অসম

assam

Uber Cup 2022 : কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ ভাৰতীয় শ্বাৰ্টলাৰ পি ভি সিন্ধু বাহিনীৰ

By

Published : May 10, 2022, 2:28 PM IST

বেংককত অনুষ্ঠিত হৈছে বিডব্লিউএফ উবেৰ কাপ ২০২২ (BWF Uber Cup 2022)। এই প্ৰতিযোগিতাত জয় ধাৰা অব্যাহত ভাৰতৰ । আমেৰিকাক পৰাস্ত কৰি কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ ভাৰতীয় দলৰ ।

Uber Cup 2022
কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ ভাৰতীয় পি ভি সিন্ধু বাহিনীৰ

স্পৰ্টছ ডেস্ক,১০ মে':বিশ্ব ক্ৰীড়াত ভাৰতীয় বেডমিণ্টন খেলুৱৈৰ দপদপনি । এইবাৰ আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাত ভাৰতীয় বেডমিণ্টন খেলুৱৈৰ জয়োল্লাস । শক্তিশালী আমেৰিকাক পৰাস্ত কৰি উবেৰ কাপৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ ভাৰতীয় দলৰ (India seals quarterfinal in Uber cup)।

শেহতীয়াকৈ বেংককত অনুষ্ঠিত হৈছে বিডব্লিউএফ উবেৰ কাপ ২০২২ (BWF Uber Cup 2022)। এই প্ৰতিযোগিতাত ভাৰতৰ হাতত ৪-১ পইণ্টত পৰাস্ত আমেৰিকা (India beat America team in Uber Cup)। জয়ৰ নেতৃত্ব দিলে ভাৰতীয় বেডমিণ্টন খেলুৱৈ পি ভি সিন্ধুৱে ।

গ্ৰুপ ডি'ৰ খেলত বিশ্বৰ ৭ নং স্থানত থকা পি ভি সিন্ধুৱে আমেৰিকাৰ জেনি গাইৰ (Jennie Gai) বিৰুদ্ধে বিজয় সাব্যস্ত কৰে । ২৬ মিনিট ধৰি চলা খেলখনত ২১-১০, ২১-১১ পইণ্টত বিজয় সাব্যস্ত কৰে সিন্ধুৱে । আনফালে দ্বিতীয় সংঘৰ্ষত ভাৰতীয় মহিলাৰ যুটি তানিশা ক্ৰেষ্টো আৰু ট্ৰিছা জলীয়ে ৩৪ মিনিটৰ এখন ৰোমাঞ্চকৰ খেলত আমেৰিকাৰ ফ্ৰান্সেস্কা কৰ্বেট আৰু এলিচন লীক ২১-১৯, ২১-১০ ব্যৱধানত পৰাস্ত কৰে ।

আকৰ্ষি কাশ্যপেও তৃতীয় খন খেলত এস্থেৰ ছিৰ বিৰুদ্ধে বিজয় সাব্যস্ত কৰে । আমেৰিকা যুক্তৰাষ্ট্ৰৰ খেলুৱৈগৰাকীয়ে ৩৪ মিনিটত ১৮-২১, ১১-২১ ব্যৱধানত পৰাস্ত হয় ।

অৱশ্যে ভাৰতীয় শ্ৰুতি মিশ্ৰ আৰু চিমৰণ সিঙিৰ যুটিয়ে আশানুৰূপ ফল দেখুৱাব নোৱাৰিলে । চতুৰ্থখন খেলত আমেৰিকাৰ লৰেন লাম আৰু কোডি টাং লীৰ হাতত পৰাজিত হয় ভাৰতীয় যুটি । প্ৰথমখন খেলত ১২-২১ পইণ্টত পৰাজিত হোৱাৰ পাছত ভাৰতীয় যুটিটোৱে দ্বিতীয়খন খেলত ২১-১৭ ত জয়লাভ কৰি প্ৰত্যাৱৰ্তন কৰে । কিন্তু আমেৰিকা যুক্তৰাষ্ট্ৰৰ যুটিটোৱে তৃতীয় খন খেলত ২১-১৩ পইণ্টত বিজয় সাব্যস্ত কৰে ।

চতুৰ্থ খেলত নিৰাশ হ'লেও অন্তিম খেলত পুনৰ জয়েৰে কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰে ভাৰতীয় দলটোৰ । চূড়ান্ত খেলখনত অস্মিতা চলিহাই নাটালি চিৰ বিৰুদ্ধে অৱতীৰ্ণ হয় ৷ ভাৰতীয় খেলুৱৈগৰাকীয়ে ৩১ মিনিটতে তেওঁৰ প্ৰতিদ্বন্দীক ২১-১৮, ২১-১৩ ব্যৱধানত পৰাস্ত কৰে ৷ উবেৰ কাপত ভাৰতীয় দলটোৰ এনে প্ৰদৰ্শনক লৈ এতিয়া আশাবাদী ভাৰতীয় ক্ৰীড়াপ্ৰেমী ।

উল্লেখ্য যে ইয়াৰ পূৰ্বে টীম ইণ্ডিয়াই তেওঁলোকৰ উদ্বোধনী খেলখনত কানাডাক ৪-১ পইণ্টত পৰাস্ত কৰিছিল ।

লগতে পঢ়ক :Deaflympics 2021 : বধিৰ অলিম্পিকত সোণৰ পদক অৰ্জন অভিনৱৰ

ABOUT THE AUTHOR

...view details