অসম

assam

ঋষি কাপুৰৰ মৃত্যুবাৰ্ষিকী: 8 টা আইক’নিক গীত আজিও অনুৰাগীৰ হৃদয়ত

By

Published : Apr 30, 2021, 1:46 PM IST

পাঁচ দশকজুৰি চলি থকা এক সুন্দৰ কেৰিয়াৰত ঋষি কাপুৰে কেৱল আমাক কেইবাখনো মনোৰঞ্জন ধৰ্মী চলচ্চিত্ৰ প্ৰদান কৰাই নহয়, ৰূপালী পৰ্দাৰ কিছুমান উৎকৃষ্ট গীতো অমৰ কৰি ৰাখিছে এইগৰাকী প্ৰয়াত বলীউড অভিনেতাই । আহক তেওঁৰ 8 টা আইক’নিক গীতক স্মৰণ কৰো...

Rishi Kapoor death anniversary
ঋষি কাপুৰৰ মৃত্যুবাৰ্ষিকী

চিটাৰা ডেস্ক,30 এপ্ৰিল :বলীউডৰ গেংষ্টাৰ ড্ৰামা, থ্ৰীলাৰ, ক’মেডী আদি বিভিন্ন ছবিত অভিনয় কৰা প্ৰয়াত অভিনেতা ঋষি কাপুৰে 70ৰ দশকত এক ধাৰা অব্যাহত ৰাখিছিল ।

‘দিৱানা’ৰ অভিনেতাগৰাকীয়ে তেওঁৰ ছবিসমূহেৰে মৃত্যুৰ পাচতো দৰ্শকৰ মাজত স্মৰণীয় হৈ ৰৈছে । হিন্দী চিনেমাৰ অন্যতম ৰোমাণ্টিক নায়কগৰাকীয়ে কিশোৰ কালতেই কেমেৰাৰ সৈতে ৰোমাঞ্চ আৰম্ভ কৰিছিল । কিংবদন্তী চলচ্চিত্ৰ নিৰ্মাতা ৰাজ কাপুৰৰ পুত্ৰ ঋষি কাপুৰে 1970 চনত তেওঁ দেউতাকৰ ‘মেৰা নাম জোকাৰ’ ছবিখনৰ সৈতে আনুষ্ঠানিকভাৱে বলীউডত প্ৰৱেশ কৰিছিল ৷

  • ‘মেঁ শ্বায়ৰ তো নহী’ (ববী,1973)

‘প্যা ৰ কা নাম চুনা থা মগৰ, প্যাৰ ক্যা হ্যে য়ে মুঝকো নহী থী খবৰ...’ এই জনপ্ৰিয় সংলাপেৰে ‘ববী’ ছবিখনত আত্মপ্ৰকাশ ঘটিছিল ঋষি কাপুৰ আৰু ডিম্পল কাবাডিয়াৰ ৷ ছবিখনে সেই সময়ত অধিক জনপ্ৰিয়তা লাভ কৰিছিল আৰু যুৱ প্ৰজন্মৰ মাজতো ছবিখনৰ সংলাপসমূহ চৰ্চিত হৈ পৰিছিল ৷ শৈলেন্দ্ৰ সিঙৰ কণ্ঠ আৰু আনন্দ বক্সীৰ কথাৰে ছবিখনৰ শীৰ্ষ গীত ‘মেঁ শ্বায়ৰ তো নহী’য়ে ব্যাপক চৰ্চা লাভ কৰে ৷

  • ‘পৰ্দা হ্যে পৰ্দা’ (অমৰ আকবৰ এন্থোনী,1977)

মনমোহন দেশাইৰ আইক’নিক ছবিখনত ‘পৰ্দা হ্যে পৰ্দা’ শীৰ্ষক কাৱালী গীতটোত ঋষি কাপুৰৰ দেখা গৈছিল এজন এলাহাবাদী আকবৰ হিচাপে ৷ তেওঁ প্ৰেয়সী চালমাৰ সৈতে প্ৰেমত মছগুল হৈ পৰে ৷ গীতটিত চালমাৰ চৰিত্ৰত অভিনয় কৰিছিল প্ৰয়াত অভিনেতাগৰাকীৰ ৰিয়েল লাইফ পত্নী নীতু সিঙে ৷ আনহাতে, এন্থোনী চৰিত্ৰটোত অভিনয় কৰিছিল বিগ বি অমিতাভ বচ্চনক ৷

  • ‘চান্দনী অ’ মেৰী চান্দনী’ (চান্দনী,1989)

ছবি নিৰ্মাতা যশ চোপ্ৰাই ৰোমাঞ্চ সনা এই গীতটিত অভিনয় কৰিছিল ঋষি কাপুৰ আৰু শ্ৰীদেৱীয়ে ৷ পাহাৰৰ শিখৰত চিফন শাৰী, বৰফৰ আমেজেৰে এই আটকধুনীয়া গীতটিয়ে বক্স অ’ফিচত এক অভিলেখ গঢ়িবলৈ সক্ষম হয় ৷

  • ‘চেহৰা হ্যে য়া চান্দ খিলা হ্যে’ (চাগৰ,1985)

যদি আপুনি একপক্ষীয় প্ৰেমৰ চিকাৰ হৈছে, তেন্তে আপোনাৰ অনুভৱৰ বাবে এই গীতটি অতি মনোৰঞ্জনদায়ক ৷ গীতটিত ঋষি কাপুৰ আৰু ডিম্পল কাবাডিয়াৰ যুটিটোৱে প্ৰেমৰ অনুভৱ বৃদ্ধি কৰিছে ৷ গীতটিত কণ্ঠ নিগৰাইছিল কণ্ঠশিল্পী কিশোৰ কুমাৰে আৰু সংগীত ব্যৱস্থাপক আছিল আৰডি বৰ্মন ৷

  • ‘তেৰী উম্মীদ তেৰা ইন্তজাৰ’ (দীৱানা,1992)

এই জনপ্ৰিয় গীতটিত ঋষি কাপুৰৰ সৈতে দেখা পোৱা গৈছিল দিব্যা ভাৰতী আৰু শ্বাহৰুখ খানক ৷ গীতটিত কণ্ঠদান কৰিছিল কুমাৰ চানুৱে আৰু সংগীত ব্যৱস্থাপনা কৰিছিল নীদম-শ্ৰৱণে ৷ আনহাতে গীতটিৰ কথা সমীৰৰ ৷

  • ‘চোচেংগে তুমহে প্যাৰ’ (দীৱানা,1992)

‘দীৱানা’ ছবিখনত ঋষি কাপুৰে এগৰাকী কণ্ঠশিল্পীৰ চৰিত্ৰত অভিনয় কৰিছিল ৷ আনহাতে শ্বাহৰুখ খানে এই ছবিখনেৰেই বলীউডত ভূমুকি মাৰিছিল ৷ দুয়োৰে বিপৰীত চৰিত্ৰত অভিনয় কৰিছিল প্ৰয়াত মোহময়ী অভিনেত্ৰী দিব্যা ভাৰতীয়ে ৷

  • ‘ওম শান্তি ওম’ (কৰ্জ,1980)

সুভাষ ঘাইৰ ছবি ‘কৰ্জ’ত আছে ঋষি কাপুৰৰ আটাইতকৈ আইক’নিক গীত ৷ ‘এক হাছিনা থী’, ‘ওম শান্তি ওম’, ‘দৰ্দ-এ-দিল’, ‘মে চোল্লা বৰছ কী’ আদি সকলো কেইটা গীতেই ব্লকবাষ্টাৰ গীতৰ তালিকাত অন্তৰ্ভুক্ত হৈছে ৷

  • ‘বচ্চনা এ হাছিনো’ (হম কিছিছে কম নহী,1977)

দশক দশকৰ পাচত আজিও সংগীত প্ৰেমীসকলে আলোচনা কৰে ঋষি কাপুৰৰ গীতসমূহৰ বিষয়ে ৷ তেওঁৰ এই গীতসমূহৰ বহুকেইটা গীত যেনে- ‘বচ্চনা এ হাছিনো’ গীতটি ঋষি কাপুৰৰ পুত্ৰ ৰণবীৰ কাপুৰে পুনৰ 2008 চনত একেই নামৰ ছবিযোগে জনপ্ৰিয় কৰি তোলে ৷

2018 চনত কৰ্কট ৰোগত আক্ৰান্ত প্ৰায় এবছৰজুৰি নিউয়ৰ্কত চিকিৎসাধীন হৈ আছিল ঋষি কাপুৰ । সুস্থ হোৱাৰ পাচত তেওঁ 2019 চনৰ ছেপ্টেম্বৰত ভাৰতলৈ উভতি আহিছিল । কিন্তু অভিনেতাগৰাকীয়ে লিউকেমিয়াৰ সৈতে যুঁজি বিগত বৰ্ষৰ 30 এপ্ৰিলত আমাৰ মাজৰ পৰা বিদায় মাগে ৷

এইগৰাকী চিৰসেউজ ৰোমাণ্টিক অভিনেতাৰ অভিনয়ৰ গাঁথা আমাৰ হৃদয়ত চিৰকাল স্মৰণীয় হৈ ৰ’ব ৷

লগতে পঢ়ক :ক'ভিড-১৯: ত্ৰিপুৰাত ডাবল মিউটেণ্টৰ দ্বাৰা সংক্ৰমিত লোক চিনাক্ত

ABOUT THE AUTHOR

...view details