অসম

assam

Tokyo Olympics : আৰ্চাৰীৰ মিক্সড ডাবলছৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ দীপিকা-প্ৰবীণৰ

By

Published : Jul 24, 2021, 1:42 PM IST

টকিঅ' অলিম্পিক(Tokyo Olympics)ত আৰ্চাৰীৰ মিক্সড ডাবলছৰ(Mixed team event)ৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিলে ভাৰতীয় আৰ্চাৰ দীপিকা কুমাৰী আৰু প্ৰবীণ যাদৱে । ১/৮ এলিমিনেটৰ ৰাউণ্ডত চীনা টাইপেইৰ যুটিক ৫-৩ ত পৰাস্ত কৰে ভাৰতীয় আৰ্চাৰ দুগৰাকীয়ে ।

Deepika, Pravin Qualify for archery mixed team event quarterfinal
আৰ্চাৰীৰ মিক্সড টীম ইভেণ্টৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ দীপিকা আৰু প্ৰবীণৰ

স্প’ৰ্টছ ডেস্ক, ২৪ জুলাই: চীনা টাইপেইৰ বিৰুদ্ধে দীপিকা কুমাৰী আৰু প্ৰবীণ যাদৱৰ শক্তিশালী প্ৰদৰ্শনে আৰ্চাৰী(Archery)ৰ আৰ্চাৰীৰ মিক্সড ডাবলছৰ(Mixed team event) ৰ কোৱাৰ্টাৰ ফাইনেলত ভাৰতৰ বাবে প্ৰৱেশৰ পথ প্ৰশস্ত কৰে । টকিঅ' অলিম্পিকৰ দ্বিতীয় দিনটোত বিভিন্ন খেলত ভাৰতীয় খেলুৱৈসকলে নিজৰ জয় নিশ্চিত কৰিছে । আৰ্চাৰী(Archery)ৰ মিক্সড টীম ইভেণ্টতো সুন্দৰ প্ৰদৰ্শন আগবঢ়ায় দীপিকা কুমাৰী আৰু প্ৰবীণ যাদৱে ।

১/৮ এলিমিনেটৰ ৰাউণ্ডত চীনা টাইপেইৰ যুটিক ৫-৩ ত পৰাস্ত কৰে ভাৰতীয় আৰ্চাৰ দুগৰাকীয়ে । দীপিকা কুমাৰী আৰু প্ৰবীণ যাদৱ প্ৰথমতে ১-৩ ত পিছ পৰি আছিল । কিন্তু পাছত কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিবলৈ সক্ষম হয় ।

মিক্সড টীম ইভেণ্টত এইবাৰ কোৰিয়া আৰু বাংলাদেশৰ আৰ্চাৰৰ বিৰুদ্ধে প্ৰতিযোগিতাত নামিব দীপিকা আৰু প্ৰবীণ ।

লগতে পঢ়ক: Tokyo Olympics : আৰ্চাৰীত মহিলাৰ একক ৰেংকিং ৰাউণ্ডৰ নৱম স্থানত দীপিকা কুমাৰী

ABOUT THE AUTHOR

...view details