Operation against illegal liquor: কি কামত ব্যৱহৃত হৈছে ৰাজ্যৰ স্বচ্ছ ভাৰত মিচনৰ অধীনৰ শৌচালয় ?

author img

By

Published : Jan 25, 2023, 1:25 PM IST

Destroyed liquor and lali gur in Dibrugarh

চৰকাৰী শৌচালয়ৰ নামত ৰাজ্যত এইবোৰ চলিছে কি (Toilets under Swachh Bharat Mission)? জানিবলৈ পঢ়ক আমাৰ এই প্ৰতিবেদন. . .

কি কামত ব্যৱহৃত হৈছে স্বচ্ছ ভাৰত মিচনৰ অধীনৰ শৌচালয়

মৰাণ, 25 জানুৱাৰী : স্বচ্ছ ভাৰত মিচনৰ অধীনত চৰকাৰে দৰিদ্ৰ লোক সকললৈ আগবঢ়াইছে শৌচালয় (Swaccha bharat mission) ৷ স্বচ্ছ ভাৰত মিচনৰ অধীনত দৰিদ্ৰ লোক সকললৈ আগবঢ়োৱা শৌচালয়ক লৈ বিভিন্ন সময়ত সৰৱ চৰ্চা চলা পৰিলক্ষিত হয় ৷ বিশেষকৈ মিচনখনৰ লাভ আদায়ৰ পৰা বঞ্ছিত হোৱা তথা বিভিন্ন বাতৰিয়ে সততে সংবাদ মাধ্যমৰ শীৰ্ষ স্থান দখল কৰা পৰিলক্ষিত হৈ আহিছে ৷ কিন্তু এইবাৰ বিষয়টোৱে সংবাদ মাধ্যমৰ চৰ্চালৈ আহিছে অন্য এক কাৰণতহে ৷

ৰাজ্যৰ স্বচ্ছ ভাৰত মিচনৰ অধীনৰ শৌচালয়ত এইবাৰ ওলাইছে ড্ৰামে ড্ৰামে চুলাই মদ প্ৰস্তুত কৰা সামগ্ৰী (Alcohol making products in toilets) । ঘটনাৰ স্থান ডিব্ৰুগড় জিলাৰ মৰাণৰ সমীপৰ খোৱাং নগাবাৰী ৷ জিলাখনৰ মৰাণৰ সমীপৰ খোৱাং নগাবাৰীৰ এটা শৌচালয়ত উদ্ধাৰ হৈছে ড্ৰামে ড্ৰামে চুলাই মদ প্ৰস্তুত কৰা সামগ্ৰী । হিতাধিকাৰী পৰিয়ালটোৱে স্বচ্ছ ভাৰত মিচনৰ অধীনত লাভ কৰা শৌচালয়টো ব্যৱহাৰ কৰাৰ পৰিৱৰ্তে ড্ৰামে ড্ৰামে ৰাখিছে লালী গুড়কে ধৰি চুলাই প্ৰস্তুত কৰা বিভিন্ন সামগ্ৰী ।

খোৱাং আৰক্ষী আৰু আবকাৰী বিভাগৰ যৌথ অভিযানত শৌচালয়টোৰ পৰা উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে চুলাই প্ৰস্তুত কৰা সামগ্ৰী সমূহ (Operation against illegal liquor in Dibrugarh) । যৌথ অভিযানত দলটোৱে বহু পৰিমাণৰ অবৈধ চুলাই মদসহ চুলাই প্ৰস্তুত কৰা সামগ্ৰী নষ্ট কৰিবলৈ সক্ষম হয় । অভিযানকাৰী দলটোৱে খোৱাঙৰ নগাবাৰী, সাৰুৱাছিগা আদি গাঁ‌ৱত অভিযান চলাই চুলাই প্ৰস্তুত কৰা সামগ্ৰীসমূহ নষ্ট কৰে বুলি জানিবলৈ দিয়ে ।

উল্লেখযোগ্য যে খোৱাং অঞ্চলত অবৈধ মদৰ ব্যৱসায় চলি থকাৰ অভিযোগ উত্থাপিত হৈ আহিছে দীৰ্ঘদিন ধৰি । আবকাৰী বিভাগে বিশেষ গুৰুত্ব আৰোপ নকৰাত অবৈধ মদৰ ব্যৱসায় অঞ্চলটোত অধিক সম্প্ৰসাৰিত হ'বলৈ ধৰিছে বুলি অভিযোগ উত্থাপন কৰিছে স্থানীয় সচেতন ৰাইজে । খোৱাং আৰক্ষীৰ তৎপৰতাতহে আবকাৰী বিভাগে এই অভিযান চলায় বুলি জানিবলৈ পৰা গৈছে ।

ৰাজ্য চৰকাৰে চুলাই প্ৰস্তুত কৰা লালী গুড় ৰাজ্যত নিষিদ্ধ কৰিছে যদিও আজিও ডিব্ৰুগড় জিলাখনত অবৈধ ভাৱে চলি আছে লালী গুৰৰ ৰমৰমীয়া ব্যৱসায় । ফলত জিলাখনৰ চাহ বাগিচা অঞ্চলৰ লগতে গ্ৰাম্য অঞ্চলসমূহতো চুলাই মদৰ অবাধ প্ৰচলন ঘটা দেখিবলৈ পোৱা গৈছে । গণৰাজ্য দিৱসৰ প্ৰাক ক্ষণত আৰক্ষীয়ে চুলাই মদৰ লগতে অবৈধভাৱে বিক্ৰি কৰা বিলাতী সুৰাৰ বিৰুদ্ধে অভিযান চলাইছে যদিও এই মদৰ ব্যৱসায় বন্ধ কৰিবলৈ সক্ষম হয় নে নহয় সেয়া পৰৱৰ্তী সময়ত হ’ব লক্ষণীয় বিষয় ।

লগতে পঢ়ক : Citykart employee commits suicide: ৰঙিয়াত ব্যৱসায়িক প্ৰতিস্থানত কৰ্মৰত কৰ্মচাৰীৰ আত্মহত্যাৰ ঘটনাই সৃষ্টি কৰিছে চাঞ্চল্যৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.