অসম

assam

Srimanta Shankardeva Sangha: গুৰুজনাৰ হৰিনাম ধৰ্ম সত্য, শান্তিৰ ওপৰত প্ৰতিষ্ঠিত: পদাধিকাৰ

By

Published : Jan 25, 2023, 5:35 PM IST

Conference of Baska Srimanta Shankardeva Sangha

বাক্সা জিলাৰ মুৰকুছিয়াপাৰাত অনুষ্ঠিত শ্ৰীমন্ত শঙ্কৰদেৱ সংঘৰ বাক্সা জিলা শাখাৰ দ্বাদশ বাৰ্ষিক অধিৱেশনৰ সামৰণি (Srimanta Shankardeva Sangha)। ২২ জানুৱাৰীৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰ অনুষ্ঠিত হয় এই বাৰ্ষিক অধিৱেশনৰ । ইপিনে, প্ৰতিনিধি আৰু বিষয় বাচনি সভাতেই গঠন কৰা হয় বাক্সা জিলা শাখাৰ নতুন সমিতি ৷

শ্ৰীমন্ত শঙ্কৰদেৱ সংঘৰ বাক্সা জিলা শাখাৰ দ্বাদশ বাৰ্ষিক অধিৱেশন

বাক্সা, ২৫ জানুৱাৰী: মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই প্ৰতিষ্ঠা কৰি থৈ যোৱা হৰিনাম ধৰ্ম সৰ্বোত্তম ধৰ্ম বুলি মন্তব্য় কৰিছে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ নৱ-নিৰ্বাচিত পদাধিকাৰ ভবেন্দ্ৰ নাথ ডেকা । মঙলবাৰে বাক্সা জিলাৰ মুৰকুছিয়াপাৰাত অনুষ্ঠিত শ্ৰীমন্ত শঙ্কৰদেৱ সংঘৰ বাক্সা জিলা শাখাৰ দ্বাদশ বাৰ্ষিক অধিৱেশনৰ মুকলি সভাত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি তেওঁ এইদৰে মন্তব্য় আগবঢ়ায় (Conference of Baska Srimanta Shankardeva Sangha)। তেওঁ পুনৰ কয়,"এই ধৰ্ম সত্য, প্ৰেম আৰু শান্তিৰ ওপৰত প্ৰতিষ্ঠিত । এই ধৰ্ম অনাদি অনন্ত কাললৈ থাকিব । পৃথিৱীৰ আটাইতকৈ প্ৰযোজ্য, প্ৰাসংগিক আৰু সত্য-সনাতন ধৰ্ম হৈছে হৰি ভক্তি ধৰ্ম।"

শ্ৰীমন্ত শংকৰদেৱ সংঘৰ নৱ-নিৰ্বাচিত পদাধিকাৰ ভবেন্দ্ৰ নাথ ডেকাই কয় যে বিজ্ঞানে এতিয়াও মানুহক অন্ধবিশ্বাস আৰু কু সংস্কাৰৰ পৰা মুক্ত কৰিব পৰা নাই (New president of Srimanta Shankardeva Sangha)। বিজ্ঞানে প্ৰযুক্তিৰ জৰিয়তে আমাৰ জীৱন ধন্য কৰি প্ৰাচুৰ্য আৰু দীৰ্ঘায়ুৰে জাগতিক সুখ প্ৰদান কৰিছে যদিও মানুহক আধ্যাত্মিক সুখ দিব পৰা নাই বুলি তেওঁ মন্তব্য় কৰে । সেইবাবে মানুহে প্ৰাপ্তিৰ পিছতো অপূৰ্ণ হৈ আছে বুলি কয় ।

বাক্সা জিলা শাখাৰ নৱনিৰ্বাচিত সভাপতি চৈতন্য মেধিৰ সভাপতিত্বত অনুষ্ঠিত মুকলি সভাখন উদ্বোধন কৰে বাক্সা জিলা শাখাৰ প্ৰাক্তন সভাপতি গিৰীশ চন্দ্ৰ বৰ্মনে । আদৰণি সমিতিৰ কাৰ্যকৰী সভাপতি তথা বিটিচি পৰিষদৰ অধ্যক্ষ কাতিৰাম বড়োৱে আদৰণি ভাষণ প্ৰদান কৰা সভাখনত সন্মানীয় অতিথি হিচাপে অংশগ্ৰহণ কৰি বিটিচি পাৰিষদ সমষ্টিৰ এমচিএলএ প্ৰদীপ বায়নে মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱক এগৰাকী সমাজ বিজ্ঞানী বুলি অভিহিত কৰি কয় যে শ্ৰীমন্ত শংকৰদেৱৰ জন্ম নহ'লে অসমীয়া জাতিয়ে সঠিক পথ নাপালেহেঁতন । গুৰুজনাৰ আধ্যাত্মিক দৰ্শন হেৰাই গ'লহেঁতেন বুলিও তেওঁ মন্তব্য় কৰি কয়," গুৰুজনাই নিজেই নিজক বিশ্বত প্ৰতিষ্ঠা কৰি থৈ গৈছে । বিশ্বৰ বিভিন্ন প্ৰান্তত গুৰুজনাৰ আদৰ্শ, সংস্কৃতি, আধ্যাত্মিক দৰ্শনক লৈ গৱেষণা আৰম্ভ হৈছে ৷ "

সভাখনত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ শৰণ সদস্য ৰবিৰাম নাথ আৰু প্ৰচাৰক মণিৰাম দাস, কেন্দ্ৰীয় সেৱাবাহিনীৰ মুখ্য অধিনায়ক তপন কুমাৰ ৰায়েও অতিথি হিচাপে অংশগ্ৰহণ কৰি ভাষণ আগবঢ়ায় । সংঘৰ বাক্সা জিলা শাখাৰ সম্পাদক উদ্ধৱ বৈশ্যই আঁতধৰা সভাখনত সহস্ৰাধিক লোক উপস্থিত থাকে ৷ ইয়াৰ পূৰ্বে পুৱা বাক্সা জিলা শাখাৰ নৱনিৰ্বাচিত সভাপতি চৈতন্য মেধিয়ে ধৰ্মধ্বজা উত্তোলন কৰাৰ পিছতে ভাগৱত শোভাযাত্ৰা উলিওৱা হয় ৷

দুই সহস্ৰাধিক ভকত বৈষ্ণৱ আৰু আই-মাতৃয়ে ভাগৱত শোভাযাত্ৰাত হৰি নাম ধ্বনিৰে অঞ্চলটো মুখৰিত কৰি তোলে (Closing ceremony of Conference of Shankardeva Sangha)। ইয়াৰ পিছতে অনুষ্ঠিত প্ৰতিনিধি আৰু বিষয় বাচনি সভাত চৈতন্য মেধিক সভাপতি আৰু হিতেশ বৈশ্যক সম্পাদক হিচাপে লৈ বাক্সা জিলা শাখাৰ নতুন সমিতিখন গঠন কৰা হয় ৷ উল্লেখ্য যে যোৱা ২২ জানুৱাৰীৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰ অনুষ্ঠিত অধিৱেশনখন মঙলবাৰে নিশা সাংস্কৃতিক সমাৰোহেৰে সামৰণি পৰে ৷

লগতে পঢ়ক:Operation against illegal liquor: কি কামত ব্যৱহৃত হৈছে ৰাজ্যৰ স্বচ্ছ ভাৰত মিচনৰ অধীনৰ শৌচালয় ?

ABOUT THE AUTHOR

...view details