অসম

assam

FIFA World Cup 2022 : মেছিৰ আন এক অভিলেখ !

By

Published : Dec 19, 2022, 10:05 AM IST

বিশ্বকাপৰ নকআউট পৰ্যায়ৰ সকলো খেলতে গ'ল কৰা মেছি প্ৰথমগৰাকী খেলুৱৈ (Messi only player to score in each knockout game)। ফ্ৰান্সৰ বিৰুদ্ধে ফাইনেলত প্ৰথমটো গ'ল কৰাৰ লগে লগে এই অভিলেখৰ গৰাকী হ'ল মেছি । বিশ্বকাপৰ ইতিহাসত আটাইতকৈ বেছি খেল খেলা ফুটবলাৰ হিচাপে ইতিহাস ৰচনা কৰিলে মেছিয়ে ।

FIFA World Cup 2022
মেছিৰ আন এক অভিলেখ

স্পৰ্টছ ডেস্ক,১৯ ডিচেম্বৰ :ফিফা কাটাৰ বিশ্বকাপৰ বিজয়ী হ'ল আৰ্জেণ্টিনা (Argentina won FIFA World Cup 2022)। পুনৰ এবাৰ খেলপথাৰ নিজৰ ভৰিৰ যাদু দেখুৱালে মেছিয়ে । আৰ্জেণ্টিনাৰ বিজয়ত আনন্দিত হৈছে দেশখনৰ লগতে বিশ্বৰ বিভিন্ন প্ৰান্তৰ আৰ্জেণ্টিনাৰ অনুৰাগী । আৰ্জেণ্টিনাত বিজয় উৎসৱ পালন কৰা হৈছে । ইফালে আৰ্জেণ্টিনাই বিশ্বকাপ দখল কৰাৰ লগতে মেছিয়েও ব্যক্তিগতভাৱে অভিলেখ গঢ়িবলৈ সক্ষম হৈছে (Messi record in Qatar World Cup 2022)।

লুচাইল ষ্টেডিয়ামত আৰ্জেণ্টিনা বনাম ফ্ৰান্সৰ ঐতিহাসিক খেলখনত প্ৰথমটো গ'ল কৰিছিল মেছিয়ে । খেলখনৰ ২৩ মিনিটত লিঅ'নেল মেছিয়ে গ'লটো কৰে । মেছিয়ে গ'লটো কৰাৰ লগে লগে তেওঁ নিজৰ নামত এটা বিশেষ অভিলেখ গঢ়িলে ।

বিশ্বকাপৰ নকআউট পৰ্যায়ৰ সকলো খেলতে গ'ল কৰা মেছি হৈছে প্ৰথমগৰাকী খেলুৱৈ (Messi only player to score in each knockout game)। বিশ্বকাপৰ ইতিহাসতে তেওঁ প্ৰথমগৰাকী খেলুৱৈ যিয়ে নকআউট পৰ্যায়ৰ সকলো খেলতে গ'ল কৰিবলৈ সক্ষম হৈছে । পূৰ্বে কোনো খেলুৱৈয়ে এনে কৃতিত্ব অৰ্জন কৰিব পৰা নাছিল । মেছিয়ে ৰাউণ্ড অফ ১৬ ত এটা গ'ল, কোৱাৰ্টাৰ ফাইনেলত এটা গ'ল, ছেমি ফাইনেলত এটা গ'ল আৰু ফাইনেলতো গ'ল কৰে ।

কেৱল এয়াই নহয় ফাইনেলখনত আন এক অভিলেখ গঢ়িলে মেছিয়ে । আৰ্জেণ্টিনাৰ অধিনায়ক লিঅ'নেল মেছিয়ে ফাইনেলত খেলপথাৰলৈ অহাৰ লগে লগে বিশ্বকাপৰ ইতিহাসত আটাইতকৈ বেছি খেল খেলি থকা ফুটবলাৰ হিচাপে ইতিহাস ৰচনা কৰিলে (Messi played most games in World Cup history)। এয়া মেছিৰ পঞ্চম বিশ্বকাপ । তেওঁ ২০০৬ চনৰ পৰা যাত্ৰা আৰম্ভ কৰিছিল আৰু তেতিয়াৰ পৰা তেওঁ ২৬ খন খেল খেলিছে । ফ্ৰান্সৰ বিৰুদ্ধে ফাইনেলখন মেছিৰ ২৬ সংখ্যক আৰু সম্ভৱত অন্তিমখন বিশ্বকাপ খেল ।

এই ক্ষেত্ৰত, মেছিয়ে প্ৰাক্তন জাৰ্মান ফুটবলাৰ লোথাৰ মেথিউছক অতিক্ৰম কৰে । মেথিউছে বিশ্বকাপত ২৫ খন খেল খেলিছিল। তেওঁ মেছিৰ দৰেই ৫ খন বিশ্বকাপ খেলিছিল ।

লগতে পঢ়ক :Qatar World Cup final: আৰ্জেন্টিনাৰ বিজয় চাবলৈ উদগ্ৰীৱ দেশখনৰ সমৰ্থক

ABOUT THE AUTHOR

...view details