MI vs LSG match: লক্ষ্ণৌ ছুপাৰ জায়েন্টছৰ বিৰুদ্ধে 81 ৰাণত জয়ী মুম্বাই ইণ্ডিয়ানছ; গুজৰাটত পুনৰ হ'ব ভাগ্য পৰীক্ষা
Published: May 25, 2023, 1:11 AM


MI vs LSG match: লক্ষ্ণৌ ছুপাৰ জায়েন্টছৰ বিৰুদ্ধে 81 ৰাণত জয়ী মুম্বাই ইণ্ডিয়ানছ; গুজৰাটত পুনৰ হ'ব ভাগ্য পৰীক্ষা
Published: May 25, 2023, 1:11 AM
লক্ষ্ণৌ ছুপাৰ জায়েন্টছক পৰাস্ত কৰি আই পি এল 2023 ৰ ফাইনেলৰ দিশে আৰু এটা খোজ আগুৱালে মুম্বাই ইণ্ডিয়ানছে । শুকুৰবাৰে আহমেদাবাদত কোৱালিফায়াৰ 1 ত চেন্নাইৰ হাতত পৰাস্ত হোৱা গুজৰাট টাইটানছৰ বিৰুদ্ধে কোৱালিফায়াৰ 2 মেচখন খেলিব মুম্বাই দলে (MI vs LSG IPL 2023 match Updates)।
নিউজ ডেস্ক, 24 মে': বুধবাৰে চেন্নাইৰ এম এ চিদাম্বৰম ষ্টেডিয়ামত অনুষ্ঠিত আই পি এল 2023ৰ এলিমিনেটৰ পৰ্যায়ৰ অন্তিমখন খেলত মুম্বাই ইণ্ডিয়ানছে লক্ষ্ণৌ ছুপাৰ জায়েন্টছক 81 ৰাণৰ বিশাল ব্যৱধানত পৰাস্ত কৰে । এই বিজয়েৰে দ্বিতীয়খন কোৱালিফায়াৰ মেছত অৱতীৰ্ণ হোৱাৰ সুযোগ লাভ কৰিলে মুম্বায়ে । আহমেদাবাদত শুকুৰবাৰে 1ম খন কোৱালিফায়াৰ মেচত পৰাজিত গুজৰাট টাইটানছৰ মুখামুখি হ'ব মুম্বাই ইণ্ডিয়ানছ (IPL 2023 match Updates)।
বুধবাৰে অনুষ্ঠিত খেলখনত টচত জিকি প্ৰথমে বেটিঙৰ সিদ্ধান্ত গ্ৰহণ কৰে মুম্বাই ইণ্ডিয়ানছৰ অধিনায়ক ৰোহিত শৰ্মাই । নিৰ্ধাৰিত অভাৰত 8 টা উইকেট হেৰুৱাই মুম্বাই ইণ্ডিয়ানছে সংগ্ৰহ কৰে 182 ৰাণ । গ্ৰীণে 41, সূৰ্যকুমাৰে 33, তিলক বাৰ্মাই 26 আৰু নেহালে 23 ৰাণ কৰে । লক্ষ্ণৌৰ হৈ নবীন উল হকে 4 টা আৰু যশ ঠাকুৰে 3 টা উইকেট দখল কৰে (MI vs LSG match result)।
ইফালে 183 ৰাণৰ লক্ষ্য লৈ বেটিং আৰম্ভ কৰা লক্ষ্ণৌ ছুপাৰ জায়েন্টেছে প্ৰথমৰ পৰাই নিয়মীয়া গতিত উইকেট হেৰুৱাবলৈ লয়। ষ্টইনিছে 40, মেয়াৰ্ছে 18 আৰু দীপক হুদাই 15 ৰাণ কৰাৰ বাহিৰে কোনো এগৰাকী বেটছমেনে দহকৰ ঘৰত ৰাণ কৰিবলৈ সক্ষম নহ'ল । 16.3 অভাৰত 101 ৰাণত অল আউট হয় লক্ষ্ণৌ ছুপাৰ জায়েন্টছ । লগে লগে সামৰণি পৰে তেওঁলোকৰ আই পি এল 2023 ৰ যাত্ৰা । মুম্বাই হৈ আকাশ মাধৱালে 3.3 অভাৰত মাত্ৰ 5 ৰাণৰ বিনিময়ত 5 টা উইকেট দখল কৰে (IPL 2023 live score)।
উল্লেখ্য যে, কোৱালিফায়াৰৰ প্ৰথমখন মেচত গুজৰাট টাইটানছক পৰাস্ত কৰি ইতিমধ্যে চেন্নাই ছুপাৰ কিংছে ফাইনেলত প্ৰৱেশ কৰিছে । গুজৰাট টাইটানছে পুনৰ এটা সুযোগ পাইছে ফাইনেলত প্ৰৱেশ কিম্বা একেৰাহে দ্বিতীয়টো খিতাপ জয়ৰ বাবে । একেদৰে মুম্বাই ইণ্ডিয়ানছো সন্ধানত আছে ষষ্ঠবাৰলৈ আই পি এলৰ খিতাপ জয়ৰ ।
এলিমিনেটৰ ৰাউণ্ডত মুম্বাই ইণ্ডিয়ানছে হায়দৰাবাদক পৰাস্ত কৰিলেও অনিশ্চিত আছিল তেওঁলোকৰ যাত্ৰা । কিন্তু গুজৰাট টাইটানছৰ হাতত ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু পৰাস্ত হোৱাত মুম্বাইৰ ভাগ্য উদয় হয় (IPL 2023 news)।
লগতে পঢ়ক: CSK qualifies for finals for record 10th time: চেন্নাই চুপাৰ কিংছৰ হাতত ধৰাশায়ী গুজৰাট টাইটানছ
