অসম

assam

ISSF জুনিয়ৰ বিশ্ব চেম্পিয়নশ্বিপত স্বৰ্ণ পদক জয় ভাৰতীয় মহিলা শ্বুটাৰ দলৰ

By

Published : Oct 7, 2021, 2:19 PM IST

পেৰুত অনুষ্ঠিত হৈ থকা ISSF জুনিয়ৰ বিশ্ব চেম্পিয়নশ্বিপত ভাৰতীয় মহিলা শ্বুটাৰৰ চমক । মহিলাৰ ২৫ মিটাৰ পিষ্টল শাখাত স্বৰ্ণ পদক জয় কৰে ভাৰতীয় মহিলা শ্বুটাৰৰ দলে । ফাইনেলত আমেৰিকা যুক্তৰাষ্ট্ৰৰ শ্বুটাৰ এবি ৰাছেল লেভাৰেট, কেটলিন মৰ্গেন এবেলন আৰু আদা ক্লডিয়া কোৰখিনক ১৬-৪ পইণ্টৰ ব্যৱধানত পৰাস্ত কৰে ভাৰতৰ মনু ভাকেৰ, ৰিদম চাংৱান আৰু নাম্য কাপুৰে ।

India women's 25m Pistol team wins gold
ISSF জুনিয়ৰ বিশ্ব চেম্পিয়নশ্বিপত সোণৰ পদক অৰ্জন ভাৰতীয় মহিলা শ্বুটাৰ দলৰ

স্পৰ্টছ ডেস্ক, ৭ অক্টোবৰ: ISSF জুনিয়ৰ বিশ্ব চেম্পিয়নশ্বিপত সোণৰ পদক অৰ্জন কৰিলে ভাৰতীয় মহিলা শ্বুটাৰৰ দলে । পেৰুৰ লিমাত অনুষ্ঠিত হৈ থকা ISSF জুনিয়ৰ বিশ্ব চেম্পিয়নশ্বিপৰ মহিলাৰ ২৫ মিটাৰ পিষ্টল শাখাত স্বৰ্ণ পদক জয় কৰে ভাৰতৰ মনু ভাকেৰ, ৰিদম চাংৱান আৰু নাম্য কাপুৰে । ফাইনেলত আমেৰিকা যুক্তৰাষ্ট্ৰৰ শ্বুটাৰ এবি ৰাছেল লেভাৰেট, কেটলিন মৰ্গেন এবেলন আৰু আদা ক্লডিয়া কোৰখিনক পৰাস্ত কৰে ভাৰতৰ মহিলা শ্বুটাৰকেইগৰাকীয়ে ।

১৬-৪ পইণ্টৰ ব্যৱধানত আমেৰিকাৰ দলটোক ভাৰতীয় শ্বুটাৰে পৰাভূত কৰে । আনহাতে, আদৰ্শ সিঙে পুৰুষৰ ২৫ মিটাৰ ৰেপিড ফায়াৰ পিষ্টল শাখাত ৰূপৰ পদক অৰ্জন কৰে । পূৰ্বে অলিম্পিয়ান ঐশ্বৰ্য প্ৰতাপ সিং টোমৰে পুৰুষৰ ৫০ এম ৰাইফল ৩ পজিছনৰ ফাইনেলত স্বৰ্ণ জয় কৰি বিশ্ব অভিলেখ ৰচে ।

প্ৰতিযোগিতাখনত ভাৰতে এতিয়ালৈকে ১৯ টা পদক অৰ্জন কৰিছে ।

লগতে পঢ়ক:২০২২ত এম এছ ধোনীয়ে IPL খেলিব নে ?

ABOUT THE AUTHOR

...view details