ETV Bharat / sports

Qatar World Cup final: আৰ্জেন্টিনাৰ বিজয় চাবলৈ উদগ্ৰীৱ দেশখনৰ সমৰ্থক

author img

By

Published : Dec 18, 2022, 7:27 PM IST

Qatar World Cup final
Qatar World Cup final

আৰ্জেণ্টিনাই শেষবাৰৰ বাবে 2014 চনত বিশ্বকাপৰ ফাইনেলত প্ৰৱেশ কৰিছিল (Argentina in FIFA world cup final) ৷ সেই বৰ্ষত জাৰ্মানীৰ হাতত পৰাস্ত হৈছিল দেশখন ৷ কিন্তু আপাত দৃষ্টিত দেশখনৰ সকলোৱে একমত যে, 2022 বৰ্ষৰ খেলখনৰ বাবে (FIFA final 2022) যি ধৰণৰ আশা আৰু উত্তেজনাৰ ভাৱ জাগি উঠিছে, সেয়া আঠ বছৰৰ আগতে ব্ৰাজিলত অনুষ্ঠিত হোৱা মেচখনতকৈ বহুত বেছি ৷

ফিফা বিশ্বকাপ ২০২২ৰ ফাইনেলত আজি (Qatar FIFA World Cup 2022) খিতাপ অৰ্জনৰ যুঁজত নামিব আৰ্জেণ্টিনা আৰু ফ্ৰান্স (Argentina vs France final)। কিন্তু এইবাৰৰ চেম্পিয়ন কোন হ'ব ? লুচাইল ষ্টেডিয়ামত সন্ধিয়া 8.30 বজাত ফাইনেল খেল আৰম্ভ হ'ব । ডিফেণ্ডিং চেম্পিয়ন ফ্ৰান্সে চতুৰ্থবাৰৰ বাবে বিশ্বকাপৰ ফাইনেলত প্ৰৱেশ কৰিছে । আনহাতে ষষ্ঠবাৰৰ বাবে ফাইনেল খেলিব আৰ্জেণ্টিনাই । আৰ্জেন্টিনাৰ সমৰ্থক সকল ইতিমধ্যেই দলটোক লৈ আশাবাদী আৰু উদগ্ৰীৱ হৈ পৰা দেখা গৈছে ৷

বিশ্বকাপৰ ফাইনেলত ফ্ৰান্সৰ বিৰুদ্ধে আৰ্জেণ্টিনাৰ খেলখনক লৈ গোটেই সপ্তাহটো জেইডা চিপ্ৰাই ইমানেই উদ্বিগ্ন হৈ পৰিছিল যে তেওঁৰ কেনে অনুভৱ হৈছে সেই কথা মনোবিজ্ঞানী সকলক কোৱাৰ পৰা বিৰত থাকিব পৰা নাছিল (Argentina fans excited for Final) । বুয়েনছ আয়াৰ্ছত পোহনীয়া জন্তুৰ দোকান চলাই থকা অৰ্থনীতি বিজ্ঞানৰ ৩৫ বছৰীয়া ছাত্ৰী চিপ্ৰাই কয়,"মই সঁচাকৈয়ে উত্তেজিত, আৰু উদ্বিগ্নতাও আছে ।"

দেওবাৰে কাটাৰত বিশ্বকাপ ফাইনেল চাবলৈ উদগ্ৰীৱ হৈ থকা আৰ্জেন্টিনা বছৰ বছৰ ধৰি আৰ্থিক সংকটত ডুবি আছে ৷ অতি বেয়া মুদ্ৰাস্ফীতিৰ হাৰৰ দেশখনত 10 জন ভিতৰত 4 লোকেই দৰিদ্ৰ সীমাৰেখাৰ তলত বাস কৰি আহিছে ৷

52 বছৰীয়া প’ডিয়াট্ৰিষ্ট গুইলেৰ্মো অৰ্টিজে কয় যে, "মানুহে তীব্ৰ সুখ অনুভৱ কৰিছে । গাড়ীসমূহত দেশৰ পতাকা লৈ ঘূৰি ফুৰিছে । গোটেই চহৰখনে পতাকাৰে সাজ-পোছাক পিন্ধিছে । আমি সকলোৱে একত্ৰিত হৈ কওঁ যে, আমি শ্ৰেষ্ঠ হোৱাতো বিচাৰো, যিটো সাধাৰণতে এই দেশত বৰ্তমানলৈকে হোৱা নাই । এনে লাগিছে যেন ফুটবলে এটা বৃত্ত আঁকি আমাক সকলোকে ভিতৰত সুমুৱাই দিছে ।"

আৰ্জেণ্টিনাই শেষবাৰৰ বাবে 2014 চনত বিশ্বকাপৰ ফাইনেলত প্ৰৱেশ কৰিছিল ৷ সেই বৰ্ষত জাৰ্মানীৰ হাতত পৰাস্ত হৈছিল দেশখন ৷ কিন্তু আপাত দৃষ্টিত দেশখনৰ সকলোৱে একমত যে, 2022 বৰ্ষৰ খেলখনৰ বাবে যি ধৰণৰ আশা আৰু উত্তেজনাৰ ভাৱ জাগি উঠিছে, সেয়া আঠ বছৰৰ আগতে ব্ৰাজিলত অনুষ্ঠিত হোৱা মেচখনত কৈ বহুত বেছি ৷

46 বছৰীয়া প্লাম্বাৰ মাৰ্টিন ফেৰেইৰাই কয় যে, ‘‘দেশৰ পৰিস্থিতিৰ বাবে ইয়াৰ বিশেষ কিবা এটা গুৰুত্ব আছে । সত্যটো হ’ল আমি সঁচাকৈয়ে কঠিন সময়ৰ মাজেৰে পাৰ হৈছো আৰু আমি এই সুখৰ বাবে অপেক্ষা কৰি আছো । আমি সামাজিকভাৱে এক বিৰতি উপভোগ কৰি আছোঁ ।"

আৰ্জেণ্টিনাৰ দলটোৱে দেশখনৰ ষষ্ঠ বিশ্বকাপৰ ফাইনেলৰ বাবে সাজু হোৱাৰ সময়তে বহুতে কিছুমান অন্ধবিশ্বাসী আচাৰ-ব্যৱহাৰ মানি চলিবলৈ সাজু হৈছে । উদাহৰণস্বৰূপে চিপ্ৰাই বিশ্বকাপৰ আন সকলো খেলৰ দৰেই খেলখন নিজেই চাব, তেওঁৰ নিজৰ দুটা কুকুৰ আৰু তেওঁ যত্ন লোৱা আন দুটা কুকুৰৰ সৈতে আৰ্জেণ্টিনাৰ জাৰ্চি পিন্ধি খেলখন উপভোগ কৰিব ।

অৰ্টিজে নিজৰ এপাৰ্টমেণ্টত পৰিয়াল আৰু বন্ধু-বান্ধৱীৰ সৈতে খেলখন চাব, য’ত আন প্ৰতিখন খেলৰ দৰেই তেওঁলোকে 25 মিটাৰ জোখৰ (82 ফুট) আৰ্জেণ্টিনাৰ পতাকা ওলোমাই ৰাখিব । অৰ্টিজৰ লক্ষ্য হৈছে পিছলৈ ৰাজধানীৰ আইকনিক অবেলিস্কত সেই পতাকাখন উত্তোলন কৰা ৷ অবেলিস্ক হৈছে পৰম্পৰাগত উদযাপনৰ স্থান, লিয়নেল মেছিৰ নেতৃত্বত দলটোৱে জয়ী হওক বা পৰাস্ত হওক, সেই নিৰ্বিশেষে মেচৰ পিছত নিঃসন্দেহে অনুৰাগীৰে সেই ঠাই ভৰি পৰিব ৷

ফেৰেইৰাই কয়, যদি আমি পৰাস্ত হওঁ, তেতিয়াও আমি উদযাপন কৰিবলৈ ওলাই আহিম । আমি জানো যে মূল্যবোধ আছিল আৰু এইটো এটা প্ৰকৃত দল ।’’ কিন্তু পৰাজয় প্ৰকৃত সম্ভাৱনা বুলি কোৱা মানুহ কমেইহে আছে । নিউৱেলছৰ যুৱ দলত খেলা 43 বছৰীয়া ফটোগ্ৰাফাৰ গুইলেৰ্মো ডাৰ্চেজে কয়, ‘‘মই ভাবো এই জয় আমাৰ হ’ব ৷ কাৰণ ল’ৰাকেইটাই দেখুৱাইছে যে তেওঁলোকে যিকোনো খেলৰ ব্যৱস্থাৰ সৈতে খাপ খাব পাৰে আৰু তেওঁলোকে নিজৰ প্ৰতিদ্বন্দ্বীৰ ওপৰত নিৰ্ভৰ কৰি খেল সলনি কৰিব পাৰে’’ ।

লাখ লাখ আৰ্জেন্টিনাৰ নাগৰিকে এতিয়া ক্ষণ গণিছে ফিফা বিশ্বকাপ 2022 ৰ ফাইনেলত দলটো জয়ী হোৱালৈ ৷

লগতে পঢ়ক: FIFA World cup final : অন্তিম যুঁজত আৰ্জেণ্টিনা বনাম ফ্ৰান্স !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.