ETV Bharat / sports

World Cup 2023 : ঐতিহাসিক দৃষ্টিভংগীৰে ভাৰত বনাম নিউজীলেণ্ডৰ ছেমি ফাইনেল

author img

By ETV Bharat Assamese Team

Published : Nov 14, 2023, 5:25 PM IST

ঐতিহাসিক দৃষ্টিভংগীৰে ভাৰত বনাম নিউজীলেণ্ডৰ ছেমি ফাইনেল
World Cup 2023

ভাৰত আৰু নিউজীলেণ্ডে চলিত ক্ৰিকেট বিশ্বকাপৰ ছেমি ফাইনেলত অৱতীৰ্ণ হ'বলৈ আগবাঢ়িছে । ভাৰত-নিউজীলেণ্ডৰ এই যুঁজৰ সময়তে পুনৰবাৰ মনলৈ আহিছে ২০১৯-ৰ বিশ্বকাপৰ কথা । কিয়নো ভাৰত সেই সময়তো পইণ্ট তালিকাৰ শীৰ্ষত আছিল আৰু নিউজীলেণ্ড আছিল চতুৰ্থ স্থানত । ভাৰতে যোৱাবাৰ নিউজীলেণ্ডৰ হাতত পৰাস্ত হৈছিল । কিন্তু এইবাৰ তাৰ মধুৰ পোতক তুলিবলৈ ব্যগ্ৰ হৈ আছে টীম ইণ্ডিয়া । ইটিভি ভাৰতৰ প্ৰদীপ সিং ৰাৱাটৰ এই বিষয়ত বিশেষ প্ৰতিবেদন ।

স্পৰ্টছ ডেস্ক, ১৪ নৱেম্বৰ : আৰু মাত্ৰ কেইঘণ্টামান বাকী । চলিত বিশ্বকাপৰ প্ৰথমখন ছেমি ফাইনেলত বুধবাৰে দিনৰ ২ বজাত নিউজীলেণ্ডৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব ভাৰত । কিন্তু এই মেচখনৰ পূৰ্বে ২০১৯ চনৰ ক্ৰিকেট বিশ্বকাপৰ ছেমি ফাইনেলখনৰ স্মৃতি সজীৱ হৈ পৰিছে । কিয়নো ভাৰত আৰু নিউজীলেণ্ডৰ মাজত ২০১৯ চনৰ বিশ্বকাপৰ ছেমি ফাইনেল ৯ আৰু ১০ জুলাইত মানচেষ্টাৰত অনুষ্ঠিত হৈছিল । বৰষুণে বিঘিনি ঘটোৱা বাবে মেচখন দুটা দিনত খেলিবলগা হৈছিল ।

ভাৰতে প্ৰথম ইনিংছত মুঠ ২৩৯ ৰাণত নিউজীলেণ্ডৰ ইনিংছ সীমাবদ্ধ ৰাখিছিল আৰু ২৪০ ৰাণৰ বিজয় লক্ষ্য লৈ এক শক্তিশালী স্থিতিত আছিল । অৱশ্যে বিৰাট কোহলী এণ্ড কোম্পানীয়ে মুঠ ২২১ ৰাণতে থমকি ৰ'বলগা হয় আৰু ভাৰতীয় অনুৰাগীসকলক হতাশ কৰি ১৮ ৰাণৰ বাবে ফাইনেলৰ দুৱাৰদলিৰ পৰা উভতি আহে । চাৰি বছৰৰ পিছত দুয়োটা দলে এই একেখন টুৰ্ণামেণ্টত একেটা পৰ্যায়ত পুনৰ নিজৰ শ্ৰেষ্ঠত্বৰ যুঁজৰ বাবে আগবাঢ়িছে । নিশ্চিতভাৱে ভাৰতে এইবাৰ যোৱা বিশ্বকাপৰ প্ৰতিশোধ ল'বলৈ আগ্ৰহী হৈ আছে ।

পইণ্ট তালিকাৰ শীৰ্ষত ভাৰত

ভাৰতে এতিয়ালৈকে প্ৰতিযোগিতাখনত লীগ পৰ্যায়ৰ আটাইকেইখন মেচত জয়লাভ কৰি পইণ্ট তালিকাৰ শীৰ্ষস্থানত আছে । আনহাতে, নিউজীলেণ্ডে নখন মেচৰ ভিতৰত পাঁচখনত জয়লাভ কৰি ১০ পইণ্ট অৰ্জনেৰে চতুৰ্থ স্থান দখল কৰি ছেমি ফাইনেলত প্ৰৱেশ কৰিছে । কাকতালীয়ভাৱে ২০১৯ চনত সাতটা বিজয় আৰু এটা পৰাজয়েৰে লীগ পৰ্যায়ৰ সমাপ্তিত ভাৰত পইণ্ট তালিকাৰ শীৰ্ষত আছিল । একেদৰে লীগ পৰ্যায়ৰ পৰা অৰ্জন কৰা পাঁচটা বিজয়ৰ জৰিয়তে নিউজীলেণ্ডো চতুৰ্থ স্থানত আছিল । ২০১৯ আৰু ২০২৩ দুয়োখন বিশ্বকাপতে ছেমি ফাইনেলত নিউজীলেণ্ডৰ স্থান পাকিস্তানৰ প্ৰদৰ্শনৰ ওপৰত নিৰ্ভৰ কৰে ।

বিশ্বকাপত ভাৰত বনাম নিউজীলেণ্ড

বিশ্বকাপত ভাৰত আৰু নিউজীলেণ্ডে ১০ বাৰকৈ ইটোৱে সিটো দলৰ বিৰুদ্ধে খেলিছে । ইয়াৰে ভিতৰত ভাৰতে চাৰিবাৰ বিজয় সাব্যস্ত কৰিছে আৰু নিউজীলেণ্ড জয়ী হৈছে পাঁচখন মেচত । দুয়োপক্ষৰ মাজত ২০১৯ চনৰ বিশ্বকাপৰ লীগ মেচখন বৰষুণৰ বাবে প্ৰত্যাহাৰ হৈছিল । আনহাতে, চলিত সংস্কৰণত দুয়োটা দলৰ মাজৰ লীগ মেচখনত ভাৰতে চাৰি উইকেটত জয়লাভ কৰে ।

ভাৰতে এতিয়ালৈকে বিশ্বকাপৰ আঠটা সংস্কৰণত নিউজীলেণ্ডৰ মুখামুখী হৈছে । বুধবাৰে ঐতিহাসিক ৱাংখেড়ে ষ্টেডিয়ামত এই দুয়োটা দলৰ মাজত ২০২৩ বিশ্বকাপৰ এইখন দ্বিতীয় মেচ হ'ব । ইয়াৰ পূৰ্বে ভাৰত আৰু নিউজীলেণ্ডে ১৯৮৭ আৰু ২০১৯ সংস্কৰণত দুখন মেচত অংশগ্ৰহণ কৰিছে । ভাৰতে ১৯৮৭ সংস্কৰণত দুয়োখন মেচত জয়লাভ কৰিছিল । আনহাতে, ২০১৯ চনত এখন মেচ বৰষুণৰ বাবে পৰিত্যক্ত হৈছিল আৰু আনখনত নিউজীলেণ্ডে জয়লাভ কৰিছিল । ২০০৩ চনৰ বিশ্বকাপতো ভাৰত বিজয়ী হৈছিল । ইফালে নিউজীলেণ্ডে ১৯৭৫, ১৯৭৯, ১৯৯২, ১৯৯৯ আৰু ২০১৯ সংস্কৰণত জয়লাভ কৰিছিল ।

মেচত সৰ্বাধিক আৰু নিম্নতম স্ক'ৰ

চলিত বিশ্বকাপত দুয়োটা দলে ইটোৱে সিটো দলৰ বিৰুদ্ধে সৰ্বাধিক স্ক'ৰ কৰিছে । নিউজীলেণ্ডে প্ৰথম ইনিংছত ২৭৩ ৰাণ সংগ্ৰহ কৰিছিল । আনহাতে, ভাৰতে মেচখন জয়ৰ লক্ষ্য অনুসৰণ কৰে । নিউজীলেণ্ডৰ বিৰুদ্ধে ভাৰতৰ সৰ্বনিম্ন স্ক'ৰ হৈছে ১৮২ আৰু নিউজীলেণ্ডৰ হৈছে ১৪৬ ।

ৱাংখেড়েত দুয়োটা দলৰ প্ৰদৰ্শন

ভাৰতে ছেমি ফাইনেলত নিউজীলেণ্ডৰ বিৰুদ্ধে ৱাংখেড়ে ষ্টেডিয়ামত অৱতীৰ্ণ হ'ব । ভাৰতে এই ষ্টেডিয়ামত মুঠ ২১ খন এদিনীয়া খেলিছে । ইয়াৰ বিপৰীতে নিউজীলেণ্ডে তিনিখন মেচ খেলিছে । ভাৰতে ইয়াৰে ভিতৰত ১২ খন মেচত জয়লাভ কৰাৰ বিপৰীতে নখনত পৰাজিত হৈছে । আনহাতে, নিউজীলেণ্ডে দুখন মেচত জয়লাভ কৰিছে ।

ভাৰতে প্ৰথমে বেটিং কৰি পাঁচখন মেচত জয়লাভ কৰিছে । আনহাতে, লক্ষ্য অনুসৰণ কৰি সাতখনত জয়লাভ কৰিছে । ইফালে কিৱি দলে প্ৰথমে বেটিং কৰি এখনত আৰু লক্ষ্য অনুসৰণ কৰিও এখনত বিজয় সাব্যস্ত কৰিছে । উল্লেখ্য যে ৱাংখেড়েত ভাৰতৰ সৰ্বাধিক স্ক'ৰ হৈছে ৩৫৭ আৰু নিউজীলেণ্ডৰ হৈছে ৩৫৮ । ইয়াৰ বিপৰীতে ভাৰতৰ সৰ্বনিম্ন স্ক'ৰ হৈছে ১৬৫ আৰু নিউজীলেণ্ডৰ ১৫৩ ।

এদিনীয়াত ভাৰত-নিউজীলেণ্ডৰ ৰেকৰ্ড

লক্ষণীয়ভাৱে ভাৰতে এদিনীয়া ক্ৰিকেটত ১১৭ খন মেচত নিউজীলেণ্ডৰ বিৰুদ্ধে খেলিছে । ইয়াৰে ভিতৰত ভাৰতে ৫৯ খন মেচত জয়লাভ কৰিছে আৰু বিপক্ষ দলটোৱে ৫০ খন মেচত বিজয় সাব্যস্ত কৰিছে । এখন মেচৰ ফলাফল টাই হোৱাৰ বিপৰীতে সাতখন মেচ পৰিত্যক্ত হৈছে ।

লগতে পঢ়ক :World Cup 2023 : এইবাৰৰ বিশ্বকাপৰ ফেভাৰিট দল ভাৰত; প্ৰাক্তন অধিনায়ক মহম্মদ আজহাৰুদ্দিন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.