ETV Bharat / sports

আই পি এল 2024 ৰ নিলাম : শীৰ্ষ পাঁচগৰাকী ভাৰতীয় খেলুৱৈৰ ওপৰত দৃষ্টি থাকিব

author img

By ETV Bharat Assamese Team

Published : Dec 18, 2023, 10:57 PM IST

IPL 2024 Auction
আই পি এল 2024 ৰ নিলাম

IPL 2024 Auction : ১৯ ডিচেম্বৰ মঙলবাৰে ডুবাইৰ কোকাকোলা এৰিনাত অনুষ্ঠিত হ’ব ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ ২০২৪ৰ নিলাম। ২১৪ ভাৰতীয় আৰু ১১৯ গৰাকী বহিঃৰাষ্ট্ৰৰ খেলুৱৈ সাজু হৈছে নিলামৰ বাবে। কিন্তু পূৰণ কৰিবলগীয়া আছে মাত্ৰ ৭৭টা স্লট।

স্পৰ্টছ ডেস্ক, 18 ডিচেম্বৰ : 19 ডিচেম্বৰত ডুবাইৰ কোকাকোলা এৰিনাত অনুষ্ঠিত হ’ব ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ (IPL) 2024 ৰ নিলাম ৷ প্ৰথমবাৰৰ বাবে বিদেশত এই মেগা ইভেন্টৰ নিলাম অনুষ্ঠিত হ’ব ৷ আই পি এল 2024 ৰ খেলুৱৈ নিলামৰ ৰষ্টাৰ উন্মোচন কৰিছে বি চি চি আইয়ে ৷ মুঠ 333 জন ক্ৰিকেটাৰে অংশগ্ৰহণ কৰিছে এই নিলামত আৰু আগন্তুক ছিজনৰ বাবে অংশগ্ৰহণকাৰী দলসমূহে সৰ্বাধিক 77 জন খেলুৱৈ ক্ৰয় কৰিব পাৰিব ৷

নিলাম যুদ্ধ আকৰ্ষণ কৰিব পৰা কেইজনমান ভাৰতীয় খেলুৱৈ-

শ্বাৰ্দুল ঠাকুৰ (ভিত্তি মূল্য- 2 কোটি)

বহু ফ্ৰেঞ্চাইজিয়ে খেলুৱৈগৰাকীৰ ৰিটেনচন লিষ্টৰ পূৰ্বে কলকাতা নাইট ৰাইডাৰ্ছে মুকলি কৰি দিয়া ৰাইট আৰ্ম পেচাৰ শ্বাৰ্দুল ঠাকুৰৰ ওপৰত দৃষ্টি ৰাখিব ৷ জনপ্ৰিয়ভাৱে ‘লৰ্ড’ নামেৰে পৰিচিত শ্বাৰ্দুল ঠাকুৰৰ উইকেট লোৱাৰ দক্ষতা আছে আৰু আঠ-সাত নম্বৰত আঘাত কৰিব পৰা তেওঁৰ শক্তিয়ে তেওঁক সকলো দলৰ বাবে এক ৰোমাঞ্চকৰ সম্ভাৱনা কৰি তুলিছে ৷

শ্বাৰ্দুল ঠাকুৰে 2015 চনত অভিষেক ঘটোৱাৰ পিছত আই পি এলৰ 86 খন খেল খেলিছে আৰু গড়ে 28.8 ৰান খৰছ কৰি 9.16 ইকনমিৰে 89 টা উইকেট দখল কৰিছে ৷ ইয়াৰ উপৰিও তেওঁ 140.2 ৰানত গড়ে অৰ্ধশতককে ধৰি 286 ৰান সংগ্ৰহ কৰিছে ৷ সোঁহতীয়া বেটছমেনগৰাকীয়ে বিগত ছিজনৰ আটাইতকৈ দ্ৰুততম অৰ্ধ শতক- 20 টা বলত 51 ৰান সংগ্ৰহ কৰিছে ৷ য’ত 7 টা চাৰি আৰু দুটা ছয় আছে ৷

ৰাজস্থান ৰয়েলছ আৰু ৰয়েল চেলেঞ্জাৰছ বাংগালুৰুৱে তেওঁক লক্ষ্য কৰি ল’ব পাৰে ৷ কাৰণ তেওঁলোকক বলিং অলৰাউণ্ডাৰৰ প্ৰয়োজন, যিয়ে সাত-আঠ নম্বৰত বেটিং কৰিব পাৰে ৷

হৰ্ষাল পেটেল (ভিত্তি মূল্য- 2 কোটি)

ৰয়েল চেলেঞ্জাৰছ বেংগালুৰুৱে কিছুমান আচৰিত ধৰণৰ ৰিলিজ কৰিছে- পেচাৰ জছ হেজলউড, আকাশ দীপ, স্পীনাৰ ৱানিন্দু হাছাৰংগা, পেচাৰ হৰ্ষাল পেটেলকে ধৰি বলিং পেকৰ পৰা প্ৰায় সকলোকে এৰি দিছে ৷ ডেথ অভাৰত লেহেমীয়া ডেলিভাৰীৰ বাবে বিখ্যাত সোঁহাতৰ পেচাৰ হৰ্ষাল পেটেল টি-২০ মেচত এক গুৰুত্বপূৰ্ণ আশাৰ সৃষ্টি কৰে ৷

নৱম স্থানত থকা তেওঁৰ বেটিং ক্ষমতা বিবেচনা কৰি বহু দলে তেওঁক কিনিবলৈ বিচাৰিব ৷ 2021 চনৰ আই পি এলত 32 টা উইকেট দখল কৰি আৰ চি বিক প্লে অফলৈ যোগ্যতা অৰ্জন কৰাত সহায় কৰিছিল হৰ্ষাল পেটেলে ৷ উল্লেখযোগ্য যে ৱেষ্ট ইণ্ডিজৰ প্ৰাক্তন অলৰাউণ্ডাৰ ডোৱেইন ব্ৰাভো আৰু হৰ্ষাল পেটেলৰ হাতত আছে একক আই পি এল ছিজনত সৰ্বাধিক উইকেট লোৱাৰ অভিলেখ ৷ 33 বছৰীয়া খেলুৱৈগৰাকীয়ে 92 খন মেচত 8.58 ৰানত গড়ে 24.1 ৰানত 89 টা উইকেট দখল কৰিছে ৷ দিল্লী কেপিটেলছ, কলকাতা নাইট ৰাইডাৰ্ছ, আৰু পঞ্জাৱ কিংছে এই সোঁহাতৰ পেচাৰজনক ক্ৰয় কৰিবলৈ আগবাঢ়ি আহিব পাৰে ৷

শিৱম মাভি (ভিত্তি মূল্য- 50 লাখ)

দ্ৰুত বলিং বিভাগৰ অন্যতম ৰোমাঞ্চকৰ যুৱ সম্ভাৱনা শিৱম মাভি ৷ 19 বছৰ অনুৰ্ধ বিশ্বকাপত এক উজ্জ্বল আউটিঙৰ পিছত আই পি এলৰ নিলামত দ্ৰুতগতিত দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছিল মাভিয়ে আৰু শেষত কেকেআৰে 3 কোটি টকাত ক্ৰয় কৰিছিল তেওঁক ৷ বিগত ছিজনত ৰানাৰ্ছ আপ গুজৰাট টাইটানছক প্ৰতিনিধিত্ব কৰিছিল মাভিয়ে ৷

আই পি এল কেৰিয়াৰত এতিয়ালৈকে তেওঁ 32 টা ইনিংছত বলিং কৰি গড়ে 31.4 ৰানত 30 টা উইকেট লাভ কৰিছে ৷ লক্ষ্ণৌ ছুপাৰ জায়েন্টছ আৰু পঞ্জাব কিংছে পেচাৰগৰাকীক ক্ৰয় কৰিব পাৰে ৷

শ্বাহৰুখ খান (ভিত্তি মূল্য- 40 লাখ)

উল্লেখযোগ্য চৰ্চাত থকা খেলুৱৈসকলৰ ভিতৰত আছে পাৱাৰ হিটাৰ শ্বাহৰুখ খান, যি এজন গতিশীল টি-২০ ফিনিছাৰ ৷ পঞ্জাব কিংছে তেওঁক নিলামৰ পুলত মুকলি কৰি দিয়াৰ লগে লগে কোন দলে তেওঁক ক্ৰয় কৰিবলৈ সাজু হৈছে সেই সম্পৰ্কে জল্পনা-কল্পনাৰ সৃষ্টি হৈছে ৷ বিস্ফোৰক ইনিংছৰ প্ৰতি আগ্ৰহী অভিজ্ঞ ফিনিছাৰ হিচাপে শ্বাহৰুখ খানৰ সংযোজনে ইতিমধ্যে তাৰকাৰে ভৰা মুম্বাই ইণ্ডিয়ানছৰ লাইন আপক ফিনিচিং টাচ প্ৰদান কৰিব পাৰে ৷ নিজৰ ক্ষমতা আৰু অভাৱনীয়তাৰ বাবে পৰিচিত দল ৰাজস্থান ৰয়েলছে তেওঁলোকৰ বেটিং প্ৰহেলিকাৰ হেৰাই যোৱা টুকুৰা হিচাপে শ্বাহৰুখ খানক বিচাৰি পাব পাৰে ৷

চেতন সাকাৰিয়া (ভিত্তি মূল্য- 40 লাখ)

আই পি এল 2021ৰ পূৰ্বে খেলুৱৈ নিলামৰ সময়ত ৰাজস্থান ৰয়েলছে 1.20 কোটি টকাত ক্ৰয় কৰাৰ পিছত সৌৰাষ্ট্ৰৰ এই পেচাৰগৰাকীয়ে আন এক আই পি এল ছিজনৰ বাবে আগ্ৰহী ৷ 2022 চনত দিল্লী কেপিটেলছে 4.20 কোটি টকাত ক্ৰয় কৰিছিল সাকাৰিয়াক ৷ অৱশ্যে 2022 আৰু 2023 চনৰ আই পি এল ছিজনত খেলা পাঁচখন মেচত মাত্ৰ 6 টা উইকেটহে ল’বলৈ সক্ষম হৈছিল ৷ কলকাতা নাইট ৰাডাৰ্ছ আৰু ৰয়েল ছেলেঞ্জাৰ্ছ বাগালুৰুৰ দৰে দলে নিলামত তেওঁক লক্ষ্য কৰি ল’ব পাৰে কাৰণ দুয়োটা দলে দলত অতিৰিক্ত বাওঁহতীয়া পেচাৰ বিচাৰিব ৷

লগতে পঢ়ক : IPL AUCTION 2024 ৰ সময় সলনি; জানি লওক কেতিয়া, ক'ত চাব পাৰিব এই নিলাম

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.