ETV Bharat / sports

FIDE World Cup final : ফিডে দবা বিশ্বকাপত ভাৰতৰ ১৮ বছৰীয়া গ্ৰেণ্ডমাষ্টাৰ প্ৰজ্ঞানন্দৰ সন্মুখত সুন্দৰ সুযোগ

author img

By ETV Bharat Assamese Team

Published : Aug 24, 2023, 10:30 AM IST

ফিডে দবা বিশ্বকাপত ভাৰতৰ প্ৰদৰ্শন সন্দৰ্ভত সঞ্জয়ে কয় যে, ভাৰতৰ দবাৰ ভৱিষ্যত উজ্জ্বল । লক্ষণীয়ভাৱে এইবাৰ আঠজন কোৱাৰ্টাৰ ফাইনেলিষ্টৰ ভিতৰত চাৰিজন ভাৰতীয় আছিল । ইয়াৰ ভিতৰত আছিল প্ৰজ্ঞানন্দ, গুকেশ ডি, বিদিত গুজৰাথি আৰু অৰ্জুন এৰিগাইচি ।

FIDE World Cup final
FIDE World Cup final

স্পৰ্টছ ডেস্ক, ২৪ আগষ্ট : নিখিল ভাৰত দবা ফেডাৰেচনৰ (All India Chess Federation, AICF) সভাপতি সঞ্জয় কাপুৰে বুধবাৰে কয় যে, বিশ্বৰ এক নম্বৰ দবা খেলুৱৈ মেগনাছ কাৰ্লছেনে আৰ প্ৰজ্ঞানন্দৰ বিৰুদ্ধে আন্তৰ্জাতিক দবা ফেডাৰেচন (FIDE) বিশ্বকাপৰ ফাইনেলৰ দ্বিতীয়খন খেলৰ সময়ত আক্ৰমণাত্মক হ'ব পাৰে । তেওঁ সুযোগ ল'ব পাৰে আৰু বৃহস্পতিবাৰে টাই ব্ৰেকাৰত ১৮ বছৰীয়া ভাৰতীয় গ্ৰেণ্ডমাষ্টাৰ বিজয়ী হিচাপে আত্মপ্ৰকাশ কৰিব বুলি তেওঁৰ বিশ্বাস ব্যক্ত কৰে ।

ফেডাৰেচন ইণ্টাৰনেচনেল ডেছ ইচেক্স (Federation Internationale des Echecs, FIDE) বিশ্বকাপৰ ফাইনেলত ভাৰতীয় গ্ৰেণ্ডমাষ্টাৰ আৰ প্ৰজ্ঞানন্দ আৰু নৰৱেৰ বিশ্বৰ শীৰ্ষস্থানৰ মেগনাছ কাৰ্লছেনৰ মাজত অনুষ্ঠিত ক্লাছিকেল চেছৰ দ্বিতীয়খন খেল বুধবাৰে অমীমাংসিতভাৱে সমাপ্ত হয় । যাৰ বাবে বৃহস্পতিবাৰে প্ৰতিযোগিতাখনৰ বিজয়ীৰ সিদ্ধান্ত লোৱা হ'ব । এই দুগৰাকী দবা তাৰকাৰ মাজৰ প্ৰতিযোগিতাখন এতিয়া টাই-ব্ৰেকাৰলৈ আগবাঢ়িছে ।

"আজি কাৰ্লছেনৰ বগা গুটি আছিল আৰু প্ৰজ্ঞানন্দৰ আছিল ক'লা । মেগনাছে আক্ৰমণাত্মক হৈ সুযোগ ল'ব পাৰিলেহেঁতেন । কিন্তু তেওঁ নকৰিলে । এইটো আমাৰ যুৱ তাৰকা প্ৰজ্ঞাৰ (প্ৰজ্ঞানন্দ) বাবে এক ডাঙৰ কৃতিত্ব । যেতিয়া আপুনি তেওঁৰ দৰে এজন যুৱ খেলুৱৈয়ে ইমান ভাল খেলা, মেগনাছৰ বিৰুদ্ধে খেল ড্ৰ’ কৰা প্ৰত্যক্ষ কৰে, ইয়াৰ অৰ্থ হৈছে যে তেওঁ মেগনাছৰ সমতুল্য খেল খেলিছে ।" এএনআইৰ সৈতে এক সাক্ষাৎকাৰত এআইচিএফৰ মুৰব্বীয়ে কয় ।

ফিডে দবা বিশ্বকাপত ভাৰতৰ প্ৰদৰ্শন সন্দৰ্ভত সঞ্জয়ে কয় যে, ভাৰতৰ দবাৰ ভৱিষ্যত উজ্জ্বল । লক্ষণীয়ভাৱে এইবাৰ আঠজন কোৱাৰ্টাৰ ফাইনেলিষ্টৰ ভিতৰত চাৰিজন ভাৰতীয় আছিল । ইয়াৰ ভিতৰত আছিল প্ৰজ্ঞানন্দ, গুকেশ ডি, বিদিত গুজৰাথি আৰু অৰ্জুন এৰিগাইচি । গুকেশ কাৰ্লছেনৰ হাতত পৰাজিত হয় আৰু বিদিত আজাৰবাইজানৰ নিজাত আবাচোভৰ হাতত পৰাস্ত হয় । আনহাতে, প্ৰজ্ঞানন্দই অৰ্জুনক পৰাস্ত কৰি ছেমি ফাইনেলত উপনীত হয় । ছেমি ফাইনেলত তেওঁ আমেৰিকাৰ ফাবিয়ানো কাৰুয়ানাক পৰাস্ত কৰে ।

"যোৱা বছৰ অলিম্পিয়াডত আমি পুৰুষ আৰু মহিলা দুয়োটা দলৰ প্ৰতিযোগিতাত পোডিয়াম ফিনিছ পাইছিলোঁ (দুয়োটা শ্ৰেণীতে ব্ৰঞ্জৰ পদক) । এইটো পূৰ্বতে কেতিয়াও হোৱা নাছিল । এতিয়া আমাৰ যুৱ দবাৰুসকলে ফলাফল দেখুৱাবলৈ আৰম্ভ কৰিছে । ভাৰতে বহু দিনৰ পিছত ভাল ফলাফল দেখুৱাবলৈ আৰম্ভ কৰিছে । সকলোৱে আমাৰ চেম্পিয়ন বিচিক (বিশ্বনাথন আনন্দ) জানে, কিন্তু এতিয়া মই অনুভৱ কৰোঁ যে আমাৰ দবাৰ ভৱিষ্যত উজ্জ্বল । তেওঁলোকৰ দ্বাৰা সুন্দৰ প্ৰদৰ্শন, কোৱাৰ্টাৰ ফাইনেললৈ উন্নীত হোৱা সকলোৱে যথেষ্ট প্ৰশংসাৰ পাত্ৰ । এখন খেলত জয় বা পৰাজয়েৰে কোনোবা এজনক জুখিব নোৱাৰি । ভাৰতীয় হিচাপে আঠজন কোৱাৰ্টাৰ ফাইনেলিষ্টৰ ভিতৰত চাৰিজন থকাটো গৌৰৱৰ বিষয় ।" সঞ্জয়ে লগতে কয় ।

আনহাতে, ১৮ বছৰীয়া প্ৰতিশ্ৰুতিসম্পন্ন দবাৰুজনৰ সৈতে তেওঁৰ সম্পৰ্কৰ বিষয়ে সঞ্জয়ে কয়, "মোৰ বাবে তেওঁ মোৰ পুত্ৰৰ দৰে । তেওঁ এগৰাকী ভাল শিশু । যেতিয়াই মই তেওঁক দেখা পাওঁ, মোৰ তেওঁক আলিংগন কৰিবলৈ মন যায় । সেই অনুভৱটো কেৱল কথাৰে ব্যাখ্যা কৰিব নোৱাৰি । তেওঁৰ মাতৃ আৰু পিতৃয়ে মোক দেখিলে সঁচাকৈয়ে সুখী অনুভৱ কৰে । যেতিয়াই মই তেওঁক লগ কৰিবলৈ আহোঁ, মই তেওঁক সোধো যে তেওঁ কিবা বিচাৰে নেকি । তেওঁ কয় যে 'আপুনি ইয়াত আছে, সেয়াই সকলো' ।

বৃহস্পতিবাৰে অনুষ্ঠিত হ'বলগীয়া টাই ব্ৰেকাৰ সন্দৰ্ভত এআইচিএফৰ মুৰব্বীগৰাকীয়ে কয় যে প্ৰজ্ঞানন্দই দেশৰ বাবে, দেশৰ দবা খেলুৱৈ আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বাবে জয়ী হ'ব লাগে, যাক তেওঁ 'ভাৰতীয় দবাক আশীৰ্বাদ' দিয়াৰ বাবে কৃতিত্ব দিয়ে ।

"তেওঁ (প্ৰজ্ঞানন্দ) জিকিব, ইয়াত কোনো দ্বিমত নাই । ইয়াত কোনো বিকল্প প্ৰশ্ন নাই । মই বিচাৰোঁ তেওঁ জিকিব । তেওঁ আমাৰ দেশৰ পুত্ৰ, তেওঁ জিকিব লাগিব । আমাৰ প্ৰধানমন্ত্ৰীৰ এক সোণালী স্পৰ্শ আছে, যিটো আনক অনুপ্ৰাণিত কৰাৰ এক উপায় । তেওঁৰ কাৰণেই আমি ইমান ভাল কৰি আছোঁ । যেতিয়া আপুনি তেওঁক লগ পায়, আপুনি উৎসাহিত অনুভৱ কৰে । তেওঁ আশীৰ্বাদ দিয়াৰ পিছৰে পৰা ভাৰতীয় দবাখেলৰ চেহেৰা সলনি হৈছে । গতিকে আমি এই প্ৰতিযোগিতা তেওঁৰ বাবে, এনে গতিশীল প্ৰধানমন্ত্ৰীৰ বাবে, প্ৰতিজন ভাৰতীয়ৰ বাবে আৰু এই দেশৰ প্ৰতিজন দবা খেলুৱৈৰ বাবে জিকিব লাগিব ।" সামৰণিত তেওঁ কয় ।

লগতে পঢ়ক :ODI world cup 2023 : ভাৰতৰ বিশ্বকাপ প্ৰস্তুতিৰ ডাঙৰ মঞ্চ এছিয়া কাপ; টিম ছাউদী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.