অসম

assam

সামূহিক প্ৰচেষ্টাৰ অভাৱৰ বাবে দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে ভাৰতৰ শোচনীয় পৰাজয়

By ETV Bharat Assamese Team

Published : Dec 29, 2023, 11:05 AM IST

দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে চলিত প্ৰথমখন টেষ্টত ভাৰতৰ এটা ইনিংছ আৰু ৩২ ৰাণৰ ব্যৱধানত পৰাজয় (SA defeat IND)। দলটোৰ দুৰ্বল প্ৰদৰ্শনৰ কথা স্বীকাৰ কৰিলে অধিনায়ক ৰোহিত শৰ্মাই । তেওঁৰ মতে ভাৰতীয় দলটো জয়ী হোৱাৰ যোগ্য নাছিল ।

IND vs SA
সামূহিক প্ৰচেষ্টাৰ অভাৱৰ বাবে দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে ভাৰতৰ শোচনীয় পৰাজয়

স্পৰ্টছ ডেস্ক, ২৯ ডিচেম্বৰ :চেঞ্চুৰিয়ানত প্ৰথমখন টেষ্টত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে ভাৰতৰ শোচনীয় পৰাজয় । বিনা দ্বিধাই পৰাজয় স্বীকাৰ কৰিলে ভাৰতীয় দলৰ অধিনায়ক ৰোহিত শৰ্মাই । ৰোহিত শৰ্মাই দলৰ সামূহিক প্ৰচেষ্টাৰ অভাৱৰ কথাও স্বীকাৰ কৰে ।

উল্লেখ্য যে, টেষ্ট শৃংখলাটোৰ প্ৰথমখন টেষ্টত দক্ষিণ আফ্ৰিকাই ভাৰতক এটা ইনিংছ আৰু ৩২ ৰাণৰ ব্যৱধানত পৰাস্ত কৰে । এই পৰাজয়ৰ পাচতে ভাৰতীয় দল আৰু দৰ্শকসকলক নিৰাশ দেখা গৈছে । অৱশ্যে খেলৰ পিচত শোচনীয় পৰাজয়ৰ কাৰণো বাখ্যা কৰিলে অধিনায়ক ৰোহিত শৰ্মাই । তেওঁ স্বীকাৰ কৰিছে যে ভাৰতীয় দলটোৱে ঘৰুৱা দলটোক প্ৰত্যাহ্বান জনাব পৰা নাছিল ।

ভাৰতীয় দলটোৱে বেট আৰু বলেৰে দুৰ্বল প্ৰদৰ্শন কৰিছে । প্ৰথম ইনিংছত দক্ষিণ আফ্ৰিকাক ১০৮.৪ অভাৰত ৪০৮ ৰাণ সংগ্ৰহ কৰিবলৈ দিয়াৰ পিচত, ভাৰতীয় দলটো দ্বিতীয় ইনিংছত ৩৪.১ অভাৰত মাত্ৰ ১৩১ ৰাণহে সংগ্ৰহ কৰে । ভাৰতীয় দলটোৱে প্ৰথম ইনিংছত ২৪৫ ৰাণ সংগ্ৰহ কৰিছিল ।

খেলৰ অন্তত ৰোহিত শৰ্মাই কয় যে ভাৰতীয় দলটো জয়ী হোৱাৰ যোগ্য নাছিল । টছত পৰাজিত হৈ প্ৰথমে বেটিং কৰি কে এল ৰাহুলৰ দৰ্শনীয় বেটিঙৰ ফলত ভাৰতে এক উৎকৃষ্ট স্ক'ৰ কৰিবলৈ সক্ষম হয় যদিও তাৰ পিচত বলাৰসকলে পৰিস্থিতিৰ সুবিধা ল'ব নোৱাৰিলে । পৰৱৰ্তী ইনিংছত বেটিঙেৰেও দলটোৱে ভাল কৰিব নোৱাৰিলে বুলি ৰোহিত শৰ্মাই উল্লেখ কৰে ।

তেওঁৰ মতে যদি এখন টেষ্ট মেচত জয়ী হ'ব বিচাৰে তেন্তে সামূহিকভাৱে অৱদান আগবঢ়াব লাগিব আৰু দলটোৱে সেইটো কৰাত ব্যৰ্থ হৈছিল । সতীৰ্থসকলে দক্ষিণ আফ্ৰিকাত পূৰ্বেও খেলিছিল আৰু তেওঁলোকৰ পৰা কি আশা কৰিব লাগে সেয়া দলটোৱে ভালদৰে জানে । সকলোৰে নিজা পৰিকল্পনা আছে বুলিও তেওঁ উল্লেখ কৰে ।

ভাৰতীয় অধিনায়কগৰাকীয়ে লগতে কয় যে বেটছমেনসকল প্ৰত্যাহ্বানৰ সন্মুখীন হৈছিল । বিপক্ষৰ দলটোক ভাল স্কৰিং কৰা দেখা গৈছিল । সেয়ে প্ৰতিদ্বন্দী হিচাপে ভাৰতে তেওঁলোকৰ শক্তি বুজিব লাগিব বুলি তেওঁ উল্লেখ কৰে । ভাৰতীয় দলটোৱে দুয়োটা ইনিংছতে ভাল বেটিং কৰা নাছিল ৷ যাৰ বাবে পৰাজয়ৰ সন্মুখীন হৈছে বুলি স্বীকাৰ কৰে অধিনায়ক ৰোহিত শৰ্মাই ।

লক্ষণীয়ভাৱে ভাৰতৰ দুৰ্বল প্ৰদৰ্শনৰ বাবে তিনি দিনৰ ভিতৰত খেলখন সমাপ্ত হয় । যাৰ বাবে ৰোহিতে খেলখনত বেছি ইতিবাচক দিশ দেখা নাপালে ।অৱশ্যে ৰাহুলে দেখুৱাইছে যে ভাৰতীয় দলটোৱে এনে ধৰণৰ পিটছতো ৰাণ কৰিব পাৰে । ইফালে দ্বিতীয় ইনিংছত ডিন এলগাৰে ১৮৫ ৰাণ সংগ্ৰহ কৰে । তেওঁ ইয়াক বিশেষ ইনিংছ বুলিও অভিহিত কৰিছে ।

লগতে পঢ়ক :লিফ্টত আবদ্ধ আম্পায়াৰ, খেলপথাৰত ৰৈ থাকিল খেলুৱৈ

ABOUT THE AUTHOR

...view details