ETV Bharat / sports

World Cup 2023 : এইবাৰৰ বিশ্বকাপৰ ফেভাৰিট দল ভাৰত; প্ৰাক্তন অধিনায়ক মহম্মদ আজহাৰুদ্দিন

author img

By ETV Bharat Assamese Team

Published : Nov 14, 2023, 3:59 PM IST

এইবাৰৰ বিশ্বকাপৰ ফেভাৰিট দল ভাৰত; প্ৰাক্তন অধিনায়ক মহম্মদ আজহাৰুদ্দিন
World Cup 2023

১৯৯২, ১৯৯৬ আৰু ১৯৯৯ বিশ্বকাপত ভাৰতক নেতৃত্ব দিয়া টীম ইণ্ডিয়াৰ প্ৰাক্তন অধিনায়ক মহম্মদ আজহাৰুদ্দিনৰ মতে, ১৯ নৱেম্বৰত আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত ৰোহিত শৰ্মাৰ নেতৃত্বাধীন দলটোৱে আকাংক্ষিত ৰূপালী ট্ৰফীটো দাঙিব । উল্লেখ্য যে চলিত ক্ৰিকেট বিশ্বকাপত ভাৰত হৈছে একমাত্ৰ দল, যিয়ে লীগ পৰ্যায়ত অপৰাজিত হৈ ছেমি ফাইনেলত প্ৰৱেশ কৰিছে । মুম্বাইৰ ৱাংখেড়ে ষ্টেডিয়ামত বুধবাৰে প্ৰথমখন ছেমি ফাইনেলত নিউজীলেণ্ডৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব ভাৰত । ইটিভি ভাৰতৰ নিখিল বাপতৰ বিশেষ প্ৰতিবেদন ।

স্পৰ্টছ ডেস্ক, ১৪ নৱেম্বৰ : ভাৰতৰ বিশ্বকাপ জয় সন্দৰ্ভত নিজৰ অভিমত ব্যক্ত কৰিছে প্ৰাক্তন অধিনায়ক মহম্মদ আজহাৰুদ্দিনে । তেওঁৰ বিশ্বাস যে ৰোহিত শৰ্মাৰ নেতৃত্বাধীন বৰ্তমানৰ ভাৰতীয় ক্ৰিকেট দলটোৱে চলিত ক্ৰিকেট বিশ্বকাপ জয় কৰিব আৰু ২০১৩ চনৰ পৰা আইচিচি ট্ৰফী জয়ৰ ব্যৰ্থতাৰ অৱসান ঘটিব ।

৩০ নৱেম্বৰত অনুষ্ঠিত হ'বলগীয়া তেলেংগানা বিধানসভা নিৰ্বাচনৰ বাবে প্ৰচাৰ চলাই থকা সময়ত আজহাৰুদ্দিনে ব্যস্ত সময়সূচীৰ পৰা কিছু সময় উলিয়াই এই মন্তব্য কৰে । দেশৰ হৈ ৯৯ খন টেষ্টত অংশগ্ৰহণ কৰা আজহাৰউদ্দিনে জুবিলি হিলছ সমষ্টিৰ পৰা কংগ্ৰেছৰ টিকটত প্ৰতিদ্বন্দ্বিতা কৰিছে ।

আনহাতে, ৩৩৪ খন এদিনীয়া মেচত ৯,৩৭৮ ৰাণ সংগ্ৰহ কৰা ৬০ বছৰীয়া মহম্মদ আজহাৰুদ্দিনে ইটিভি ভাৰতক এক বিশেষ বাৰ্তালাপত কয়, "ভাৰত এদিনীয়া বিশ্বকাপ জয়ৰ ক্ষেত্ৰত অতিকে ফেভাৰিট ।"

ভাৰতীয় দলটোৰ জয়ৰ প্ৰতি স্পৃহা আৰু প্ৰচেষ্টা আছে । চলিত বিশ্বকাপৰ লীগ পৰ্যায়ত একমাত্ৰ অপৰাজিত দল হিচাপে আছে ভাৰত । অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে চেন্নাইৰ চেপকত জয়েৰে অভিযান আৰম্ভ কৰা ভাৰতে যোৱা দেওবাৰে বাংগালুৰুৰ এম চিন্নাস্বামী ষ্টেডিয়ামত তেওঁলোকৰ লীগ পৰ্যায়ৰ অভিযান পুনৰ জয়েৰে সমাপ্ত কৰে । মোন ইন ব্লুৱে পইণ্ট তালিকাত শীৰ্ষস্থানত লীগ পৰ্যায়ৰ অভিযান সমাপ্ত কৰে ।

"তেওঁলোকে যেনেধৰণে খেলি আছে... তেওঁলোকৰ এটা ভাল (দলীয়) সংমিশ্ৰণ আছে । বেটিং ভাল, ফিল্ডিং ভাল আৰু বলিঙো ভাল । সকলো বিভাগে (ভালদৰে) খেলি আছে আৰু সকলো বিভাগ একত্ৰিত হৈ আছে ।" ২২৯ খন প্ৰথম শ্ৰেণীৰ মেচৰ পৰা ১৫,৮৫৫ ৰাণ সংগ্ৰহ কৰা আজহাৰুদ্দিনে কয় ।

ভাৰতীয় দলত সকলো খেলুৱৈয়ে দলটোলৈ অৰিহণা আগবঢ়াইছে আৰু প্ৰয়োজনত দলটোৰ হৈ থিয় দিছে । ৰোহিত শৰ্মা আৰু বিৰাট কোহলীৰ দৰে তাৰকা বেটছমেনৰ উপৰি শুভমন গিল, শ্ৰেয়স আয়াৰ, কে এল ৰাহুল আৰু সূৰ্যকুমাৰ যাদৱৰ দৰে যুৱ প্ৰতিভা উদ্ভাসিত হৈ উঠিছে আৰু প্ৰয়োজনীয় অৱদান আগবঢ়াইছে ।

আনহাতে, যশপ্ৰীত বুমৰাহৰ নেতৃত্বত বলিং আক্ৰমণ মাৰাত্মক হৈ আছে আৰু বিপক্ষক যিকোনো সময়ত ধৰাশায়ী কৰাত টীম ইণ্ডিয়াক সহায় কৰিছে । উল্লেখ্য যে ১৫ নৱেম্বৰত ৱাংখেড়ে ষ্টেডিয়ামত অনুষ্ঠিত হ'বলগীয়া প্ৰথমখন ছেমি ফাইনেলত মেন ইন ব্লুৱে নিউজীলেণ্ডৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব । এতিয়া মাত্ৰ এটা জয়ে ভাৰতক ফাইনেলত স্থান দিব ।

আনহাতে, বৃহস্পতিবাৰে অনুষ্ঠিত হ'বলগীয়া অষ্ট্ৰেলিয়া আৰু দক্ষিণ আফ্ৰিকাৰ মাজৰ দ্বিতীয়খন ছেমি ফাইনেলৰ পৰা বিজয়ী দলটোৱে ১৯ নৱেম্বৰত ফাইনেলত আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত প্ৰথম ছেমি ফাইনেলৰ বিজয়ী দলটোৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব ।

লগতে পঢ়ক :World Cup 2023 : ভাৰত নিউজীলেণ্ডৰ ছেমি ফাইনেল; আঢ়ৈ হাজাৰৰ টিকট আঢ়ৈ লাখত বিক্ৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.