অসম

assam

Drugs paddler arrested : ড্ৰাগছৰ বিৰুদ্ধে অসম আৰক্ষীৰ অভিযান

By

Published : May 27, 2022, 12:42 PM IST

ড্ৰাগছ তথা নিচাজাতীয় বিৰুদ্ধে ৰাজ্যত অব্যাহত আছে আৰক্ষীৰ অভিযান (Assam police drive against drugs) ৷ এই অভিযানত বিভিন্ন সময়ত আৰক্ষীয়ে বহু নিচাজাতীয় সামগ্ৰীৰ লগতে আটক কৰিবলৈ সক্ষম হয় বহু অপৰাধীকো ৷ বৃহস্পতিবাৰেও ৰাজ্যৰ ভিন্নত প্ৰান্তত বহু নিচাজাতীয় সামগ্ৰী জব্দ হোৱাৰ লগতে আৰক্ষীৰ জালত পৰে কেইবাটাও ড্ৰাগছ সৰবৰাহকাৰী (Drugs paddler arrested)৷

ড্ৰাগছৰ বিৰুদ্ধে অসম আৰক্ষীৰ অভিযান
ড্ৰাগছৰ বিৰুদ্ধে অসম আৰক্ষীৰ অভিযান

নিউজ ডেস্ক, 27 মে’ : অপৰাধ আৰুঅপৰাধীৰ বিৰুদ্ধে কঠোৰ হৈছে অসম আৰক্ষী ৷ ড্ৰাগছ, পশুধন সৰবৰাহ আদিৰ বিৰুদ্ধে প্ৰতিদিনে সস্তম ৰাজ্যৰ আৰক্ষী তথা প্ৰশাসন ৷ অসম আৰক্ষীয়ে বিভিন্ন সময়ত বিভিন্ন বে-আইনী কামৰ বিৰিদ্ধে চলাই আহিছে অভিযান ৷ আনকি আৰক্ষীয়ে এই অভিযানত বহু অপৰাধীক আটক (Drugs paddler arrested) কৰাৰ লগতে জব্দ কৰিবলৈ সক্ষম হয় বিভিন্ন নিচাজাতীয় সামগ্ৰীও ৷

ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লেখিয়াকৈ নগাঁৱত অব্যাহত আছে আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান । বৃহস্পতি বাৰে নিশা হয়বৰগাঁও আৰক্ষীয়ে এক গোপন খবৰৰ ভিত্তিত হয়বৰগাঁও আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া তৰংগ পাটোৱাৰীৰ নেতৃত্বত 1 নং মূলাপত্তিৰ ৰাতুল হুছেইনৰ বাসগৃহত চলাই এক অভিযান (Operation against Drugs in Nagaon) ।

এই অভিযানত আৰক্ষীয়ে ৰাতুলৰ বাসগৃহৰ পৰা 80 টা ড্ৰাগছ ভৰ্ত্তি কন্টেনাৰ জব্দ (Container full of drugs seized in Nagaon) কৰাৰ লগতে তিনিটা ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হয় ।

ড্ৰাগছৰ বিৰুদ্ধে অসম আৰক্ষীৰ অভিযান

ৰাতুলৰ লগতে আৰক্ষীয়ে আটক কৰা ড্ৰাগছ সৰবৰাহকাৰী কেইটা ফাৰুক ইছলাম, ৰমিজুল ইছলাম আৰু নাচিৰ উদ্দিন বুলি জানিব পৰা গৈছে । ধৃত ৰাতুলে দীৰ্ঘদিন ধৰি নগাঁও চহৰত আটকাধীন আন তিনিটা সৰবৰাহকাৰীৰ জৰিয়তে ড্ৰাগছৰ ব্যৱসায় চলাই আহিছিল বুলি জানিব পৰা গৈছে ।

লগতে পঢ়ক :Heroin seized in Kokrajhar : হেৰ’ইন ভৰ্তি কণ্টেইনাৰৰ সৈতে ড্ৰাগছ সৰবৰাহকাৰী আটক

ইফালে হোজাইৰ আৰক্ষী অধীক্ষকৰ নিৰ্দেশত ডবকা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া মিন্টু সন্দিকৈৰ নেতৃত্বত আৰক্ষীৰ এটি সঁজাতি দলে গোপন খবৰৰ ভিত্তিত ডবকা থানাৰ অন্তৰ্গত নিজ ডবকা সেৱাঘাটৰ জিয়াবুৰ হকৰ ঘৰত চলাই এক অভিযান (Operation against Drugs at Doboka) । আৰক্ষীৰ এই অভিযানত বৃহৎ পৰিমাণৰ ব্ৰাউন চুগাৰসহ আৰক্ষীয়ে আটক কৰে দুজন লোকক ৷

আটকাধীন লোকদ্বয় ক্ৰমে জাকিৰ আহমেদ আৰু ফাৰুক উদ্দিন বুলি জানিব পৰা গৈছে । আৰক্ষীৰ দলটোৱে আটকাধীন দুয়োৰে পৰা পাঁচটাকৈ ব্ৰাউন চুগাৰ ভৰ্তি চাবোনৰ বাকচৰ লগতে এখন I20 চাৰিচকীয়া বাহন আৰু এখন বাইক জব্দ কৰে কৰিবলৈ সক্ষম হয় ৷

আনহাতে, বৃহস্পতিবাৰে বৰপেটা সদৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ৰঞ্জন দলেৰ নেতৃত্বত পালহাজীৰত চলাই এক অভিযান (Operation against Drugs in Barpeta) ৷ এই অভিযানত আৰক্ষীয়ে 10 টাকৈ ড্ৰাগছ ভৰ্তি কন্টেইনাৰসহ দুই ড্ৰাগছ ব্যৱসায়ীক আটক কৰিবলৈ সক্ষম হয় ৷ ধৃত ড্ৰাগছ ব্যৱসায়ী দুটা ক্ৰমে পালহাজীৰ ছাইফুল ইছলাম আৰু জাহাংগীৰ হুছেইন বুলি জানিব পৰা গৈছে ৷

লগতে পঢ়ক :Drugs paddler arrested: নগাঁও আৰক্ষীৰ জালত মহিলা ড্ৰাগছ সৰবৰাহকাৰী

ABOUT THE AUTHOR

...view details