অসম

assam

প্ৰথমখন টেষ্টত অংশ নলয় জ’ ৰুট, দলৰ নেতৃত্ববহন কৰিব ষ্ট’কছে : ইচিবি

By

Published : Jul 1, 2020, 5:04 AM IST

আগন্তুক 8 জুলাইৰ পৰা ইংলেণ্ডত আৰম্ভ হ’ব ৱেষ্ট ইণ্ডিজ আৰু ইংলেণ্ডৰ মাজত প্ৰথমখন টেষ্ট মেচ ৷ কিন্তু প্ৰথমখন টেষ্টত অংশ নলয় ইংলেণ্ড দলৰ এগৰাকী শ্ৰেষ্ঠ খেলুৱৈ জ’ ৰুটে ৷ অধিনায়কৰ ভূমিকাত দেখা পোৱা যাব অলৰাউণ্ডাৰ বেন ষ্ট’কছক ৷

Joe Root will not play in first test stokes will captain Ecb
Joe Root will not play in first test stokes will captain Ecb

স্পৰ্টছ ডেস্ক, 1 জুলাই :ক’ভিড-19 ৰ মহামাৰীৰ পাচতেই অহা 8 জুলাইৰ পৰা ইংলেণ্ডত আৰম্ভ হ’ব তিনিখন মেচৰ টেষ্ট শৃংখলা ৷ ঘৰুৱা দলটোৰ মুখামুখি হ’ব কেৰেবিয়ান দল ৱেষ্ট ইণ্ডিজ ৷ কিন্তু জ’ ৰুটৰ অনুৰাগীৰ বাবে আছে এক দুঃখবৰ ৷ ব্যক্তিগত কাৰণত প্ৰথমখন টেষ্টত অংশগ্ৰহণ নকৰে খেলুৱৈগৰাকীয়ে ৷ মঙলবাৰে ইংলেণ্ড এণ্ড ৱেল্ছ ক্ৰিকেট ব’ৰ্ডৰ ফালৰ পৰা সদৰি কৰা হৈছে এই কথা ৷

খেলুৱৈগৰাকী দ্বিতীয়বাৰৰ বাবে পিতৃ হোৱাৰ পাচতেই প্ৰথমখন টেষ্টত অংশ নোলোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৷ মঙলবাৰে ইচিবিয়ে তেওঁৰ পত্নীয়ে দ্বিতীয়টো সন্তান জন্ম দিয়াৰ কথা উল্লেখ কৰে ৷ যাৰ বাবে তেওঁৰ অনুৰাগীক খেলুৱৈগৰাকীক দীৰ্ঘদিনৰ অন্তত পুনৰ খেলপথাৰত প্ৰত্যক্ষ কৰিবলৈ অপেক্ষা কৰিব লাগিব দ্বিতীয়খন টেষ্টৰ বাবে ৷

ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে প্ৰথমখন টেষ্টত অধিনায়কৰ দায়িত্ব অৰ্পন ষ্ট’কছক

ৰুটৰ অনুপস্থিতিত ইংলেণ্ড দলৰ অধিনায়কৰ দায়িত্ব অৰ্পণ কৰা হৈছে অলৰাউণ্ডাৰ খেলুৱৈ বেন ষ্ট’কছক ৷ আনহাতে সহঃঅধিনায়কৰ ভূমিকাত থাকিব জছ বাটলাৰ ৷ বাটলাৰ ইংলেণ্ড দলৰ সীমিত অভাৰৰো সহঃ অধিনায়ক ৷

ইচিবিয়ে লগতে কয়, পৰিয়াল আৰু হাস্পতলাৰ পৰা প্ৰত্যাৱৰ্তন কৰাৰ পাচতেই ৰুটক সাত দিনৰ বাবে ছেল্ফ আইচ’লেচনত ৰখা হ’ব ৷ 13 জুলাইৰ পৰা হ’বলগীয়া দ্বিতীয়খন টেষ্টৰ পূৰ্বে ইংলেণ্ড দলৰ সৈতে মিলিত হ’ব ৰুট

লগতে চাওক-'ব্লেক লিভছ মেটাৰ' চিহ্নৰ জাৰ্চী পৰিধান কৰিব ৱেষ্ট ইণ্ডিজৰ খেলুৱৈয়ে

TAGGED:

ECB

ABOUT THE AUTHOR

...view details