ETV Bharat / state

অনিদিৰ্ষ্ট কাললৈ বন্ধ কলঘৰ : ভাৰতীয় টি ব’ৰ্ডক জগৰীয়া বটলিফ ফেক্টৰী মালিকৰ - Assam Tea Industry

Assam Tea : চৰকাৰ তথা টি ব’ৰ্ডৰ গাফিলতিৰ বাবে ক্ষুদ্ৰ চাহ খেতিয়কৰ লগতে ইয়াত নিয়োজিত হৈ থকা শ্ৰমিক সকলৰ এতিয়া পানীত হাঁহ নচৰা অৱস্থাৰ সৃষ্টি হৈছে ৷ যেতিয়ালৈকে কেঁচা চাহপাতৰ গুণাগুণৰ পৰিমাপ কৰিব পৰা যন্ত্ৰৰ ব্যৱস্থা নকৰে তেতিয়ালৈকে কলঘৰসমূহ বন্ধ ৰখাৰ সিদ্ধান্ত লোৱা হৈছে বুলি অৱগত কৰে বটলিফ ফেক্টৰীৰ মালিক তথা উত্তৰ অসমৰ বিশ্বনাথ জিলাৰ সাধাৰণ সম্পাদক লক্ষী ভড়ালীয়ে ৷

BOUGHT LEAF FACTORIES IN ASSAM
আজিও নোলাল সমাধান সূত্ৰ (ETV BHARAT ASSAM)
author img

By ETV Bharat Assamese Team

Published : June 1, 2024 at 10:25 PM IST

2 Min Read
Choose ETV Bharat

বিশ্বনাথ, 1 জুন : 1 জুনৰ পৰা ৰাজ্যজুৰি বন্ধ হৈছে বটলিফ ফেক্টৰীসমূহ ৷ 2015 চনতে ভাৰতীয় টি ব’ৰ্ডে ৰাজ্যৰ বটলিফ ফেক্টৰীসমূহলৈ নিষিদ্ধ তথা অত্যাধিক কীটনাশক ব্যৱহাৰ নোহোৱা কেঁচা চাহপাত সংগ্ৰহ কৰাৰ লগতে চাহ নিলাম কেন্দ্ৰৰ জৰিয়তে শুকান চাহ বিক্ৰী কৰিবলৈ নিৰ্দেশ জাৰি কৰিছিল ৷ এই নিৰ্দেশনাৰ পিছতে জাঙুৰ খাই উঠিছিল বটলিফ ফেক্টৰী মালিকসকল ৷ এই ব্যৱস্থা তেওঁলোকৰ হিতৰ বিপৰীতে সেয়েহে এই নিৰ্দেশনা উঠাই নোলোৱা পৰ্যন্ত ফেক্টৰীসমূহ বন্ধ ৰখাৰ সিদ্ধান্ত লয় বটলিফ ফেক্টৰীৰ মালিকসকলে ৷

অনিদিৰ্ষ্ট কাললৈ বন্ধ বটলিফ ফেক্টৰী (ETV BHARAT ASSAM)

আনহাতে বন্ধ হোৱাৰ ফলত ৰাজ্যত প্ৰতিদিনে প্ৰায় চাৰিশৰো অধিক বটলিফ ফেক্টৰীয়ে প্ৰায় 21 লাখ কেজিৰো অধিক চাহ উৎপাদন কৰাৰ পৰা বিৰত থাকিব ৷ ইফালে এই সিদ্ধান্তৰ ফলত 5 শতাংশ জি এছ টি হাৰে প্ৰতিদিনে প্ৰায় 10 লাখৰো অধিক কৰ হেৰুৱাব লগা হ’ব ৰাজ্য চৰকাৰে ৷ ইফালে প্ৰায় এক কোটিৰো অধিক কেঁচা চাহপাত নষ্ট হ’ব ক্ষুদ্ৰ চাহ খেতিয়কৰ ৷ চৰকাৰ তথা টি ব’ৰ্ডৰ গাফিলতিৰ বাবে ক্ষুদ্ৰ চাহ খেতিয়কৰ লগতে ইয়াত নিয়োজিত হৈ থকা শ্ৰমিক সকলৰ এতিয়া পানীত হাঁহ নচৰা অৱস্থাৰ সৃষ্টি হৈছে ৷

বটলিফ ফেক্টৰীৰ মালিক তথা উত্তৰ অসমৰ বিশ্বনাথ জিলাৰ সাধাৰণ সম্পাদক লক্ষী ভড়ালীয়ে ই টিভি ভাৰতৰ আগত চৰকাৰ তথা ভাৰতীয় টি ব’ৰ্ডক দোষাৰোপ কৰি কয় যে যেতিয়ালৈকে কেঁচা চাহপাতৰ গুণাগুণৰ পৰিমাপ কৰিব পৰা যন্ত্ৰৰ ব্যৱস্থা নকৰে তেতিয়ালৈকে কলঘৰসমূহ বন্ধ ৰখাৰ সিদ্ধান্ত লোৱা হৈছে ৷ লগতে যেতিয়ালৈকে এই সুবিধা প্ৰদান নকৰে তেতিয়ালৈকে পুৰণি ব্যৱস্থাপনাৰে কলঘৰ সমূহ চলাই নিয়াৰ বাবে চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰিবলৈ দাবী জনায় বটলিফ ফেক্টৰী মালিক সন্থাই ৷

আনহাতে ক্ষুদ্ৰ চাহ খেতিয়ক সকলে বটলিফ ফেক্টৰীৰ মালিক আৰু টি ব’ৰ্ডক দোষাৰোপ কৰি কয় যে তেওঁলোকৰ উপযুক্ত কৌশলগত অৰ্হতা নথকাৰ ফলত এই পৰিস্থিতিৰ উদ্ভৱ হৈছে ৷ লগতে ফেক্টৰীৰ মালিক আৰু টি ব’ৰ্ডক ক্ষুদ্ৰ চাহ খেতিয়কসকলক প্ৰশিক্ষণ তথা উপযুক্ত পৰিচালনাৰ ব্যৱস্থাপনা নিৰ্ধাৰণ কৰিবলৈ দাবী জনায় ৷

লগতে পঢ়ক : চৰকাৰৰ বিৰুদ্ধে ক্ষোভ বটলিফ চাহ নির্মাতা সন্থাৰ; আজিৰে পৰা ফেক্টৰীয়ে নলয় কেঁচা চাহপাত - TEA BOARD