ETV Bharat / sports

IND v NZ Semi Final: 2019 বিশ্বকাপত পৰাজয়ৰ পোতক তুলিব পাৰিবনে টীম ইণ্ডিয়াই

author img

By ETV Bharat Assamese Team

Published : Nov 14, 2023, 6:38 PM IST

Updated : Nov 14, 2023, 7:38 PM IST

2011 চনত শেষৰবাৰৰ বাবে আইচিচি ট্ৰফী আৰু 2013 চনত চেম্পিয়নছ ট্ৰফী জয় কৰাৰ পিচত ভাৰত কোনো আইচিচি ট্ৰফী জয় কৰিব পৰা নাই আৰু নক আউট পৰ্যায়ৰ পৰাই বিদায় ল’ব লগীয়া হৈছে মেন ইন ব্লুৱে । ২০১৯ চনৰ বিশ্বকাপত নিউজীলেণ্ডে ভাৰতক ছেমি ফাইনেলত পৰাস্ত কৰি বিশ্বকাপৰ পৰা বাহিৰ কৰিছিল । বৰ্তমান ফৰ্মত থকা ৰোহিত শৰ্মা নেতৃত্বাধীন ভাৰতীয় দলটো কেন উইলিয়ামছন নেতৃত্বাধীন কিৱি বাহিনীৰ বিৰুদ্ধে প্ৰথমখন ছেমি ফাইনেলত অৱতীৰ্ণ হ’ব ।

IND v NZ Semi Final
ICC world Cup 2023

স্প’ৰ্টছ ডেস্ক, 14 নৱেম্বৰ: মুম্বাইৰ আইকনিক ৱাংখেড়ে ষ্টেডিয়ামত অহা 15 নৱেম্বৰত এদিনীয়া ক্ৰিকেট বিশ্বকাপ 2023 ৰ প্ৰথমখন ছেমিফাইনেলত অৱতীৰ্ণ হ’ব ভাৰত আৰু নিউজীলেণ্ড ৷ আজিৰ পৰা প্ৰায় 12 বছৰ পূৰ্বে এই ৱাংখেড়ে ষ্টেডিয়ামতে শ্ৰীলংকাক পৰাস্ত কৰি দ্বিতীয়বাৰলৈ বিশ্বকাপৰ খিতাপ দখল কৰিছিল মহেন্দ্ৰ সিং ধোনী নেতৃত্বাধীন ভাৰতীয় ক্ৰিকেট দলে ৷ তাৰ পিচত 2013 চনত বাৰ্মিংহামত অনুষ্ঠিত আই চি চি চেম্পিয়নছ ট্ৰফীৰো খিতাপ জয় কৰিছিল ভাৰতে ৷ তাৰ পিচৰ পৰা কোনো আই চি চি ট্ৰফী জয় কৰিবলৈ সক্ষম হোৱা নাই ভাৰতীয় দলে ৷

কিন্তু ৰোহিত শৰ্মা নেতৃত্বাধীন ভাৰতীয় ক্ৰিকেট দলে ক্ৰিকেট বিশ্বকাপ 2023 ৰ আৰম্ভণিৰ পৰা বৰ্তমানলৈকে 9 খন লীগ মেচতে জয়লাভ কৰি বিশ্বকাপ জয়ৰ আশা জগাই তুলিছে ৷ 15 নৱেম্বৰত এই প্ৰতিযোগিতাৰ প্ৰথমখন নক্ আউট মেচত অৱতীৰ্ণ হ’ব ৰোহিত বাহিনী ৷ সমুখত থাকিব অন্যতম শক্তিশালী দল নিউজীলেণ্ড ৷

এইখিনিতে আপোনালোকক মনত পেলাই দিওঁ যে, 2019 চনত এই নিউজীলেণ্ড দলেই বিশ্বকাপৰ ছেমি ফাইনেলত ভাৰতক পৰাস্ত কৰি মেন ইন ব্লুৰ তৃতীয়বাৰলৈ বিশ্বকাপ জয়ৰ আশাত চেঁচা পানী ঢালিছিল ৷ মাৰ্টিন গুপ্টিলৰ এটা থ্ৰ’ত ৰাণ আউট হৈছিল ভাৰতীয় দলৰ অদ্বিতীয় ফিনিচাৰ মহেন্দ্ৰ সিং ধোনী ৷ মাহী ক্ৰীজৰ পৰা বাহিৰ হোৱাৰ লগে লগেই বিশ্বকাপৰ দৌৰৰ পৰা বাহিৰ হৈছিল ভাৰত ৷ এইবাৰ তাৰ পোতক তুলিবলৈ যেন সুযোগ পাইছে ভাৰতে ৷ ৱাংখেড়েত জয়ী হ’লে নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত অনুষ্ঠিত হ’ব লগীয়া ফাইনেলত নিজৰ প্ৰদৰ্শনেৰে দেশবাসীৰ মন জয় কৰিবলৈ সক্ষম হ’ব ৰোহিত বাহিনী ৷

ভাৰতে শেষবাৰৰ বাবে 2013 চনত আই চি চিৰ ট্ৰফী জয় কৰিছিল আৰু তাৰ পিছৰ পৰা প্ৰায় এটা দশক পাৰ হৈ গ’ল, ভাৰতে কোনো আই চি চিৰ ট্ৰফী ঘৰলৈ আনিবলৈ সক্ষম হোৱা নাই । বুধবাৰে যেতিয়া ৰোহিত শৰ্মা নেতৃত্বাধীন গঠিত দলটো খেলপথাৰত নামিব, হাজাৰ হাজাৰ দৰ্শকৰ সম্পূৰ্ণ ফেভাৰিট হিচাপে পৰিগণিত হ’ব দলটো ৷ 2019 চনৰ বিশ্বকাপৰ ছেমি ফাইনেলত পৰাজয়ৰ প্ৰতিশোধ ল’ব পাৰিব ভাৰতে ।

ভাৰতৰ বাবে নিউজীলেণ্ডক পৰাস্ত কৰিলে তৃতীয়টো আই চি চি এদিনীয়া বিশ্বকাপৰ খিতাপ দখলৰ পথ প্ৰশস্ত হ’ব পাৰে ৷ কিয়নো ফাইনেলত অষ্ট্ৰেলিয়া বা দক্ষিণ আফ্ৰিকাৰ মুখামুখি হ’ব ভাৰত ৷ ইতিমধ্যে লীগ পৰ্যায়ত ভাৰতে দুয়োটা দলকে শোচনীয়ভাৱে পৰাস্ত কৰিছে । নিউজীলেণ্ড ভাৰতৰ প্ৰত্যাহ্বান হৈ আহিছে আৰু বুধবাৰে জয়লাভ কৰিলে ৰাহুল দ্ৰাবিড়ে প্ৰশিক্ষণ দিয়া দলটোৰ মনোবল বৃদ্ধি পাব । ভাৰতৰ 9 খন লীগ খেলৰ আটাইকেইখন যদি বিশ্লেষণ কৰা হয়, তেন্তে নিউজীলেণ্ডৰ বিৰুদ্ধে ভাৰতৰ খেলখনেই আছিল আটাইতকৈ প্ৰত্যাহ্বানপূৰ্ণ খেল ।

2019 চনৰ বিশ্বকাপৰ ছেমি ফাইনেলত ডিপৰ পৰা মাৰ্টিন গুপ্টিলৰ এটা থ্ৰ’ই কিংবদন্তি মহেন্দ্ৰ সিং ধোনীক আউট কৰি লাখ লাখ ভাৰতীয় ক্ৰিকেট প্ৰেমীৰ হৃদয় ভাঙি পেলাইছিল । সেই থ্ৰ’ই ভাৰতৰ পৰাজয়ত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল আৰু বিৰাট কোহলী আৰু তেওঁৰ সহযোগীসকলে ইংলেণ্ডৰ পৰা খালী হাতেৰে উভতি আহিবলগীয়া হৈছিল ।

কেৱল চেজ মাষ্টাৰ বিৰাট কোহলীৰ বিস্ফোৰক প্ৰদৰ্শন আৰু মহম্মদ শ্বামীৰ বিধ্বংসী বলিঙৰ সহায়ত যোৱা 22 অক্টোবৰত ধৰ্মশালাৰ হিমাচল প্ৰদেশ ক্ৰিকেট এছ’চিয়েশ্যন ষ্টেডিয়ামত ভাৰতে নিউজীলেণ্ডৰ বিৰুদ্ধে জয়লাভ কৰিবলৈ সক্ষম হয় । কোহলী বৰ্তমান ফৰ্মত আছে আৰু তেওঁ এই টুৰ্ণামেণ্টৰ আগশাৰীৰ ৰান সংগ্ৰহকাৰী । তেওঁ এই পৰ্যন্ত ৫৯৪ ৰান সংগ্ৰহ কৰিছে আৰু তেওঁৰ আদৰ্শ বেটিং মেষ্ট্ৰ’ শচীন টেণ্ডুলকাৰৰ সৰ্বাধিক এদিনীয়া শতকৰ অভিলেখ ভংগ কৰিবলৈ মাত্ৰ এটা শতক বাকী আছে ।

ৱাংখেড়েক ভালপোৱা কোহলীয়ে এই দ্বিতীয় বৃহত্তম প্লেটফৰ্মত তেওঁৰ আদৰ্শ শচীন তেণ্ডুলকাৰৰ অভিলেখ ভংগ কৰাৰ সুযোগ পাব । মুম্বাইৰ আন এগৰাকী ক্ৰিকেট তাৰকা তথা ভাৰতীয় দলৰ অধিনায়ক ৰোহিত শৰ্মাইও এটা গতিত আছে আৰু সন্মুখৰ পৰাই নেতৃত্ব দিছে ৷ এই টুৰ্ণামেন্টত ৫০৩ ৰান সংগ্ৰহ কৰা ৰোহিতে নিজৰ ঘৰুৱা খেলপথাৰত এই ৰাণ সংখ্যা বৃদ্ধিৰ চেষ্টা চলাব । বেংগালুৰুৰ এম চিন্নাস্বামী ষ্টেডিয়ামত শেষৰখন লীগ মেচত নেদাৰলেণ্ডৰ বিৰুদ্ধে সৰ্বাধিক স্ক’ৰ কৰা শ্ৰেয়াছ আয়াৰ আৰু বাকী তাৰকা বেটছমেনসকলৰ ক্ষেত্ৰতো একেই ভাৱমূৰ্তি দেখা যাব ৷

গোটেই জীৱন ৱাংখেড়ে ষ্টেডিয়ামত খেলা শ্ৰেয়াছ আৰু সূৰ্যকুমাৰ যাদৱে ঘৰুৱা দৰ্শকৰ সন্মুখত আকৌ এবাৰ বেটিং বিস্ফোৰণ ঘটাবলৈ আগ্ৰহী হ’ব ৷ শুভমন গিল আৰু কে এল ৰাহুলৰ দৰে আন বেটছমেনেও নিজৰ ভূমিকা নিখুঁতভাৱে পালন কৰিবলৈ আগ্ৰহী হ’ব । ভাৰতীয় বলিং আক্ৰমণো মাৰাত্মক আৰু বহুবাৰ তেওঁলোকে বিৰোধী দলক অল আউট কৰি আহিছে । ছেমি ফাইনেলত নিজৰ শ্ৰেষ্ঠlম খেল প্ৰদৰ্শন কৰিবলৈ আগ্ৰহী হ’ব বলাৰসকলো ।

যদিহে ৰাহুল দ্ৰাবিড়ৰ প্ৰশিক্ষিত দলটোৱে চমক দিয়াৰ বাবে পৰিচিত শক্তিশালী নিউজীলেণ্ডক পৰাস্ত কৰিব পাৰে, তেন্তে তেওঁলোকে আহমেদাবাদৰ বিশ্বৰ সৰ্ববৃহৎ ষ্টেডিয়ামত নিজপ প্ৰভাৱ দেখুৱাব । যদিহে ভাৰতে বিশ্বকাপ জয় কৰে তেন্তে এই সন্মানীয় টুৰ্ণামেণ্টত একেৰাহে 11 খন মেচত জয়ী হোৱা অষ্ট্ৰেলিয়াৰ অভিলেখৰ সৈতে সমতা স্থাপন কৰিব ৷

লগতে পঢ়ক: World Cup 2023 : ঐতিহাসিক দৃষ্টিভংগীৰে ভাৰত বনাম নিউজীলেণ্ডৰ ছেমি ফাইনেল

Last Updated :Nov 14, 2023, 7:38 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.