ETV Bharat / briefs

'ব্লেক লিভছ মেটাৰ' চিহ্নৰ জাৰ্চী পৰিধান কৰিব ৱেষ্ট ইণ্ডিজৰ খেলুৱৈয়ে

author img

By

Published : Jun 29, 2020, 4:04 PM IST

আগন্তুক মাহত আৰম্ভ হ'বলগীয়া সকলো ক্ৰিকেট খেল আৰু প্ৰীমিয়াৰ ২০ ফুটবল খেলত ৱেষ্ট ইণ্ডিজৰ খেলুৱৈৰ জাৰ্চীত 'ব্লেক লিভছ মেটাৰ' লিখা থাকিব । ৱাটফৰ্ডৰ কেপ্টেইন ট্ৰয় ডেনীৰ পত্নী আলিশা হোচান্নাই ডিজাইন কৰিছে এই জাৰ্চীৰ ।

'ব্লেক লিভছ মেটাৰ' চিহ্নৰ জাৰ্চী পৰিধান কৰিব ৱেষ্ট ইণ্ডিজৰ খেলুৱৈয়ে
'ব্লেক লিভছ মেটাৰ' চিহ্নৰ জাৰ্চী পৰিধান কৰিব ৱেষ্ট ইণ্ডিজৰ খেলুৱৈয়ে

স্পোৰ্টছ ডেস্ক, ২৯ জুন : ইংলেণ্ডৰ বিৰুদ্ধে হ'বলগীয়া টেষ্ট মেচত ৱেষ্ট ইণ্ডিজৰ ক্ৰিকেট খেলুৱৈসকলে সমতা, ঐক্যতা দেখুৱাবলৈ আৰু বৰ্ণবৈষ্যমৰ বিৰুদ্ধে সজাগতা আনিবলৈ ‘ব্লেক লিভছ মেটাৰ’ লিখা জাৰ্চী পৰিধান কৰিব । ৱেষ্ট ইণ্ডিজৰ অধিনায়ক জেচন হোল্ডাৰে সদৰী কৰে এই কথা ।

আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট সন্থাই অনুমতি দিয়া অনুসৰি, আগন্তুক মাহত আৰম্ভ হ'বলগীয়া সকলো ক্ৰিকেট খেল আৰু প্ৰীমিয়াৰ ২০ ফুটবল খেলত ৱেষ্ট ইণ্ডিজৰ খেলুৱৈৰ জাৰ্চীত ব্লেক লিভছ মেটাৰ লিখা থাকিব । ৱাটফৰ্ডৰ কেপ্টেইন ট্ৰয় ডেনীৰ পত্নী আলিশা হোচান্নাই ডিজাইন কৰিছে এই জাৰ্চীৰ ।

ইংলেণ্ড আৰু ৱেষ্ট ইণ্ডিজৰ মাজত আন্তঃৰাষ্ট্ৰীয় তিনিখন ক্ৰিকেট টেষ্ট মেচ অহা মাহৰ পৰা আৰম্ভ হ'ব আৰু প্ৰথমখন মেচ ৮ জুলাইৰ পৰা আৰম্ভ হ'ব ।

'ব্লেক লিভছ মেটাৰ' চিহ্নৰ জাৰ্চী পৰিধান কৰিব ৱেষ্ট ইণ্ডিজৰ খেলুৱৈয়ে
'ব্লেক লিভছ মেটাৰ' চিহ্নৰ জাৰ্চী পৰিধান কৰিব ৱেষ্ট ইণ্ডিজৰ খেলুৱৈয়ে
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.