ETV Bharat / sports

Tokyo Olympics: ডিচকাছ থ্ৰ'ৰ ফাইনেলত প্ৰৱেশ কমলপ্ৰীত কৌৰ

author img

By

Published : Jul 31, 2021, 9:49 AM IST

Updated : Jul 31, 2021, 10:55 AM IST

টকিঅ' অলিম্পিকত (Tokyo Olympics) ভাৰতীয় খেলুৱৈৰ চমক । ডিচকাছ থ্ৰ'ৰ ফাইনেলৰ বাবে যোগ্যতা অৰ্জন কৰিলে ভাৰতীয় খেলুৱৈ কমলপ্ৰীত কৌৰে । 'গ্ৰুপ A'ৰ ষষ্ঠ স্থানত থাকে ভাৰতৰ সীমা পুণিয়া ।

Tokyo Olympics, Day 9: Discus thrower Kamalpreet Kaur qualifies for finals
Tokyo Olympics: ডিচকাছ থ্ৰ'ৰ ফাইনেলত প্ৰৱেশ কমলপ্ৰীত কৌৰ

স্পৰ্টছ ডেস্ক, ৩১ জুলাই : দুৰ্দান্ত প্ৰদৰ্শনেৰে টকিঅ' অলিম্পিকৰ (Tokyo Olympics) কেইবাটাও খেলত চমক দেখুৱাবলৈ সক্ষম হৈছে ভাৰতীয় খেলুৱৈয়ে । ডিচকাছ থ্ৰ'ৰ চূড়ান্ত প্ৰতিযোগিতাত নিজৰ স্থান নিশ্চিত কৰিলে ভাৰতীয় খেলুৱৈ কমলপ্ৰীত কৌৰে (Kamalpreet Kaur)। ৬০.২৯, ৬৩.৯৭, ৬৪.০০ পইণ্টেৰে 'গ্ৰুপ B'ত দ্বিতীয় স্থানত থাকে খেলুৱৈগৰাকী । আনহাতে, 'গ্ৰুপ A'ৰ ষষ্ঠ স্থানত থাকে ভাৰতৰ সীমা পুণিয়া (Seema Punia)।

তেওঁৰ প্ৰথম প্ৰচেষ্টাক গ্ৰহণযোগ্য নহয় বুলি ঘোষণা কৰা হয় । দ্বিতীয় প্ৰচেষ্টাত ৬০.৫৭ মিটাৰ আৰু তৃতীয় প্ৰচেষ্টাত ৫৮.৯৩ মিটাৰ দূৰত্বতে থমকি ৰ'বলগীয়া হয় খেলুৱৈগৰাকী । খেলৰ নিয়ম অনুসৰি, খেলুৱৈসকলে ফাইনেল কেলৰ বাবে পোনপটীয়াকৈ যোগ্যতা অৰ্জনৰ বাবে ৬৪ মিটাৰ দূৰত্বত ডিচকাছ থ্ৰ' কৰিব লাগিব ।

ইয়াৰ পূৰ্বে, অভিজ্ঞ খেলুৱৈগৰাকীয়ে ৰাষ্ট্ৰীয় আন্তঃৰাজ্যিক এথলেটিকছ চেম্পিয়নশ্বিপৰ (National Inter-State Athletics Championships) বাবে যোগ্যতা অৰ্জন কৰিছিল আৰু ৬৩.৭০ মিটাৰ দূৰত্বত ডিচকাছ থ্ৰ' কৰিছিল ।

লগতে পঢ়ক:Tokyo Olympics: ভাৰতৰ পুৰুষ হকী দলে পৰাভূত কৰিলে জাপানক

Last Updated :Jul 31, 2021, 10:55 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.