অসম

assam

মুছলপুৰত বিভাগীয় মুৰব্বীসকলৰ সৈতে আলোচনা ইউজিব্ৰহ্মৰ

By

Published : Jun 22, 2021, 12:11 PM IST

বাক্সাৰ মুছলপুৰত জিলাৰ সকলো বিভাগৰ মুৰব্বীক লৈ আলোচনা মন্ত্ৰী ইউ জি ব্ৰহ্মৰ ৷ ক’ভিডৰ সময়ত জিলাখনত চলি থকা ভেকচিনেশ্যন প্ৰক্ৰিয়াৰ লগতে বয়ন আৰু বস্ত্ৰশিল্প, ফৰেষ্ট, খাদ্য আৰু যোগান বিভাগত কেনেধৰণৰ কামকাজ চলি আছে তাৰ খতিয়ান লয় মন্ত্ৰীগৰাকীয়ে ৷

minister-ugbrahma-discusses-with-departmental-heads-at-musalpur
মুছলপুৰত বিভাগীয় মুৰব্বী সকলৰ সৈতে আলোচনা মন্ত্ৰী ইউজিব্ৰহ্মৰ

বাক্সা, 22 জুন: বাক্সা জিলাৰ মুছলপুৰৰ উপায়ুক্তৰ সভাকক্ষত মন্ত্ৰী ইউ জি ব্ৰহ্মই জিলাখনৰ সকলো বিভাগৰ মুৰব্বীসকলক লৈ সোমবাৰে এক আলোচনাত মিলিত হয় ৷ তেওঁ জানিবলৈ দিয়ে যে, মুখ্যমন্ত্ৰীয়ে প্ৰতিজন মন্ত্ৰীক দুখনকৈ জিলাৰ দায়িত্ব দিছে আৰু সেই অনুসৰি তেওঁ বাক্সা আৰু চিৰাং জিলাৰ উন্নয়ন সম্পৰ্কে নিৰিক্ষণ কৰিব ৷

ক’ভিডৰ সময়ত জিলাখনত কিমান গৰাকী ব্যক্তিক কৰ'ণা প্ৰতিষেধক প্ৰদান কৰা হৈছে সেই সন্দৰ্ভত মন্ত্ৰীগৰাকীয়ে স্বাস্থ্য বিভাগৰ পৰা বুজ লয় ৷ বাক্সা জিলা ভূমি সংৰক্ষণ বিভাগত কেনেধৰণৰ কামকাজ চলি আছে সেই সম্পৰ্কেও তেওঁ আলোচনা কৰে ৷ উল্লেখ্যে যে, জিলা খনত ভূমি উল্টা খন্দা এক মূল সমস্যা হিচাপে বিবেচিত হৈ আহিছে ৷ এই সমস্যা ৰোধ কৰা সন্দৰ্ভতো তেওঁ আলোচনা কৰে ৷

মুছলপুৰত বিভাগীয় মুৰব্বী সকলৰ সৈতে আলোচনা মন্ত্ৰী ইউজিব্ৰহ্মৰ

জিলাখনৰ অন্যান্য কাম কাজৰ খতিয়ান লোৱাৰ লগতে মন্ত্ৰীগৰাকীয়ে বয়ন আৰু বস্ত্ৰশিল্প, ফৰেষ্ট, খাদ্য আৰু যোগান বিভাগত কেনেধৰণৰ কামকাজ চলি আছে তাৰ খতিয়ান লয় ৷ জানিব পৰা মতে, ক'ভিড প্ৰট’কলৰ কাৰণে ২০২০- ২০২১ বৰ্ষৰ বাজেটৰ কাম কৰাত বাধাৰ সৃষ্টি হৈছে ৷ সেয়েহে, কামসমূহ অতি সোনকালে শেষ কৰাৰ কাৰণে মুখ্যমন্ত্ৰীৰ ফালৰ পৰা হেচা প্ৰয়োগ কৰিছে বুলিও মন্ত্ৰী ইউ জি ব্ৰহ্মই জানিবলৈ দিয়ে ৷

সোমবাৰৰ এই আলোচনাত মন্ত্ৰীগৰাকীৰ সৈতে ৬২ নং বৰমা বিধান সভা সমষ্টিৰ বিধায়ক ভূপেন বড়ো, বিটিচিৰ অধ্যক্ষ কাতিৰাম বড়ো, বাক্সা জিলা অভিভাৱক সচিব মনালিছা গোস্বামী, বাক্সা জিলা উপায়ুক্ত আয়ুস গাৰ্গৰ লগতে জিলাখনৰ উচ্চ পদস্থ বিষয়া সকল উপস্থিত থাকে ৷

উল্লেখ্য যে, ক'ভিড পৰিস্থিতিৰ মাজতে সোমবাৰে মন্ত্ৰীগৰাকীয়ে চিৰাঙৰ অতিকে ভিতৰুৱা গাঁও সুবাইঝাৰত থকা ৰেচম উৎপাদন আৰু প্ৰশিক্ষণ তথা পুলি বিতৰণ কেন্দ্ৰ পৰিদৰ্শন কৰে ৷ কেন্দ্ৰটো পৰিদৰ্শন কৰি মন্ত্ৰীগৰাকীয়ে কয় যে, বৰ্তমানলৈকে চৰকাৰ হাতত কেন্দ্ৰটোৰ একো তথ্য নাই ৷ গতিকে তথ্য সংগ্ৰহ কৰি প্ৰয়োজনীয় কামখিনি কৰাৰ বাবে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিব লাগিব ৷

লগতে পঢ়ক : শিৱসাগৰৰ ক'ভিড ভেকচিন কেন্দ্ৰ পৰিদৰ্শন ডাঃ ৰণোজ পেগুৰ

ABOUT THE AUTHOR

...view details