৰীক্ষা দিবলৈ; পালেগৈ ৰঙাঘৰ

শিৱসাগৰ জিলাটো ১১ টা মাটিৰ দালালক আটক কৰিছে আৰক্ষীয়ে ৷ শিৱসাগৰ সদৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া যুগল কিশোৰ কলিতাৰ নেতৃত্বত আৰক্ষীৰ এটা বৃহৎ দলে অভিযান চলাই গ্ৰেপ্তাৰ কৰিছে এই কেইটা দালালক ৷ গোচৰ নম্বৰ ১১০৭/২১ আৰু ধাৰা ৪৫৭/৩৮০ ৰ অধীনত গ্ৰেপ্তাৰ কৰা হৈছে এই কেইটা অপৰাধীক ৷

আৰক্ষীৰ এক বিশেষ সূত্ৰৰ পৰা পোৱা তথ্য অনুসৰি দীপক বৰুৱা, ৰাজা দুৱৰা, গোপাল ৰায় আৰু ৰুবুল আলী নামৰ এই চাৰি অভিযুক্তৰ নেতৃত্বত এই দালালি চক্ৰটোয়ে কাম কৰি অহা বুলি জানিব পৰা গৈছে । একেদৰে লখিমপুৰটো আটক হ’ল ১৪ টাকৈ মাটিৰ দালাল ৷ চি এম ভিজিলেঞ্চ আৰু লখিমপুৰ আৰক্ষীৰ যুটীয়া অভিযাত আটক হৈছে এই দালাল কেইটা ৷

অধিক তথ্যৰ বাবে লখিমপুৰ সদৰ থানাত দালালকেইজনৰ ওপৰত জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে ৷ শেহতীয়াকৈ পোৱা তথ্য অনুসৰি, বঙাইগাঁৱত ১৪ টা, পাটাছাৰকুছিত ১৮ টা, ডিব্ৰুগড়ত ১৮ টা আৰু ধুবুৰীত ৮ টা দালালক আটক কৰিছে আৰক্ষীয়ে ৷ একেদৰে যোৰহাট, গোলাঘাট আদি জিলাতো বহু কেইটা মাটিৰ দালালক নিশাই আৰক্ষীয়ে আটক কৰা বুলি জানিব পৰা গৈছে ।

লগতে পঢ়ক: কামৰূপ জিলা আৰক্ষীৰ জালত মাটিৰ দালাল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.