অসম

assam

ICC World Cup 2023: 2019 তকৈ অধিক আক্ৰমণাত্মক হৈছে কেন উইলিয়ামছন: সুনীল গাভাস্কাৰ

By ETV Bharat Assamese Team

Published : Nov 14, 2023, 8:00 PM IST

Updated : Nov 14, 2023, 8:10 PM IST

ভাৰত আৰু নিউজীলেণ্ডৰ মাজত অনুষ্ঠিত হ’বলগীয়া ক্ৰিকেট বিশ্বকাপ 2023 ৰ প্ৰথমখন ছেমিফাইনেলৰ পূৰ্বে ভাৰতৰ প্ৰখ্যাত ক্ৰিকেটৰ সুনীল গাভাস্কাৰে নিজৰ মতামত ব্যক্ত কৰি কয় যে 2019 চনৰ বিশ্বকাপৰ তুলনাত নিউজীলেণ্ডৰ অধিনায়ক কেন উইলিয়ামছনে ষ্ট্ৰ’ক খেলৰ ক্ষেত্ৰত এইবাৰ অধিক ৰিস্ক ল’বলৈ ইচ্ছুক ।

ICC World Cup 2023
IND vs NZ icc wc semi final

স্প’ৰ্টছ ডেস্ক, 14 নৱেম্বৰ: বুধবাৰে মুম্বাইৰ ৱাংখেড়ে ষ্টেডিয়ামত বিশ্বকাপ ক্ৰিকেট 2023 ৰ প্ৰথমখন ছেমি ফাইনেলত মুখামুখি হ’ব ভাৰত আৰু নিউজীলেণ্ড ৷ ইতিমধ্যে দুয়োটা দলেই এই নক্ আউট মেচখনৰ বাবে অনুশীলন অব্যাহত ৰখা দেখা গৈছে ৷ এই খেলখনক লৈ উদগ্ৰীৱ হৈ আছে সকলো ক্ৰীড়াপ্ৰেমী ৷ ভাৰতৰ প্ৰাক্তন অ’পেনাৰ সুনীল গাভাস্কাৰে 2019 চনৰ বিশ্বকাপ সংস্কৰণৰ তুলনাত নিউজীলেণ্ডৰ অধিনায়ক কেন উইলিয়ামছনে এইবাৰ অধিক ৰিস্ক ল’বলৈ ইচ্ছুক বুলি মতামত প্ৰকাশ কৰাৰ লগতে পূৰ্বৰ সংস্কৰণত তেওঁৰ প্ৰদৰ্শনৰ ওপৰত নিজৰ চিন্তাধাৰাও ব্যক্ত কৰিছে ।

আঘাতৰ পৰা সুস্থ হৈ বহুদিনৰ পাছত আন্তঃৰাষ্ট্ৰীয় খেলত অংশ লোৱা কেনে এই টুৰ্ণামেণ্টত এতিয়ালৈকে তিনিটা অৰ্ধশতক সংগ্ৰহ কৰিছে । লগতে এই প্ৰতিযোগিতাত তেওঁ ভাল ফৰ্মত আছে ৷ বহু প্ৰাক্তন ক্ৰিকেটাৰে কেন উইলিয়ামছনক তেওঁৰ এই কৃতিত্বৰ বাবে প্ৰশংসা কৰিছে । ভাৰতৰ কিংবদন্তি ক্ৰিকেটাৰ সুনীল গাভাস্কাৰে কেন উইলিয়ামছনৰ বেটিং সন্দৰ্ভত মত প্ৰকাশ কৰি কয় যে 2019 চনৰ বিশ্বকাপ সংস্কৰণৰ তুলনাত বৰ্তমান কেন উইলিয়ামছন অধিক আক্ৰমণাত্মক হৈ আছে ।

"এটা অভাৰত ছয় ৰান সংগ্ৰহ যিকোনো মানদণ্ডৰে এটা ভাল স্ক'ৰিং ৰেট, গতিকে তেওঁ (কেন উইলিয়ামছনে) সেইটো কৰিবলৈ বিচাৰিব । যেতিয়া বাউণ্ডেৰী বল আহিব, তেতিয়া তেওঁ বাউণ্ডেৰী বলত আঘাত কৰিব ৷ গতিকে তেওঁ অধিক ৰিস্ক ল’বলৈ আগ্ৰহী যেন দেখিছোঁ ৷ আমি 2019 চনত হয়তো কেন উইলিয়ামছনৰ সেই দিশটো দেখা নাই, কিন্তু ইয়াত, আমি তেওঁক প্ৰায়েই গগণচুম্বী শ্বট খেলা দেখিছোঁ আৰু তেওঁ সম্ভৱতঃ কুলদীপ যাদৱৰ বিৰুদ্ধেও সেইটো কৰিবলৈ বিচাৰিব ।’’ 1983 ৰ বিশ্বজয়ী ভাৰতীয় দলৰ অন্যতম সদস্য 74 বছৰীয়া গাভাস্কাৰে ষ্টাৰ স্প’ৰ্টছক এইদৰে কয় ।

ভাৰতীয় দলটোৰ হৈ এই পৰ্যন্ত 9 খন খেলত 14 টা উইকেট দখল কৰি কুদীপ যাদৱে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে । ভাৰতৰ মেচসমূহত এই স্পিনাৰগৰাকীয়ে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব পাৰে আৰু ছেমিফাইনেলতো তেওঁ ৰোহিত বাহনীৰ বাবে এক মূল কাৰক হিচাপে পৰিগণিত হ’ব । গাভাস্কাৰে মন্তব্য কৰে যে উইলিয়ামছনে কুলদীপক অতি ভালদৰে চম্ভালিব পাৰে ।

"এয়া ডাঙৰ কথা নহয় । তেওঁ ইমান ডাঙৰ খেলুৱৈ; দীৰ্ঘ বিৰতিৰ পিচত ক্ৰীজত আহি ৰান কৰিলেও কোনো কথা নাই । গতিকে, মই নাভাবো যে ইয়াৰ দ্বাৰা বিশেষ পাৰ্থক্য আহিব । প্ৰয়োজন সাপেক্ষে স্পীনাৰক চম্ভালিবলৈ তেওঁ ভৰি দুখন সঁচাকৈয়ে ভালদৰে ব্যৱহাৰ কৰে; তাৰ পিছত তেওঁ ক্ৰীজখনো ব্যৱহাৰ কৰে । গতিকে, তেওঁ এজন অতি ভাল খেলুৱৈ । কুলদীপৰ বিৰুদ্ধে তেওঁ অধিক আক্ৰমণাত্মক হ’ব বুলি মই নাভাবো; তেওঁ তেওঁক কেনেকৈ নিয়ন্ত্ৰণ কৰিব লাগে জানে । প্ৰয়োজন হ’লে তেওঁ বাউণ্ডেৰী নোকোবাই মাত্ৰ ছটা একক ৰাণ লৈ স্ক’ৰ বৃদ্ধি কৰিব ৷’’

​লগতে পঢ়ক:IND v NZ Semi Final: 2019 বিশ্বকাপত পৰাজয়ৰ পোতক তুলিব পাৰিবনে টীম ইণ্ডিয়াই

Last Updated :Nov 14, 2023, 8:10 PM IST

ABOUT THE AUTHOR

...view details