অসম

assam

WWF Cancels WFI Membership : বিশ্ব কুস্তি ফেডাৰেচনে বাতিল কৰিলে ভাৰতীয় কুস্তি ফেডাৰেচনৰ সদস্যপদ

By ETV Bharat Assamese Team

Published : Aug 24, 2023, 6:12 PM IST

বিশ্ব কুস্তি ফেডাৰেচনে ভাৰতীয় কুস্তি ফেডাৰেচনৰ সদস্য পদ বাতিল কৰিছে । যাৰ বাবে অহা ১৬ ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ'বলগা অলিম্পিক কোৱালিফায়িং বিশ্ব চেম্পিয়নশ্বিপত ভাৰতীয় মল্লযোদ্ধাসকলে ইয়াৰ পৰিণাম ভুগিব লগা হৈছে ।

WWF Cancels WFI Membership
WWF Cancels WFI Membership

স্পৰ্টছ ডেস্ক, ২৪ আগষ্ট : ভাৰতীয় কুস্তি ফেডাৰেচনে (ডব্লিউএফআই) শেহতীয়া ব্ৰীজভূষণ শৰণ সিং বিতৰ্কৰ এক ডাঙৰ ক্ষতিৰ সন্মুখীন হোৱাৰ সম্ভাৱনা আছে । কিয়নো বিশ্ব কুস্তি ফেডাৰেচনে (ডব্লিউএফআই) ভাৰতীয় কুস্তি ফেডাৰেচনৰ (ডব্লিউএফআই) সদস্যপদ বাতিল কৰিছে । প্ৰাপ্ত তথ্য মতে, ভাৰতীয় কুস্তি ফেডাৰেচনৰ সদস্যপদ বাতিল কৰাৰ মূল কাৰণ হিচাপে ভাৰতীয় সংস্থাটোৱে নিৰ্বাচন অনুষ্ঠিত নকৰাৰ কথা উল্লেখ কৰা হৈছে । এনে পৰিস্থিতিত ভাৰতীয় মল্লযোদ্ধাসকলে আগন্তুক বিশ্ব কুস্তি চেম্পিয়নশ্বিপত ভাৰতৰ বেনাৰত খেলিব নোৱাৰিব ।

প্ৰাপ্ত তথ্যত এইটোও কোৱা হৈছে যে ভাৰতীয় মল্লযোদ্ধাসকলে ইয়াৰ ফলত অহা ১৬ ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ'বলগীয়া অলিম্পিক কোৱালিফায়িং বিশ্ব চেম্পিয়নশ্বিপত নিৰপেক্ষ খেলুৱৈ হিচাপে অংশগ্ৰহণ কৰিব লাগিব আৰু তেওঁলোকক ভাৰতীয় দলৰ খেলুৱৈ হিচাপে গণ্য কৰা নহ'ব ।

উল্লেখ্য যে ভাৰতীয় কুস্তি ফেডাৰেচনৰ প্ৰাক্তন সভাপতি ব্ৰীজভূষণ শৰণ সিঙৰ কাৰ্যকাল বহু আগতেই সমাপ্ত হৈছে । কিন্তু ইয়াৰ পিছত কুস্তি ফেডাৰেচনৰ নিৰ্বাচন অনুষ্ঠিত কৰাৰ বাবে বহু চেষ্টা কৰা হয় যদিও উচ্চতম ন্যায়ালয়ৰ হস্তক্ষেপ আৰু উচ্চ ন্যায়ালয়ৰ বিভিন্ন আবেদনৰ বাবে এই নিৰ্বাচন স্থগিত কৰা হৈছিল । সেইকাৰণে ভাৰতত এতিয়াও কুস্তি সংস্থাৰ নিৰ্বাচন অনুষ্ঠিত হোৱা নাই । কিন্তু এতিয়া ভাৰতীয় খেলুৱৈসকলে ইয়াৰ পৰিণাম ভোগ কৰিব লাগিব ।

আনহাতে, ২০২৩ চনৰ জুন মাহত ভাৰতীয় কুস্তি ফেডাৰেচনৰ নিৰ্বাচন অনুষ্ঠিত হোৱাৰ কথা আছিল । কিন্তু উচ্চ ন্যায়ালয়ে মল্লযোদ্ধাসকলৰ আন্দোলন আৰু তাৰ পিছত বিভিন্ন ৰাজ্যৰ কুস্তি সংগঠনে আদালতত দাখিল কৰা আবেদনৰ বাবে নিৰ্বাচন স্থগিত ৰাখিছিল । ইয়াৰ পিছত ভাৰতীয় কুস্তি ফেডাৰেচনৰ ১৫ টা পদৰ বাবে নিৰ্বাচন ১২ আগষ্টত অনুষ্ঠিত কৰাৰ চিন্তা কৰা হৈছিল আৰু ইয়াৰ বাবে দলবোৰেও প্ৰস্তুতি চলাইছিল । আনহাতে, উত্তৰ প্ৰদেশৰ পৰা বিদায়ী ভাৰতীয় কুস্তি ফেডাৰেচনৰ মুৰব্বী ব্ৰীজভূষণ শৰণ সিঙেও তেওঁৰ ঘনিষ্ঠ সহযোগী সঞ্জয় সিঙকে ধৰি চাৰিজন প্ৰাৰ্থীৰ মনোনয়ন দাখিল কৰিছিল ।

লগতে পঢ়ক :FIDE World Cup final : ফিডে দবা বিশ্বকাপত ভাৰতৰ ১৮ বছৰীয়া গ্ৰেণ্ডমাষ্টাৰ প্ৰজ্ঞানন্দৰ সন্মুখত সুন্দৰ সুযোগ

ABOUT THE AUTHOR

...view details