অসম

assam

কেকেআৰৰে চুক্তিবদ্ধ হৈ ৰোমাঞ্চিত আইপিএল ২০২৪ৰ আটাইতকৈ দামী খেলুৱৈ ষ্টাৰ্ক

By ETV Bharat Assamese Team

Published : Dec 19, 2023, 10:36 PM IST

IPL AUCTION 2024 : আই পি এলত সৰ্বাধিক দৰত চুক্তিবদ্ধ হোৱাৰ পিচতে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে অষ্ট্ৰেলিয়াৰ বেগী বলাৰ মিচেল ষ্টাৰ্কে ৷ কেকেআৰে ২৪.৭৫ কোটি টকাত ক্ৰয় কৰে ষ্টাৰ্কক ৷

INDIAN PREMIER LEAGUE
IPL AUCTION 2024

নিউজ ডেস্ক, ১৯ ডিচেম্বৰ: কলকাতা নাইট ৰাইডাৰ্ছ (কেকেআৰ)ৰ সৈতে ২৪.৭৫ কোটি টকাত চুক্তিবদ্ধ হোৱাৰ পিচত ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ ইতিহাসৰ আটাইতকৈ দামী ক্ৰিকেটাৰ হিচাপে পৰিগণিত হোৱা অষ্ট্ৰেলিয়াৰ পেচাৰ মিচেল ষ্টাৰ্কে কয় যে তেওঁ কেকেআৰৰ অংশ হ’বলৈ পাই ৰোমাঞ্চিত হৈ পৰিছে ৷

কলকাতা নাইট ৰাইডাৰ্ছে ২৪.৭৫ কোটি টকাত ক্ৰয় কৰা ষ্টাৰ্কে তেওঁৰ দলৰ অধিনায়ক পেট কামিন্সক অতিক্ৰম কৰে ৷ কানিন্সক ছানৰাইজাৰ্ছ হায়দৰাবাদে ২০.৫০ কোটি টকাত ক্ৰয় কৰিছে ৷

‘‘মই সপোনতো ভবা নাছিলো । স্পষ্টভাৱে, কেইটামান দলে নিজৰ পেচ আক্ৰমণক শক্তিশালী কৰিবলৈ বিচাৰিছিল আৰু তেওঁলোকৰ নিলামৰ তালিকাত বহুতো উজ্জ্বল তথা দক্ষ নাম আছে ৷ পেট কামিন্সো ইয়াৰ ভিতৰত এজন ।’’ মই নিশ্চিত নাছিলো যে মই ক'ত থমকি ৰ’ম ৷ কিন্তু কেকেআৰৰ অংশ হ'বলৈ পাই মই ৰোমাঞ্চিত হৈছো ৷’’ জিঅ’চিনেমাক এইদৰে কয় ষ্টাৰ্কে ।

ছিডনীত জন্মগ্ৰহণ কৰা ৩৩ বছৰীয়া বাওঁহাতৰ পেচাৰগৰাকীয়ে আই পি এলৰ ২৭খন মেচ খেলি ৩৪টা উইকেট লাভ কৰি ৪/১৫ৰ শ্ৰেষ্ঠ বলিং ফিগাৰ লাভ কৰিছে ।

"মই আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটক অগ্ৰাধিকাৰ দিছো আৰু টেষ্ট ক্ৰিকেটকো অগ্ৰাধিকাৰ দিব বিচাৰিছিলো ৷ অষ্ট্ৰেলিয়াৰ হৈ যিমান পাৰো আৰু ভালকৈ খেলিছো । শেষৰ সংখ্যক বছৰলৈ যোৱাটো মোৰ চিন্তা প্ৰক্ৰিয়া আছিল ।’’ তেওঁ লগতে কয় ৷

‘‘আই পি এলৰ সৈতে জড়িত হোৱাৰ এক সুন্দৰ সুযোগ । স্পষ্টভাৱে অহা বছৰ টি-২০ বিশ্বকাপ আহি আছে আৰু আমি সকলো তালিকাতে দেখা বিশ্বমানৰ খেলুৱৈসকলৰ সৈতে শ্ৰেষ্ঠ টি-২০ লীগত সঁচাকৈয়ে প্ৰতিযোগিতামূলক টি-২০ ক্ৰিকেট খেলাৰ সুযোগ আছে ।’’ ষ্টাৰ্কে শেষত কয় ৷

লগতে পঢ়ক:IPL 2024 ৰ নিলাম অব্যাহত, আধিপত্য বিস্তাৰ বিশ্বকাপ জয়ী অষ্ট্ৰেলিয়ান খেলুৱৈৰ

ABOUT THE AUTHOR

...view details