অসম

assam

FIFA World cup final : অন্তিম যুঁজত আৰ্জেণ্টিনা বনাম ফ্ৰান্স !

By

Published : Dec 18, 2022, 2:23 PM IST

বিশ্বকাপ ফুটবলৰ ফাইনেল উপভোগ কৰিবলৈ সাজু হৈছে বিশ্ববাসী (Argentina vs France)। ঐতিহাসিক খেলখনত মেছিৰ আৰ্জেণ্টিনা মুখামুখি হ'ব ফ্ৰান্সৰ । বিশ্বকাপ ফুটবলত দুয়োটা দলৰ ইতিহাস কেনে ?

FIFA World cup final
অন্তিম যুঁজত আৰ্জেণ্টিনা বনাম ফ্ৰান্স

স্পৰ্টছ ডেস্ক,১৮ ডিচেম্বৰ :কাটাৰত অনুষ্ঠিত হৈ থকা ২২ সংখ্যক ফিফা বিশ্বকাপ ২০২২ৰ আজি অন্তিম দিন (Qatar FIFA World Cup 2022)। খিতাপ অৰ্জনৰ যুঁজত নামিব আৰ্জেণ্টিনা আৰু ফ্ৰান্স (Argentina vs France final)। কিন্তু এইবাৰৰ চেম্পিয়ন কোন হ'ব ? লুচাইল ষ্টেডিয়ামত সন্ধিয়া ৮:৩০ বজাত ফাইনেল খেল আৰম্ভ হ'ব । ডিফেণ্ডিং চেম্পিয়ন ফ্ৰান্সে চতুৰ্থবাৰৰ বাবে বিশ্বকাপৰ ফাইনেলত প্ৰৱেশ কৰিছে । আনহাতে ষষ্ঠবাৰৰ বাবে ফাইনেল খেলিব আৰ্জেণ্টিনাই ।

দুবাৰকৈ চেম্পিয়ন হৈছে ফ্ৰান্স আৰু আৰ্জেণ্টিনা

ফ্ৰান্সে ১৯৯৮ আৰু ২০১৮ বিশ্বকাপৰ খিতাপ অৰ্জন কৰিছিল । আনহাতে, ২০০৬ চনত ফ্ৰান্স ৰানাৰ্ছ আপ হৈছিল (World Cup history of France)। যোৱা বিশ্বকাপৰ ফাইনেলত ক্ৰোৱেছিয়াক পৰাস্ত কৰি ফ্ৰান্সে খিতাপ অৰ্জন কৰিছিল । একে সময়তে, আৰ্জেণ্টিনাই ১৯৭৮ আৰু ১৯৮৬ চনত বিশ্বকাপৰ ফাইনেলত জয়ী হৈছিল । ৩৬ বছৰৰ পাছত, আৰ্জেণ্টিনাৰ দলটোৱে বিশ্বকাপ জয়ৰ বাবে প্ৰচেষ্ট চলাব (FIFA history of Argentina)। ফ্ৰান্স আৰু আৰ্জেণ্টিনাই ইতিমধ্যে দুবাৰকৈ বিশ্বকাপত জয়ী হৈছে । সেয়েহে ফাইনেল খেলখন দুয়োটা দলৰ বাবে অতি গুৰুত্বপূৰ্ণ হ'ব ।

আৰ্জেণ্টিনাই ষষ্ঠবাৰৰ বাবে ফাইনেল খেলিব

আৰ্জেণ্টিনাই ষষ্ঠবাৰৰ বাবে বিশ্বকাপৰ ফাইনেল খেলিব । যোৱা ৫ বাৰৰ ভিতৰত ২ খনত জয়ী হৈ বিশ্ব চেম্পিয়ন হৈছে দলটো (Argentina in world cup final)। ২০১৪ চনৰ ফাইনেলত জাৰ্মানীয়ে আৰ্জেণ্টিনাক ১-০ গ'লত পৰাস্ত কৰে । ইয়াৰ উপৰিও, আৰ্জেণ্টিনা ৩ বাৰ ৰানাৰ্ছ-আপ হৈছে (১৯৩০, ১৯৯০, ২০১৪)।

দুয়োটা দলে এতিয়ালৈ মুখামুখি হৈছে

বিশ্বকাপত এতিয়ালৈকে, ফ্ৰান্স আৰু আৰ্জেণ্টিনা ১২ বাৰ মুখামুখি হৈছে । য'ত আৰ্জেণ্টিনাই ৬ খন খেলত জয়ী হৈছে । একে সময়তে, ফ্ৰান্সে মাত্ৰ ৩ খন খেলত জয়ী হৈছে । তিনিখন ড্ৰ' হৈছে । দুয়োটা দলৰ মাজত প্ৰথমখন খেল ১৯৩০ চনৰ বিশ্বকাপত হৈছিল । আৰ্জেণ্টিনাই সেই খেলখনত ১-০ গ'লত জয়ী হৈছিল ।

আৰ্জেণ্টিনাৰ দল (Argentina squad)

গ'লকিপাৰ :এমিলিয়ানো মাৰ্টিনেজ, জেৰোনিমো ৰুলি, ফ্ৰাঙ্কো আৰ্মানি

ডিফেণ্ডাৰ :নাহুৱেল ম'লিনা, গৌঞ্জালো মণ্টিয়েল, ক্ৰিষ্টিয়ান ৰোমেৰো, জাৰ্মান পেঞ্জেলা, নিকোলাছ ওটামেণ্ডি, লিচেন্দ্ৰো মাৰ্টিনেজ, মাৰ্কোচ একুইনা, নিকোলাছ টাগেলিয়াফিকো, জুয়ান ফয়থ।

মিডফিল্ডাৰ :ৰড্ৰিগো ডি পল, লিয়েণ্ড্ৰো পেৰেডছ, এলেক্সিছ মেকএলিষ্টাৰ, গুইডো ৰড্ৰিগেজ, আলেজান্দ্ৰো গোমেজ, এঞ্জো ফাৰ্ণাণ্ডেজ, এক্সেকিৱেল পালাচিওছ।

ফ'ৰৱাৰ্ড :লিঅ'নেল মেছি, এঞ্জেল দি মাৰিয়া, লুটাৰো মাৰ্টিনেজ, জুলিয়ান আলভাৰেজ, নিকোলাছ গঞ্জালেজ, জোকইন কোৰিয়া, পাওলো ডিবালা।

ফ্ৰান্সৰ দল (France squad)

গ'লকিপাৰ :আলফনছ এৰিলো, হুগো লোৰিছ, ষ্টিভ মাণ্ডাডা ।

ডিফেণ্ডাৰ :লুকাস হাৰ্নান্দেজ, থিঅ হাৰ্নান্দেজ, ইব্ৰাহিম কোনাতে, জুলস কণ্ডে, বেঞ্জামিন পাৱাৰ্ড, উইলিয়াম চালিবা, দায়োত উপমেকানো, ৰাফেল বাৰ্ণে ।

মিডফিল্ডাৰ :এডুয়াৰ্ডো কেমাৱিঙ্গা, য়ুচুফ ফোফানা, মেটিও গুণ্ডুজি, এড্ৰিয়ান ৰেবিয়াট, অৰেলিয়ান চাউমেনি, জৰ্ডান ভেৰেটাট।

ফ'ৰৱাৰ্ড :কৰিম বেঞ্জেমা, কিংছলে কোমেন, ওচমান ডেম্বলে, অলিভিৰ জিৰুড, এণ্টনি গ্ৰীজমেন, কেলিয়ান এমবাপে, মাৰ্কাছ থুৰাম, ৰেণ্ডল কোলো মুয়ানি ।

লগতে পঢ়ক :FIFA World Cup 2022 : দ্বিতীয়বাৰৰ বাবে বিশ্বকাপত তৃতীয় স্থান লাভ ক্ৰোৱেছিয়াৰ

ABOUT THE AUTHOR

...view details