ETV Bharat / state

বটলিফ ফেক্টৰীয়ে কিয় নলয় ক্ষুদ্ৰ চাহ খেতিয়কৰ কেঁচা চাহপাত ? - Small tea growers

author img

By ETV Bharat Assamese Team

Published : Jun 2, 2024, 2:36 PM IST

Assam Tea Industry : ক্ষুদ্ৰ চাহ খেতিয়ক আৰু বটলিফ ফেক্টৰীৰ মাজৰ যুঁজখনৰ সমাধান কি ? কিয় বটলিফ ফেক্টৰীয়ে নলয় ক্ষুদ্ৰ চাহ খেতিয়কৰ কেঁচা চাহপাত ? জ্যেষ্ঠ চাহ বিশেষজ্ঞ তথা ৱাৰেন টি লিমিটেডৰ অৱসৰপ্ৰাপ্ত কাৰ্যবাহী সঞ্চালক উদ্ভৱ চন্দ্ৰ শৰ্মাৰ সৈতে আছুতীয়া সাক্ষাৎকাৰ ৷

বটলিফ ফেক্টৰীয়ে কিয় নলয় ক্ষুদ্ৰ চাহ খেতিয়কৰ কেঁচা চাহপাত ?
বটলিফ ফেক্টৰীয়ে কিয় নলয় ক্ষুদ্ৰ চাহ খেতিয়কৰ কেঁচা চাহপাত ? (ETV Bharat Assam)

তিনিচুকীয়া, ২ জুন : ক্ষুদ্ৰ চাহ খেতিয়ক আৰু বটলিফ ফেক্টৰীৰ মাজত সৃষ্টি হৈছে এখন যুঁজ ৷ যিখন যুঁজ এতিয়া এক চূড়ান্ত অৱস্থাত উপনীত হৈছেগৈ ৷ ১ জুনৰ পৰা ক্ষুদ্ৰ চাহ খেতিয়কৰ চাহ পাত বটলিফ ফেক্টৰীত নোলোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৷ যাৰ বাবে এতিয়া সৰ্বত্ৰে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । এতিয়া বিমোৰত পৰিছে ৰাজ্যৰ প্ৰায় ১৫ লাখ ক্ষুদ্ৰ চাহ খেতিয়ক ৷

ক্ষুদ্ৰ চাহ খেতিয়কসকলে বিভিন্ন পৰ্যায়ত আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰাৰ লগতে মিলিত হৈছে আলোচনাত ৷ কিন্তু সকলো চেষ্টা কৰিও যেন সফল হ’ব পৰা নাই ক্ষুদ্ৰ চাহ খেতিয়কসকল । ক্ষুদ্ৰ চাহ খেতিয়কৰ চাহ পাতত নিষিদ্ধ ৰাসায়নিক দ্ৰব্যৰ অৱস্থিতি লাভ কৰাৰ বাবেই বটলিফ ফেক্টৰীত ক্ষুদ্ৰ চাহ খেতিয়কৰ চাহপাত নোলোৱাৰ সিদ্ধান্তৰ কথা সদৰী কৰে যদিও ক্ষুদ্ৰ চাহ খেতিয়কসকলে চাহ গছসমূহ জৈৱিক প্ৰক্ৰিয়ালৈ আনিবৰ বাবে তিনি বছৰৰ সময়ৰ প্ৰয়োজন বুলি উল্লেখ কৰিছিল ।

হঠাৎ এনেদৰে বটলিফ ফেক্টৰীসমূহে পাত লোৱাটো বন্ধ কৰিলে পানীত হাঁহ নচৰা অৱস্থাৰ সৃষ্টি হয় ক্ষুদ্ৰ চাহ খেতিয়কসকলৰ ৷ এই সমগ্ৰ বিষয়টোৰ সন্দৰ্ভত জ্যেষ্ঠ চাহ বিশেষজ্ঞ তথা ৱাৰেন টি লিমিটেডৰ অৱসৰপ্ৰাপ্ত কাৰ্যবাহী সঞ্চালক উদ্ভৱ চন্দ্ৰ শৰ্মাই আগবঢ়াই কেতবোৰ গুৰুত্বপূৰ্ণ মন্তব্য ৷

জ্যেষ্ঠ চাহ বিশেষজ্ঞগৰাকীয়ে সমগ্ৰ বিষয়টোৰ আঁত ধৰি কয় যে, অসমত প্ৰায় ২০০ ৰো অধিক বটলিফ ফেক্টৰী আছে আৰু তিনিচুকীয়া জিলাতে প্ৰায় ৯০ টাকৈ বটলিফ ফেক্টৰী আছে ৷ ইফালে, সমগ্ৰ অসমত প্ৰায় ১৫ লাখ ক্ষুদ্ৰ চাহ খেতিয়ক আছে ।

তিনিচুকীয়া জিলাত ৭০ হাজাৰৰো অধিক আৰু তিনিচুকীয়া-ডিব্ৰুগড়ত প্ৰায় ১ লাখৰো অধিক খেতিয়ক আছে ৷ এতিয়া পৰিৱেশ সলনি হৈছে, পৰিৱেশ সলনি হোৱাৰ বাবে কীট-পতংগবোৰ বাঢ়িছে ৷ এতিয়া হেলুপেটিক, লুপাৰৰ দৰে কীট-পতংগ ওলাইছে, যিয়ে চাহ গছ একেবাৰে ধ্বংস কৰি দিয়ে আৰু সেই কীট-পতংগ নাশ কৰিবৰ বাবে দোকানৰ পৰা ঔষধ ক্ৰয় কৰি আনে খেতিয়কসকলে ৷

সেইসকল সাধাৰণ ক্ষুদ্ৰ চাহ খেতিয়কৰ কোনো সম্যক জ্ঞান নাই ৷ সেইসমূহ ঔষধ চাহ গছত মৰাৰ ফলতেই চাহ গছত ৰাসায়নিক পদাৰ্থ পোৱা গৈছে সচেতনতাৰ অভাৱত । কিন্তু এতিয়া সকলোৱে কিছু সজাগ হৈছে ৷ এজোপা চাহ গছত যেতিয়া সাধাৰণতে ঔষধ মাৰে সেই ঔষধ গছজোপাৰ পৰা আঁতৰিবলৈ ১০ পৰা ১৫ দিন পয্যন্ত সময় লাগে আৰু তাৰ বাবে চাহপাত চিঙাৰ সময়টো বহু গুৰুত্বপূৰ্ণ ৷

সেই ঔষধ মৰাৰ পাচত গছৰ পৰা আঁতৰৰ আগতেই যদি চিঙা হয় তেন্তে সেই চাহ মানুহৰ শৰীৰৰ বাবে বিষাক্ত হ’ব পাৰে । গতিকে এই চাহ পাত চিঙাৰ সময়ৰ সীমাটো বহুত প্ৰয়োজন । এইসমূহ নিয়ম সাধাৰণ ৰাইজে নজনাৰ বাবেই ক্ষুদ্ৰ চাহ খেতিয়কসকলৰ পাতত ৰাসায়নিক পদাৰ্থ পোৱাৰ বাবে দুটাকৈ বটলিফ ফেক্টৰী ইতিমধ্যে বন্ধ কৰি দিছে আৰু সেইহেতুকে ৰাসায়নিক পদাৰ্থযুক্ত চাহপাত নোলোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে বটলিফ ফেক্টৰীসমূহে ৷

তেওঁ লগতে কয়, "আমি এতিয়া ক্ৰমান্বয়ে জৈৱিকলৈ ৰূপান্তৰিত কৰিব লাগিব ৷ এতিয়া চাহ গছসমূহৰ লগতে খেতিৰ মাটি প্ৰায় মৃতপ্ৰায় হৈছে ৷ জৈৱিকলৈ আমি ৰূপান্তৰিত কৰাৰ লগতে যিসমূহ ক্ষুদ্ৰ ক্ষুদ্ৰ চাহ বাগিচা আছে সেইসমূহ নিজেই ঘৰুৱাভাৱে চাহ প্ৰস্তুত কৰি বজাৰ দখল কৰিবলৈ সাজু হ’ব লাগিব ৷

লগতে পঢ়ক: অসমৰ চাহ শিল্পক ধ্বংস কৰিবলৈ কূট কৌশল আৰম্ভ কৰা হৈছে : লুৰীণজ্যোতি গগৈ - Shut Down Tea Leaf Factories

অনিদিৰ্ষ্ট কাললৈ বন্ধ কলঘৰ : ভাৰতীয় টি ব’ৰ্ডক জগৰীয়া বটলিফ ফেক্টৰী মালিকৰ - Assam Tea Industry

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.