অসম

assam

Malaysia Masters Super 500 : মালয়েছিয়া মাষ্টাৰ্ছৰ কোৱাৰ্টাৰ ফাইনেলত সিন্ধু, শ্ৰীকান্ত আৰু প্ৰণয়

By

Published : May 25, 2023, 9:35 PM IST

জাপানৰ আয়া ওহোৰীক পৰাস্ত কৰি মালয়েছিয়া মাষ্টাৰ্ছ চুপাৰ ৫০০ৰ ফাইনেলত পি ভি সিন্ধু (P V Sindhu in Malaysia Masters quarter)। সমান্তৰালকৈ প্ৰণয় আৰু শ্ৰীকান্তেও প্ৰতিযোগিতাৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে ।

Malaysia Masters Super 500
মালয়েছিয়া মাষ্টাৰ্ছৰ কোৱাৰ্টাৰ ফাইনেলত সিন্ধু, শ্ৰীকান্ত আৰু প্ৰণয়

স্পৰ্টছ ডেস্ক, ২৫ মে' :মালয়েছিয়া মাষ্টাৰ্ছ চুপাৰ ৫০০ত ভাৰতীয় খেলুৱৈৰ দপদপনি অব্যাহত আছে (Indian in Malaysia Masters Super 500)। ইতিমধ্যে ভাৰতৰ তিনিগৰাকী খেলুৱৈয়ে মালয়েছিয়া মাষ্টাৰ্ছ চুপাৰ ৫০০ টুৰ্ণামেণ্টৰ কোৱাৰ্টাৰ ফাইনেলত নিজৰ স্থান দখল কৰিবলৈ সক্ষম হৈছে । তাৰকা বেডমিণ্টন খেলুৱৈ পি ভি সিন্ধু, এইচ এছ প্ৰণয় আৰু কিদাম্বি শ্ৰীকান্তে তেওঁলোকৰ নিজ নিজ প্ৰতিদ্বন্দীৰ বিৰুদ্ধে জয়লাভ কৰি প্ৰতিযোগিতাৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে ।

দুবাৰৰ অলিম্পিক পদক বিজয়ী তথা ষষ্ঠ স্থানত থকা বেডমিণ্টন খেলুৱৈ সিন্ধুৱে মহিলাৰ ছিংগলছত পোনপটীয়া খেলত জাপানৰ আয়া ওহোৰীক পৰাস্ত কৰে (P V Sindhu in Malaysia Masters quarter)। প্ৰণয়ে পুৰুষৰ একক প্ৰতিযোগিতাত চীনৰ ছি ফেং লিৰ বিৰুদ্ধে জয়ী হৈ কোৱাৰ্টৰ ফাইনেলত প্ৰৱেশ কৰে । আনহাতে ইণ্ডিয়া অপেন চেম্পিয়ন শ্ৰীকান্তে থাইলেণ্ডৰ ভিটিডচাৰ্ণৰ বিৰুদ্ধে জয়ী হয় ।

সিন্ধুৱে ২৮ তম স্থানত থকা ওহোৰীৰ ওপৰত আধিপত্য বিস্তাৰ কৰে আৰু ১৬ ৰাউণ্ডত জাপানী খেলুৱৈগৰাকীক মাত্ৰ ৪০ মিনিটৰ ভিতৰতে পৰাস্ত কৰে । এয়া জাপানী খেলুৱৈৰ বিৰুদ্ধে তেওঁ ১৩ সংখ্যক বিজয় । সিন্ধুৱে কোৱাৰ্টাৰ ফাইনেলত চীনৰ য়ি মান ঝাঙৰ মুখামুখি হ'ব (P V Sindhu to play against Chinese player)।

ইফালে বিশ্বৰ ৯ নম্বৰ খেলুৱৈ প্ৰণয়ে অল ইংলেণ্ড চেম্পিয়ন লিক এক ঘণ্টা ১০ মিনিটত পৰাস্ত কৰি কোৱাৰ্টাৰ লৈ অৱতীৰ্ণ হয় (HS Pranay in Malaysia Masters quarter)। প্ৰণয়ে পৰৱৰ্তী খেলত জাপানৰ কেণ্টা নিশিমোটোৰ মুখামুখি হ'ব । শ্ৰীকান্তে ভিটিডচাৰ্ণৰ বিৰুদ্ধে ২১-১৯, ২১-১৯ পইণ্টত জয়ী হয় আৰু কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰে (Kidambi Srikanth in Malaysia Masters)।

২০২১ চনৰ বিশ্ব চেম্পিয়নশ্বিপৰ ৰূপৰ পদক বিজয়ী খেলুৱৈগৰাকীয়ে কোৱাৰ্টাৰ ফাইনেলত ইণ্ডোনেছিয়াৰ কোৱালিফায়াৰ ক্ৰিষ্টিয়ান অডিনাটাৰ মুখামুখি হ'ব । ইফালে ভাৰতৰ আন এগৰাকী খেলুৱৈ লক্ষ্য সেনে অৱশ্যে হংকঙৰ এংগাছ এনজি কা লঙৰ হাতত পৰাস্ত হয় ।

লগতে পঢ়ক :MI vs LSG match: লক্ষ্ণৌ ছুপাৰ জায়েন্টছৰ বিৰুদ্ধে 81 ৰাণত জয়ী মুম্বাই ইণ্ডিয়ানছ; গুজৰাটত পুনৰ হ'ব ভাগ্য পৰীক্ষা

ABOUT THE AUTHOR

...view details