যোৰহাটত আটক ৯ টা মাটিৰ দালাল

By

Published : Sep 21, 2021, 1:35 PM IST

thumbnail

মাটিৰ দালাল চক্ৰৰ বিৰুদ্ধে এইবাৰ অসম আৰক্ষীৰ ৰঙা চকু ৷ সোমবাৰে নিশা অসম আৰক্ষীয়ে ৰাজ্যৰ বিভিন্ন প্ৰান্তত দালাল চক্ৰৰ বিৰুদ্ধে চলাই অভিযান ৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা আৰক্ষীৰ অভিযানত আটক হৈছে কেইজনো দালাল ৷ যোৰহাট আৰক্ষীৰ জালত পৰিছে ৯ টাকৈ মাটিৰ দালাল ৷ আটকাধীন দালাল কেইটাৰ নাম ক্ৰমে- মঞ্জিৎ চাংমাই, পংকজ বৰুৱা, ধৰনী চেতিয়া, দিগন্ত গগৈ, বাবু বৰা, চিৰঞ্জিত ৰাজখোৱা, দ্বীপ নেওগ, জ্ঞানমনি বৰবৰা আৰু বিজয় বৰা ৷ জানিব পৰা মতে, আৰু বহু কেইজন মাটিৰ দালাল যোৰহাট আৰক্ষীৰ জালত পৰাৰ সম্ভাৱনা আছে ৷ আটকাধীন দালাল কেইটাৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ অধীনত ৪২০/৪৬৯/৪৭৭/৪০৬/৩৪ এই পি চি, কেচ নম্বৰ ২০৩০/২১ ৰুজু কৰা হৈছে ৷ উল্লেখ্য যে, যোৰহাট জিলা খনত প্ৰায় ৫০ জনৰো অধিক মাটিৰ দালাল আছে । আটক হোৱাৰ ভয়ত ইতিমধ্যে বহু কেইজন দালালে আত্মগোপন কৰিছে ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.