ETV Bharat / sports

লিফ্টত আবদ্ধ আম্পায়াৰ, খেলপথাৰত ৰৈ থাকিল খেলুৱৈ

author img

By PTI

Published : Dec 28, 2023, 1:31 PM IST

মেলবৰ্ণ ক্ৰিকেট ষ্টেডিয়ামত অষ্ট্ৰেলিয়া আৰু পাকিস্তানৰ মাজত টেষ্ট মেচ চলি থকাৰ মাজতে ষ্টেডিয়ামৰ লিফ্টত আবদ্ধ হৈ থাকে তৃতীয় আম্পায়াৰ ৰিচাৰ্ড ইলিংৱৰ্থ (Aus vs Pak Test)। যাৰ বাবে ভোজন বিৰতিৰ পিচত খেল আৰম্ভ হোৱাত বিলম্ব । খেলুৱৈ আৰু দৰ্শকৰ মাজত কৌতূহল ।

Aus vs Pak Test
লিফ্টত আবদ্ধ আম্পায়াৰ খেলপথাৰত ৰৈ থাকিল খেলুৱৈ

স্পৰ্টছ ডেস্ক,২৮ ডিচেম্বৰ : অষ্ট্ৰেলিয়াৰ ঐতিহাসিক মেলবৰ্ণ ক্ৰিকেট ষ্টেডিয়ামত চলি আছে অষ্ট্ৰেলিয়া আৰু পাকিস্তানৰ মাজত টেষ্ট মেচ । বৃহস্পতিবাৰে বক্সিং ডে টেষ্টৰ সময়তে ৰোমাঞ্চকৰ ঘটনা । ভোজন বিৰতিৰ পাছতে খেলখনৰ পৰৱৰ্তী অধিবেশন আৰম্ভ হোৱাত বিলম্বিত হয় । ইয়াৰ কাৰণ জানিলে আপুনিও আচৰিত হ'ব । জানিব পৰা মতে তৃতীয় আম্পায়াৰ ৰিচাৰ্ড ইলিংৱৰ্থ মেলবৰ্ণ ক্ৰিকেট ষ্টেডিয়ামৰ লিফ্টত আবদ্ধ হৈ আছিল । যাৰ বাবে তেওঁ সময়ত নিজৰ আসনত উপস্থিত হোৱা নাছিল । ফলস্বৰূপে খেলখন পুনৰ আৰম্ভ হোৱাত বিলম্ব হয় ।

খেলখন কেইমিনিটমানৰ বাবে স্থগিত ৰাখিবলগীয়া হয় । খেলপথাৰত থকা আম্পায়াৰদ্বয় জোৱেল উইলচন আৰু মাইকেল গফক এই বিষয়ে অৱগত কৰা হয় । লগে লগে খেলুৱৈ আৰু ষ্টেডিয়ামৰ দৰ্শকসকলৰ মাজত ধেমেলীয়া পৰিৱেশৰ সৃষ্টি হয় । ইফালে তৃতীয় আম্পায়াৰৰ খালী আসনখনো কেমেৰাই বাৰে বাৰে দেখুৱাই থাকিল । যিটোৱে দৰ্শকসকলক অধিক আমোদ দিলে ।

এই সন্দৰ্ভত ক্ৰিকেট অষ্ট্ৰেলিয়াই সামাজিক মাধ্যমৰ এটা পোষ্টত কয় যে খেলখন বিলম্ব হোৱাৰ কাৰণ তৃতীয় আম্পায়াৰগৰাকী লিফ্টত আবদ্ধ হৈ আছিল । আম্পায়াৰগৰাকীয়ে ডাইনিং এলেকাৰ পৰা তেওঁৰ নিৰ্ধাৰিত আসনলৈ উভতি অহাৰ সময়তে লিফ্টত আবদ্ধ হৈ থাকে । অষ্ট্ৰেলিয়াৰ অপেনাৰ ডেভিদ ৱাৰ্ণাৰেও খেলপথাৰত এই পৰিস্থিতিটোক লৈ ধেমেলীয়া কৰা দেখা গৈছিল । ইফালে ৰিজাৰ্ভ আম্পায়াৰ ফিলিপ গিলেস্পীয়ে তৃতীয় আম্পায়াৰ হিচাপে ইলিংৱৰ্থৰ সলনি বক্সৰ ফালে দৌৰি যোৱাৰ দৃশ্যও কেমেৰাত বন্দী হৈছিল ।

সেই সময়ত ৱাৰ্ণাৰৰ সৈতে বেটিং কৰি থকা ষ্টিভ স্মিথে উইলছনক প্ৰশ্ন কৰিছিল যে ইলিংৱৰ্থ উভতি অহালৈকে তেওঁলোকে অপেক্ষা কৰিব পাৰিব নে ? অৱশ্যে কেইমিনিটমানৰ পিচতে ইলিংৱৰ্থ লিফ্টৰ পৰা ওলাই আহি নিজৰ আসনত বহিছিল । পিচত পুনৰ খেল আৰম্ভ হয় ।

লগতে পঢ়ক :ভাৰত-দঃ আফ্ৰিকাৰ প্ৰথম টেষ্ট: প্ৰথম ইনিংছৰ প্ৰথমটো দিনত ৮ উইকেটত ২০৮ ৰান ভাৰতৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.