ETV Bharat / sports

IPL 2024 ৰ নিলাম অব্যাহত, আধিপত্য বিস্তাৰ বিশ্বকাপ জয়ী অষ্ট্ৰেলিয়ান খেলুৱৈৰ

author img

By ETV Bharat Assamese Team

Published : Dec 19, 2023, 4:07 PM IST

IPL 2024
IPL 2024 Auction

IPL Auction 2024: IPL 2024 ৰ নিলামত পূৰ্বৰ সকলো অভিলেখ ভংগ কৰি ধনকুবেৰত পৰিগণিত হৈছে অষ্ট্ৰেলিয়াৰ ক্ৰিকেটাৰসকল ৷ অষ্ট্ৰেলিয়াৰ বলাৰ মিচেল ষ্টাৰ্কে ইতিহাস সৃষ্টি কৰি 24.75 কোটি টকাত কলকাতা নাইট ৰাইডাৰ্ছ, অধিনায়ক পেট কামিন্স 20.5 কোটি আৰু অপেনাৰ ট্ৰেভিছ হেড 6.80 কোটি টকাত ছান ৰাইজাৰ্ছ হায়দৰাবাদৰ সৈতে চুক্তিবদ্ধ হৈছে ৷

নিউজ ডেস্ক, 19 ডিচেম্বৰ: বহু প্ৰত্যাশিত ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ (আই পি এল) ২০২৪ ৰ নিলাম প্ৰক্ৰিয়া অব্যাহত আছে ৷ দহটা দলে এই নিলামত অংশগ্ৰহণ কৰিছে আৰু দলীয় কৰ্তৃপক্ষই নিজ নিজ দলৰ বাবে খেলুৱৈ ক্ৰয়ৰ প্ৰচেষ্টা চলাই গৈছে ৷ দুবাইৰ কোকাকোলা এৰিনাত অনুষ্ঠিত গৈছে এই নিলাম প্ৰক্ৰিয়া ৷

আই পি এলৰ নিলামত অষ্ট্ৰেলিয়াৰ বলাৰ মিচেল ষ্টাৰ্ক বৰ্তমানলৈকে সৰ্বাধিক দামত চুক্তিবদ্ধ হৈছে ৷ কলকাতা নাইট ৰাইডাৰ্ছে 24.75 কোটি টকাত আই পি এলৰ চলিত বৰ্ষৰ বাবে চুক্তিবদ্ধ কৰিছে ষ্টাৰ্কক ৷

অষ্ট্ৰেলিয়াৰ অধিনায়ক পেট কামিন্সে অভিলেখ ৰচি ২০.৫০ কোটি টকাত বিক্ৰী হয় ৷ ছানৰাইজাৰ্ছ হায়দৰাবাদে তেওঁক ক্ৰয় কৰে । কামিন্স এজন সোঁহতীয়া পেচাৰ আৰু তেওঁ ল’ৱাৰ অৰ্ডাৰতো বেটিং কৰিব পাৰে । কামিন্সে অষ্ট্ৰেলিয়াক ষষ্ঠবাৰৰ বাবে আইচিচি এদিনীয়া বিশ্বকাপ খিতাপ উপহাৰ দিয়ে । তেওঁ ২ কোটি টকাৰ ভিত্তি মূল্যৰে নিলামত প্ৰৱেশ কৰিছিল আৰু ছানৰাইজাৰ্ছ হায়দৰাবাদ আৰু ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ মাজত নিবিদা যুদ্ধ হৈছিল ।

২০২৩ চনৰ আই পি এলৰ নিলামত পঞ্জাৱ কিংছে ১৮.৫০ কোটি টকাত ক্ৰয় কৰা ছেম কুৰানক চেৰ পেলাই ইণ্ডিয়ান প্ৰিমিয়াৰ লীগত বিক্ৰী হোৱা বহিঃৰাষ্ট্ৰৰ আটাইতকৈ ব্যয়বহুল খেলুৱৈ হিচাপে পৰিগণিত হয় কামিন্স । অৱশেষত চুক্তিখন দখল কৰে ছানৰাইজাৰ্ছ হায়দৰাবাদে । কামিন্সে ৫০ খন টি-২০ মেচ খেলি ৫৫ টা উইকেট লাভ কৰিছে । দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে টি-২০ত অভিষেক ঘটাইছিল কামিন্সে ।

কামিন্সে আই পি এল ২০২৩ৰ পৰা বিৰতি লৈছিল কাৰণ তেওঁ এছেছ আৰু ভাৰতত অনুষ্ঠিত হোৱা আই চি চিৰ এদিনীয়া ক্ৰিকেট বিশ্বকাপ ২০২৩ ত মনোনিৱেশ কৰিব বিচাৰিছিল । সোঁহতীয়া বেটছমেন কামিন্সে কলকাতা নাইট ৰাইডাৰ্ছৰ হৈও খেলিছিল আৰু হায়দৰাবাদৰ বাবে তেওঁ হ’ব এক গুৰুত্বপূৰ্ণ অংগ ।

কামিন্সে প্ৰকৃত গতিৰে বলিং কৰে আৰু মোটেৰাত আয়োজক ভাৰতৰ বিৰুদ্ধে এদিনীয়া বিশ্বকাপ ২০২৩ৰ ফাইনেলত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে । মিনি নিলামত এক আচৰিত চুক্তি লাভ কৰাৰ পিছত কামিন্স উল্লাসিত হ’ব ।

ইফালে ভাৰতৰ বিৰুদ্ধে বিশ্বকাপৰ ফাইনেলত এটা আক্ৰমণাত্মক ঈগলৰ দৰে যুঁজ দিয়া অষ্ট্ৰেলিয়াৰ বেটছমেন ট্ৰেভিছ হেড ৬.৮০ কোটি টকাত বিক্ৰী হয় । হেডকো হায়দৰাবাদেই ক্ৰয় কৰিছে ৷ এডিলেইডত জন্মগ্ৰহণ কৰা ২৯ বছৰীয়া অষ্ট্ৰেলিয়ান অ’পেনাৰগৰাকীৰ বাবে ছানৰাইজাৰ্ছ হায়দৰাবাদ আৰু চেন্নাই ছুপাৰ কিংছৰ মাজত নিবিদা যুদ্ধ আছিল, যাৰ ভিত্তি মূল্য আছিল ২ কোটি টকা । ২৩ খন টি-২০ খেলি ৫৫৪ ৰান সংগ্ৰহ কৰা হেডৰ এখন খেলত সৰ্বাধিক ৰাণ হৈছে ৯১ ৷

যোৱা নৱেম্বৰত মোটেৰাত এদিনীয়া বিশ্বকাপৰ ফাইনেলত ভাৰতীয় আক্ৰমণক প্ৰত্যুত্তৰ দিয়া আৰু অষ্ট্ৰেলিয়াক ষষ্ঠ বিশ্বকাপৰ খিতাপ দখল কৰাত গুৰুত্বপূৰ্ণ বৰঙণি যোগাইছিল হেডে । মৃদুভাষী হেডৰ বাবে নিবিদা যুদ্ধ চলি থাকিল আৰু শেষত, ছানৰাইজাৰ্ছ হায়দৰাবাদে তেওঁক নিজৰ পক্ষলৈ আনিলে ।

লগতে পঢ়ক: আই পি এল 2024 ৰ নিলাম : শীৰ্ষ পাঁচগৰাকী ভাৰতীয় খেলুৱৈৰ ওপৰত দৃষ্টি থাকিব

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.