২০২২ত এম এছ ধোনীয়ে IPL খেলিব নে ?

author img

By

Published : Oct 6, 2021, 1:55 PM IST

Dhoni Playing in IPL

ইতিমধ্যে আন্ত:ৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱগৰ গ্ৰহণ কৰা এম এছ ধোনীয়ে আই পি এলৰ পৰাও বিদায় ল'ব নেকি ? সকলোৰে মনত কেৱল সেইটোৱে চিন্তা । কিন্তু চলিত আইপিএলয়ে শেষ আইপিএল হ'ব নেকি এম এছ ধোনীৰ ? এই সন্দৰ্ভত চেন্নাই দলটোৰ সমৰ্থকক উদ্দেশ্যি ধোনীয়ে কৰিলে বিশেষ ঘোষণা ।

স্পৰ্টছ ডেস্ক, ৬ অক্টোবৰ : চলি আছে আইপিএল (IPL)। ইতিমধ্যে প্লে অফত (Playoff) প্ৰৱেশ কৰিছে চেন্নাই চুপাৰ কিংছে (CSK) । ইয়াৰ সমান্তৰালকৈ চেন্নাই চুপাৰ কিংছৰ সমৰ্থকৰ বাবে আন এক ভাল খবৰ । কাৰণ ২০২২ চনত অৰ্থাৎ আইপিএলৰ পৰৱৰ্তী সংস্কৰণটো দলটোৰ হৈ খেলিব মহেন্দ্ৰ সিং ধোনীয়ে । মঙলবাৰে দলটোৰ অধিনায়ক এম এছ ধোনীয়ে এক ইংগিত প্ৰদান কৰি কয় যে কমেও আন এটা ছিজনত ফ্ৰেঞ্চাইজিৰ হৈ খেলা অব্যাহত ৰাখিব ধোনীয়ে ।

সম্ভৱত তাৰ পাছতে আইপিএলৰ পৰাও অৱসৰ গ্ৰহণ কৰিব ধোনীয়ে । ২০২২ চনত বৃহৎ নিলামৰ পিছত চেন্নাই চুপাৰ কিংছত এই পৰিৱৰ্তন আহিব বুলি ইতিমধ্য চৰ্চা চলিছে । অৱশ্যে, ৪০ বছৰীয়া উইকেটকিপাৰ বেটছমেনজনে ইণ্ডিয়া চিমেণ্টছৰ ৭৫ তম বাৰ্ষিকী উদযাপনৰ এক অনুষ্ঠানত কয় যে তেওঁ চেন্নাইত তেওঁৰ অন্তিমখন খেল খেলিব বিচাৰে ।

ভাৰ্চুৱেল অনুষ্ঠানৰ সময়ত অনুৰাগীসকলৰ সৈতে কথা পাতি ধোনীয়ে কয় যে বিদায়ৰ দিনটোত তেওঁক অনুৰাগীয়ে চিএছকেৰ (CSK) হৈ খেলি থকা দেখিব পাৰে । তেওঁ লগতে কয় যে অনুৰাগীয়ে তেওঁক বিদায় দিয়াৰ সুযোগ পাব ।

উল্লেখ্য যে, যোৱা বছৰ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ গ্ৰহণ কৰিছিল ভাৰতৰ প্ৰাক্তন অধিনায়কগৰাকীয়ে । ২০১৯ চনৰ পৰা তেওঁ চেন্নাইত খেলা নাই । কিয়নো আইপিএলৰ দ্বিতীয় অংশ ইউএইত অনুষ্ঠিত হৈ আছে ।

ইফালে যোৱা বছৰ ১৫ আগষ্টত আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ লোৱাৰ সিদ্ধান্ত সন্দৰ্ভত এজন অনুৰাগীয়ে প্ৰশ্ন কৰাত ধোনীয়ে কয় যে ১৫ আগষ্টত কৈ আৰু ভাল দিন একো হ'ব নোৱাৰে । ইফালে মহত্বপূৰ্ণ খেলবোৰত চেন্নাই দলটোৱে কেনেদৰে পৰিস্থিতিৰ সৈতে মোকাবিলা কৰে সেই সম্পৰ্কে ধোনী কয় যে তেওঁ সকলো খেলকে একে ধৰণে ৰাখিব বিচাৰে আৰু টোপনি সম্পৰ্ণ কৰি সুস্থ মগজুৰে খেলৰ প্ৰস্তুতি চলায় ।

লগতে পঢ়ক :70 শতাংশ দৰ্শকৰ উপস্থিতিত অনুষ্ঠিত হ’ব T20 World Cup

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.