ETV Bharat / sports

World Cup 2023 : ভাৰত নিউজীলেণ্ডৰ ছেমি ফাইনেল; আঢ়ৈ হাজাৰৰ টিকট আঢ়ৈ লাখত বিক্ৰী

author img

By ETV Bharat Assamese Team

Published : Nov 14, 2023, 2:05 PM IST

ভাৰত নিউজীলেণ্ডৰ ছেমি ফাইনেল; আঢ়ৈ হাজাৰৰ টিকট আঢ়ৈ লাখত বিক্ৰী
World Cup 2023

মাজত মাত্ৰ এটা দিন বাকী । বুধবাৰে মুম্বাইৰ ৱাংখেড়ে ষ্টেডিয়ামত অনুষ্ঠিত হ'ব চলিত ক্ৰিকেট বিশ্বকাপৰ প্ৰথমখন ছেমি ফাইনেল । বহু প্ৰতীক্ষিত ছেমি ফাইনেলখনত ভাৰতে নিউজীলেণ্ডৰ বিৰুদ্ধে অৱতাৰ্ণ হ'ব । কিন্তু এই মেচখনৰ টিকটৰ এতিয়া ক'লা বজাৰত ৰমৰমীয়া বেহা । এই অভিযোগত মুম্বাইৰ এজন লোকক গ্ৰেপ্তাৰ কৰা হৈছে । জানিব পৰা মতে, আঢ়ৈ হাজাৰ টকীয়া টিকট এতিয়া আঢ়ৈ লাখ টকালৈকে বিক্ৰী হৈছে ।

স্পৰ্টছ ডেস্ক, ১৪ নৱেম্বৰ : নিউজীলেণ্ডৰ বিৰুদ্ধে বুধবাৰে অনুষ্ঠিত হ'বলগীয়া ভাৰতৰ ছেমি ফাইনেল মেচখনৰ টিকট এতিয়া ক'লা বজাৰত ভৰি পৰিছে । মুম্বাইৰ ৱাংখেড়ে ষ্টেডিয়ামত অনুষ্ঠিত হ'বলগীয়া এই মেচখনৰ পূৰ্বে ক'লা বজাৰত যথেষ্ট মূল্যত টিকট বিক্ৰীৰ অভিযোগ উঠিছে । মহাৰাষ্ট্ৰ আৰক্ষীয়ে ক'লা বজাৰত টিকট বিক্ৰীৰ অভিযোগত মুম্বাইৰ মালাদৰ পৰা এজন লোকক গ্ৰেপ্তাৰ কৰে । জানিব পৰা মতে, এই মেচখনৰ টিকটবোৰ ক'লা বজাৰত ২৭ হাজাৰ টকাৰ পৰা আঢ়ৈ লাখ টকালৈ বিক্ৰী কৰা হৈছে । যিটো প্ৰকৃত মূল্যতকৈ প্ৰায় ১০ গুণৰ পৰা ১০০ গুণতকৈ অধিক বুলি আৰক্ষীয়ে প্ৰকাশ কৰিছে ।

গ্ৰেপ্তাৰ কৰা লোকজনক আকাশ কোঠাৰী বুলি চিনাক্ত কৰা হৈছে । তেওঁক মহানগৰৰ উত্তৰ অংশত থকা তেওঁৰ ঘৰৰ পৰা জে জে আৰক্ষী থানাৰ আৰক্ষীৰ এটা দলে গ্ৰেপ্তাৰ কৰে ।

উল্লেখ্য যে বিভিন্ন ৱাটছএপ গ্ৰুপত প্ৰচাৰিত মেছেজবোৰত দেখা গৈছে যে এই টিকটবোৰ ২৭,০০০ টকাৰ পৰা ২.৫ লাখ টকালৈ বিক্ৰী কৰা হৈছে । এগৰাকী তদন্তকাৰী বিষয়াই কয় ।

আনহাতে, গ্ৰেপ্তাৰ কৰা ব্যক্তিজনে মূল মূল্যতকৈ চাৰিৰ পৰা পাঁচ গুণ অধিক হাৰত টিকটবোৰ বিক্ৰী কৰি আছিল । তেওঁৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ (আইপিচি) ৪২০ আৰু ৫১১ ধাৰাৰ অধীনত প্ৰৱঞ্চনা আৰু অন্যান্য অপৰাধৰ অধীনত গোচৰ ৰুজু কৰা হৈছে ।

তেওঁ এই টিকটবোৰ ক'ৰ পৰা ক্ৰয় কৰিছিল আৰু এই ৰেকেটটোত অধিক লোক জড়িত আছে নেকি তাৰ ওপৰত তদন্ত চলি থকা বুলি আৰক্ষীয়ে জনাইছে ।

"নিউজীলেণ্ড বনাম ভাৰত বিশ্বকাপৰ মেচৰ যি টিকটৰ মূল্য প্ৰায় ২৫০০-ৰ পৰা ৪০০০ টকা, সেয়া ২৫,০০০০-ৰ পৰা ৫০,০০০ টকালৈকে বিক্ৰী কৰা হৈছে । এই তথ্য লাভ কৰাৰ পিছত আমাৰ দলে অভিযুক্তৰ সৈতে যোগাযোগ কৰে আৰু ততালিকে ব্যৱস্থা গ্ৰহণ কৰে । বিষয়টো সন্দৰ্ভত অধিক তদন্ত চলি আছে ।" মুম্বাইৰ ডিচিপি প্ৰবীণ মুণ্ডেয়ে কয় ।

উল্লেখ্য যে প্ৰতিযোগিতাখনৰ বাকী থকা তিনিখন মেচৰ বাবে টিকটৰ উচ্চ চাহিদা হৈছে । কিয়নো সকলো টিকট ইতিমধ্যে বিক্ৰী হৈ গৈছে আৰু এই মেচকেইখনত দৰ্শকৰ অতি মাত্ৰাত উপস্থিতিৰ সম্ভাৱনা আছে ।

আনহাতে, দ্বিতীয়খন ছেমি ফাইনেল বৃহস্পতিবাৰে কলকাতাৰ ইডেন গাৰ্ডেনত অষ্ট্ৰেলিয়া আৰু দক্ষিণ আফ্ৰিকাৰ মাজত অনুষ্ঠিত হ'ব । দেওবাৰে আহমেদাবাদৰ মটেৰা ষ্টেডিয়াম ওৰফে নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত দুয়োখন ছেমি ফাইনেলৰ বিজয়ী দল দুটাৰ মাজত ফাইনেল মেচখন অনুষ্ঠিত হ'ব ।

লগতে পঢ়ক :ICC Hall of Fame 2023: তিনি ক্ৰিকেট খেলুৱৈক আইচিচি হল অৱ ফেমত অন্তৰ্ভুক্ত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.