অসম

assam

বাক্সাত ভূমি সংৰক্ষণ বিভাগৰ বৃক্ষ ৰোপণ কাৰ্যসূচী

By

Published : Aug 24, 2019, 4:41 PM IST

Updated : Aug 24, 2019, 5:01 PM IST

শনিবাৰে কালানৈৰ পাৰৰ ঢেকিয়ালবষ্টি গাঁৱৰ প্ৰায় ৬৫ বিঘা চৰকাৰী ভূমিত বৃক্ষ ৰোপণ আঁচনিখনৰ শুভাৰম্ভ কৰে অসমৰ সমাজ কল্যাণ আৰু ভূমি সংৰক্ষণ বিভাগৰ মন্ত্ৰী প্ৰমিলা ৰাণী ব্ৰহ্মই ।

বাক্সাত ভূমি সংৰক্ষণ বিভাগৰ বৃক্ষ ৰোপণ কাৰ্যসূচী

বাক্সা,24আগষ্টঃ বাক্সাৰ তামুলপুৰ মহকুমাৰ কুমাৰীকাটা বনাঞ্চলিক কাৰ্যালয়ৰ অন্তৰ্গত কুমাৰীকাটাৰ ঢেকীয়াবষ্টিত অসম চৰকাৰৰ ভূমি সংৰক্ষণ বিভাগৰ উদ্যোগত এট বৃক্ষ ৰোপণ কাৰ্যসূচী ৰূপায়ণ কৰা হয় । শনিবাৰে কালানৈৰ পাৰৰ ঢেকিয়ালবষ্টি গাঁৱৰ প্ৰায় ৬৫ বিঘা চৰকাৰী ভূমিত বৃক্ষ ৰোপন আঁচনিখনৰ শুভাৰম্ভ কৰে অসমৰ সমাজ কল্যাণ আৰু ভূমি সংৰক্ষণ বিভাগৰ মন্ত্ৰী প্ৰমিলা ৰাণী ব্ৰহ্মই । অসমৰ বিভিন্ন প্ৰান্তত গৰাহখনীয়া ৰোধৰ বাবে এনে ধৰণৰ আঁচনি গ্ৰহণ কৰা হৈছে বুলি জনায় মন্ত্ৰী গৰাকীয়ে ।

বাক্সাত ভূমি সংৰক্ষণ বিভাগৰ বৃক্ষ ৰোপণ কাৰ্যসূচী

ইপিনে বৃক্ষ ৰোপণ কাৰ্যসূচীত মন্ত্ৰী গৰাকীক সংগ দিয়ে তামুলপুৰৰ বিধায়ক ইমানুৱেল মুছাহাৰী, ভূমি বিভাগৰ বিটিচিৰ কাৰ্যবাহী সদস্য জগদীশ সৰকাৰ, বিটিচিৰ কাৰ্যবাহী সদস্য দেবেন বড়ো আৰু বিপিএফৰ বিভিন্ন পৰ্যায়ৰ নেতা কৰ্মীৰ লগতে স্থানীয় ৰাইজে ৷

Intro:বাক্সাৰ কুমাৰীকাটাৰ ভূমি সংৰক্ষণ বিভাগৰ বৃক্ষ ৰোপণ কাৰ্য্যসূচী ।


Body:বাক্সা জিলাৰ তামুলপুৰ মহকুমাৰ কুমাৰীকাটা বনাঞ্চলিক কাৰ্যালয়ৰ অন্তৰ্গত কুমাৰীকাটাৰ ঢেকীয়াবষ্টিত (আঙৰকাটা)অসম চৰকাৰৰ ভূমি সংৰক্ষণ বিভাগৰ উদ্যোগত এট বৃক্ষ ৰোপণ কাৰ্য্যসূচী ৰূপায়ণ কৰা হয় । শনিবাৰে পুৱা দহ বজাত কালানদীৰ পাৰৰ ঢেকিয়ালবষ্টিত গাঁৱৰ প্ৰায় ৬৫ বিঘা চৰকাৰী ভূমিত ৮ কোটি টকীয়া বৃক্ষ ৰোপন আচনী খনৰ শুভাৰম্ভ কৰে অসমৰ সমাজ কল্যাণ আৰু ভূমি সংৰক্ষণ বিভাগৰ মন্ত্ৰী প্ৰমিলা ৰাণী ব্ৰহ্মই । কুমাৰীকাটাৰ ঢেকিয়ালবষ্টিত মুকলি কৰা আচনীখন ৰক্ষণাবেক্ষণ দিয়াৰ ক্ষেত্ৰত ৰাইজক দায়িত্ব লবলৈ মন্ত্ৰী গৰাকীয়ে আহ্বান জনায় অসমৰ বিভিন্ন প্ৰান্তত নদীৰ গৰাহখনীয়া ৰোধৰ বাবে এনে ধৰণৰ আচনী গ্ৰহণ কৰা বুলি মন্ত্ৰী গৰাকীয়ে সদৰী কৰে ।
আনহাতে মন্ত্ৰী গৰাকীয়ে কোকৰাঝাৰৰ সাংসদ নৱ কুমাৰ শৰণীয়াক সকিয়নী দি কয় যে তেওঁ যি কৰি আছে কব লগীয়া নাই কিন্তু বিটিএডি অঞ্চলত যাতে কোনো ধৰণৰ উত্তপ্ত পৰিস্থিতি সৃষ্টি নকৰিবলৈ আহ্বান জনায় ।


Conclusion:আজিৰ বৃক্ষ ৰোপণ কাৰ্য্যসূচীত মন্ত্ৰী গৰাকীক সংগ দিয়ে তামুলপুৰৰ বিধায়ক ইমানুৱেল মুছাহাৰী, ভূমি বিভাগৰ বিটিচিৰ কাৰ্য্যবাহী সদস্য জগদীশ সৰকাৰ, বিটিচিৰ কাৰ্য্যবাহী সদস্য দেবেন বড়ো ,স্থানীয় এম চি এল এ বিজিৎ গৌৰা নাৰ্জাৰীৰ আৰু বিপিএফ দলৰ বিভিন্ন পৰ্যায়ৰ নেতা কৰ্মীৰ লগতে স্থানীয় ৰাইজেও উপস্থিত থাকি সভাৰ সৌষ্ঠৱ বৃদ্ধি কৰে ।

ভাষ্য :

বাক্সাৰ পৰা অজিত ৰাভা
ইটিভি ভাৰত অসম ।
Last Updated :Aug 24, 2019, 5:01 PM IST

ABOUT THE AUTHOR

...view details