Tokyo Olympics: ভাৰতৰ পুৰুষ হকী দলে পৰাভূত কৰিলে জাপানক

author img

By

Published : Jul 30, 2021, 10:14 PM IST

Tokyo Olympics

টকিঅ' অলিম্পিকত সুন্দৰ খেল প্ৰদৰ্শনৰ ধাৰা অব্যাহত ৰাখিছে ভাৰতীয় পুৰুষ হকী দলে । শুকুৰবাৰে ৫-৩ গ'লত জাপানক পৰাস্ত কৰে ভাৰতীয় দলটোৱে।

স্পৰ্টছ ডেস্ক, ৩০ জুলাই: শুকুৰবাৰে চতুৰ্থখন খেলতো বিজয়ী হ'ল ভাৰতীয় পুৰুষ হকী দল । ভাৰতৰ হাতত পৰাজয় বৰণ কৰিলে জাপানৰ হকী দলে । ৫-৩ গ'লত জাপানক পৰাস্ত কৰে ভাৰতীয় দলটোৱে । চতুৰ্থখন খেলত জয় লাভ কৰি মেগা ইভেণ্টৰ কোৱাৰ্টাৰ ফাইনেলত ভাৰতৰ অংশগ্ৰহণ নিশ্চিত কৰে ভাৰতীয় হকী দলে ।

জাপানে তিনিটা গ'ল দিছিল । কিন্তু ভাৰতীয় খেলুৱৈসকলে নিজৰ জয় নিশ্চিত কৰাৰ দিশত আগবাঢ়ি যাবলৈ সক্ষম হয় । তৃতীয় কোৱাৰ্টাৰ শেষ হোৱাৰ মাত্ৰ দুই মিনিট আগতে, ভাৰতে দ্বিতীয় পেনাল্টি কৰ্ণাৰ লাভ কৰে । দুয়োটা দলৰে আৰম্ভণি সন্তোষজনক আছিল যদিও মনপ্ৰীত সিঙৰ নেতৃত্বত ভাৰতীয় দলটোৱে ১৩ মিনিটত প্ৰথমটো গ'ল দিবলৈ সক্ষম হয় ।

গুৰজন্ত সিঙে তাৰ পিছত দ্বিতীয় কোৱাৰ্টাৰৰ আৰম্ভণিতে আন এটা গ'ল দিয়ে ।

অৱশ্যে, তানাকাই জাপানৰ হৈ প্ৰথমে এটা গ'ল দিয়ে । মুঠ তিনিটা গ'ল দিয়ে দলটোৱে । তৃতীয় কোৱাৰ্টাৰ শেষত ভাৰতীয় দলটোৱে ৩-২ গ'ল নিশ্চিত কৰে । চূড়ান্ত কোৱাৰ্টাৰত নীলকান্ত শৰ্মাই ভাৰতৰ অগ্ৰগতি দুগুণ বঢ়াত সহায় কৰে আৰু ভাৰতীয় দলৰ জয় নিশ্চিত হয় ।

লগতে পঢ়ক:বেডমিন্টনত মহিলাৰ একক শাখাৰ ছেমি ফাইনেলত প্ৰৱেশ পি ভি সিন্ধুৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.