ETV Bharat / sports

এফ আই এইচ প্ৰ' লীগ, বেলজিয়ামৰ হাতত পুনৰ পৰাস্ত ভাৰত - FIH Pro League

author img

By ETV Bharat Assamese Team

Published : May 26, 2024, 2:28 PM IST

FIH Pro League: এফ আই এইচ প্ৰ' লীগত ভাৰতৰ পুৰুষ দলৰ দুৰ্বল প্ৰদৰ্শন । একেৰাহে দুখনকৈ খেলত পৰাস্ত ভাৰতীয় দলটো । শনিবাৰে শ্বুটআউটত বেলজিয়ামৰ হাতত পৰাস্ত ভাৰতীয় দলটো ।

FIH Pro League
বেলজিয়ামৰ হাতত পুনৰ পৰাস্ত ভাৰত (ETV Bharat)

স্প’ৰ্টছ ডেস্ক, ২৬ মে': এফ আই এইচ প্ৰ' লীগত পুনৰ হতাশাজনক প্ৰদৰ্শন ভাৰতীয় পুৰুষ হকী দলৰ । শনিবাৰে এফ আই এইচ প্ৰ' লীগৰ খেলখনত ভাৰতীয় দলটো বেলজিয়ামৰ হাতত পৰাস্ত হয় । পূৰ্বৰ খেলখনত কৈ ভাৰতীয় দলটোৰ প্ৰদৰ্শন উন্নত আছিল যদিও শ্বুটআউটত অলিম্পিক চেম্পিয়ন বেলজিয়ানৰ হাতত ১-৩ গ'লত পৰাস্ত হয় ।

বিশ্ব ৰেংকিঙত ষষ্ঠ স্থানত থকা ভাৰতে খেলখনৰ পৰা এক পইণ্ট লাভ কৰাৰ বিপৰীতে বেলজিয়ামে শ্বুটআউটত জয়ী হোৱাৰ পিচত বোনাচ পইণ্টৰ পৰা দুটা পইণ্ট লাভ কৰে । এই পৰাজয়ৰ লগে লগে ভাৰতে দুখন খেলত পৰাস্ত হয় আৰু দ্বিতীয় লেগৰ বাবে প্ৰতিযোগিতাখন ইউৰোপলৈ স্থানান্তৰিত হোৱাৰ পিচত মাত্ৰ এখন হে খেলত জয়ী হ'বলৈ সক্ষম হয় ।

আৰাইজিৎ সিং হুণ্ডালে ফিল্ড গ'লৰ জৰিয়তে ১১ মিনিটত ভাৰতক অগ্ৰগতি দিছিল যদিও বিশ্বৰ তিনি নম্বৰ দল বেলজিয়ামৰ ফেলিক্স ডেনায়েৰে ৩০ মিনিটত পেনাল্টি কৰ্ণাৰ গ'ল কৰি হাফটাইমৰ মাত্ৰ ছেকেণ্ডৰ পূৰ্বে ১-১ ত সমতা বজাই ৰাখে । ইফালে ফ্লোৰেণ্ট ভান অবেলে ৫০ মিনিটত পেনাল্টি কৰ্ণাৰৰ জৰিয়তে বেলজিয়ামক অগ্ৰগতি প্ৰদান কৰে কিন্তু সুখজিৎ সিঙে ৫৭ মিনিটত গ'ল কৰি পুনৰ খেলখনত আশা বজাই ৰাখে ।

আনহাতে শ্বুটআউটত কেৱল সুখজিৎ সিঙেহে ভাৰতৰ হৈ গ'ল কৰিবলৈ সক্ষম হয় । আনহাতে বিবেক সাগৰ প্ৰসাদ, অভিষেক আৰু আৰাইজিৎ সিং হুণ্ডাল বিফল হৈছিল । বেলজিয়ামৰ হৈ উইলিয়াম ঘিস্লেন, ফ্লোৰেণ্ট ভান অবেল আৰু গৌথিয়াৰ বোচাৰ্ডে গ'ল কৰিবলৈ সক্ষম হয় ।

শুকুৰবাৰৰ খেলখনত ভাৰত একেটা দলৰ হাতত ১-৪ গ'লত পৰাজিত হয় । ইয়াৰ পূৰ্বে হৰমনপ্ৰীত সিঙৰ নেতৃত্বত ভাৰতীয় দলটোৱে বুধবাৰে হোৱা শ্বুটআউটত আৰ্জেণ্টিনাক ৫-৪ গ'লত পৰাস্ত কৰে । ভাৰতে দেওবাৰে পুনৰ আৰ্জেণ্টিনাৰ বিৰুদ্ধে খেলিব ।

লগতে পঢ়ক :আই পি এলৰ ফাইনেলত বৰষুণে বিধি-পথালি দিয়াৰ সম্ভাৱনা - IPL 2024
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.