অসম

assam

Ind vs Pak World Cup 2023 : অৰিজিত সিঙৰ কণ্ঠৰ যাদুত মোহাচ্ছন্ন দৰ্শক; ধোনীয়েও মিলালে তাল

By ETV Bharat Assamese Team

Published : Oct 14, 2023, 4:16 PM IST

Updated : Oct 14, 2023, 4:35 PM IST

২০২৩ চনৰ ক্ৰিকেট বিশ্বকাপত পাকিস্তানৰ বিৰুদ্ধে টছত জয়ী হোৱাৰ পিছত মেন ইন ব্লুৱে ফিল্ডিঙৰ সিদ্ধান্ত গ্ৰহণৰ পূৰ্বে অৰিজিত সিঙে নৰেন্দ্ৰ মোদী ষ্টেডিয়ামৰ দৰ্শকক আমোদ প্ৰদান কৰে । ভাৰত বনাম পাকিস্তানৰ মেচ আৰম্ভণিৰ পূৰ্বে অৰিজিতৰ সৈতে শংকৰ মহাদেৱন, সুনিধি চৌহান আৰু সুখবিন্দৰ সিঙে অনুষ্ঠান পৰিবেশন কৰে ।

অৰিজিত সিঙৰ কণ্ঠৰ যাদুত মোহাচ্ছন্ন দৰ্শক
Ind vs Pak World Cup 2023

স্পৰ্টছ ডেস্ক, ১৪ অক্টোবৰ : ভাৰত আৰু পাকিস্তানৰ মাজত শনিবাৰে অনুষ্ঠিত বহু প্ৰতীক্ষিত আইচিচি বিশ্বকাপৰ মেচৰ ঠিক পূৰ্বে অৰিজিত সিঙে এক মনোমোহা অনুষ্ঠান পৰিবেশন কৰে । বিশ্বৰ সৰ্ববৃহৎ ক্ৰিকেট ষ্টেডিয়াম হিচাপে পৰিচিত আহমেদাবাদৰ বিশাল নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত এই অসাধাৰণ অনুষ্ঠানটো অনুষ্ঠিত হয় ।

১৪ অক্টোবৰত অনুষ্ঠিত আইচিচি বিশ্বকাপ, ২০২৩ৰ দ্বাদশ মেচখনে বিশ্বৰ সৰ্ববৃহৎ ক্ৰিকেট ষ্টেডিয়ামত এক ঐতিহাসিক মুহূৰ্ত হিচাপে চিহ্নিত কৰে । অৰিজিত সিঙৰ প্ৰাণৱন্ত সুৰে মঞ্চ উজলাই তোলাৰ লগতে অনুষ্ঠানটোৰ মহিমা বৃদ্ধি কৰে । উল্লেখ্য যে মেচখন বিয়লি ২ বজাত আৰম্ভ হয় । ভাৰতে টছত জয়ী হৈ প্ৰথমে ফিল্ডিং কৰাৰ সিদ্ধান্ত লয় ।

আনহাতে, সংগীতকাৰ শংকৰ মহাদেৱন আৰু কণ্ঠশিল্পী সুনিধি চৌহান আৰু সুখবিন্দৰ সিঙৰ সৈতে যোগদান কৰা অৰিজিতে তেওঁলোকৰ প্ৰদৰ্শনেৰে দৰ্শকভৰ্তি ষ্টেডিয়ামখনক মন্ত্ৰমুগ্ধ কৰে । অনুষ্ঠানটো অৰিজিত, শংকৰ মহাদেৱন আৰু সুনিধিৰ এক প্ৰাণৱন্ত 'বন্দে মাতৰাম' উপস্থাপনেৰে আৰম্ভ হয় ।

অৰিজিতে পৰিবেশন কৰা তেওঁৰ জনপ্ৰিয় গান অসংখ্য ভিডিঅ' ইণ্টাৰনেটত দ্ৰুতগতিত ভাইৰেল হয় । ইয়াৰে এটা ভাইৰেল ক্লিপত অৰিজিতে ব্ৰহ্মাস্ত্ৰ চলচ্চিত্ৰৰ দেৱা দেৱা গানটো গাইছিল । সেই সময়ত কেমেৰাটোৱে কিংবদন্তি এম এছ ধোনীক গানটোত লিপছ মিলোৱা দৃশ্য বন্দী কৰিছিল ।

বলীউড, ৰাজনীতিক আৰু অন্যান্য বহু ক্ষেত্ৰৰ বিশিষ্ট ব্যক্তিৰ উপস্থিতিয়ে মেচখনৰ মহিমা আৰু তাৎপৰ্য বৃদ্ধি কৰে । আনহাতে, ২০২৩ চনৰ ক্ৰিকেট বিশ্বকাপৰ সোণালী টিকট লাভ কৰা স্ক্ৰীণ আইকন অমিতাভ বচ্চন আৰু ৰজনীকান্তো ভাৰত আৰু পাকিস্তানৰ মাজত অনুষ্ঠিত মহাকাব্যিক মেচখন উপভোগ কৰিবলৈ আহমেদাবাদত উপস্থিত হয় । শচীন তেণ্ডুলকাৰ, অনুষ্কা শৰ্মা আৰু কে এল ৰাহুলৰ পত্নী আথিয়া চেট্টীয়েও শনিবাৰে পাকিস্তানৰ সৈতে প্ৰতিদ্বন্দ্বিতাৰ সময়ত মেন ইন ব্লুৰ বাবে উল্লাস কৰিবলৈ ষ্টেডিয়ামত উপস্থিত হৈছে ।

লগতে পঢ়ক :Cricket world cup 2023 : বিশ্বকাপত ভাৰত বনাম পাকিস্তান; টছত জয়ী হৈ প্ৰথমে ফিল্ডিঙৰ সিদ্ধান্ত ভাৰতৰ

Last Updated :Oct 14, 2023, 4:35 PM IST

ABOUT THE AUTHOR

...view details