স্পৰ্টছ ডেস্ক, ৩১ জুলাই: "মোক ক্ষমা কৰিব ভাৰতৰ ৰাইজ, মই এইবাৰ অলিম্পিকত দেশত গৌৰৱান্বিত কৰিব নোৱাৰিলো" । আৰ্চাৰীৰ পুৰুষৰ একক প্ৰতিযোগিতাৰ ১/৮ এলিমিনেশ্যন ৰাউণ্ডত পৰাজিত হোৱাৰ পাছতে এইদৰে ক্ষমা বিচাৰে ভাৰতৰ আৰ্চাৰ অতনু দাসে । শনিবাৰে য়ুমেনোছিমা পাৰ্কত অনুষ্ঠিত প্ৰতিযোগিতাত জাপানৰ আৰ্চাৰ তাকাহাৰু ফুৰুকাৱাই ৬-৪ পইণ্টৰ ব্যৱধানত পৰাস্ত কৰে ২৯ বছৰীয়া ভাৰতীয় আৰ্চাৰগৰাকীক । লগতে কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰে জাপানৰ তাকাহাৰু ফুৰুকাৱাই ।
পৰাস্ত হোৱাৰ পাছত ভাৰতবাসীৰ ওচৰত ক্ষমা বিচাৰে অতনু দাসে । টুইটযোগে তেওঁ কয় যে, তেওঁ ভাৰতলৈ গৌৰৱ কঢ়িয়াই অনাত ব্যৰ্থ হৈছে । এই পৰ্যন্ত সংবাদ মাধ্যম, স্পৰ্টছ অথৰিটী অৱ ইণ্ডিয়া, ভাৰতীয় আৰ্চাৰী, টি অ' পি এছে সমৰ্থন আগবঢ়াই আছে বুলিও তেওঁ টুইটটোত উল্লেখ কৰে । তেওঁ লগতে উল্লেখ কৰে যে, এই পৰাজয়ৰ বাবে হতাশ হোৱাৰ পৰিৱৰ্তে তেওঁলোক আগবাঢ়ি যোৱা উচিত ।