অসম

assam

Taliban official Against Women Freedom : ৰাজহুৱাভাৱে পুৰুষক মুখ দেখুৱালে নাৰীয়ে মূল্য হেৰুৱায়; তালিবান নেতাৰ যুক্তি

By

Published : Aug 18, 2023, 4:42 PM IST

আফগানিস্তানৰ এজন মুখপাত্ৰৰ মতে, যদি পুৰুষসকলে ৰাজহুৱাভাৱে নাৰীৰ অনাবৃত মুখ ৰাজহুৱাভাৱে প্ৰত্যক্ষ কৰে তেন্তে তেওঁলোকে মূল্য হেৰুৱায় । আনহাতে, দেশখনৰ ধৰ্মীয় পণ্ডিতসকলো এই বিষয়ত সন্মত যে এগৰাকী নাৰীয়ে ঘৰৰ বাহিৰলৈ ওলালে মুখ ঢাকি ৰাখিব লাগে ।

Taliban official Against Women Freedom
Taliban official Against Women Freedom

ইণ্টাৰনেচনেল ডেস্ক, ১৮ আগষ্ট :আফগানিস্তানৰ তালিবান চৰকাৰৰ এক গুৰুত্বপূৰ্ণ মন্ত্ৰালয়ৰ এজন মুখপাত্ৰই বৃহস্পতিবাৰে কয় যে পুৰুষসকলে যদি নাৰীৰ অনাবৃত মুখমণ্ডল ৰাজহুৱাভাৱে চাব পাৰে তেন্তে তেওঁলোকে মূল্য হেৰুৱায় । দেশখনৰ ধৰ্মীয় পণ্ডিতসকলেও সন্মত হৈছে যে এগৰাকী মহিলাই ঘৰৰ বাহিৰত থকা অৱস্থাত মুখ ঢাকি ৰাখিব লাগিব ।

২০২১ চনৰ আগষ্ট মাহত আফগানিস্তানৰ শাসন ক্ষমতা দখল কৰা তালিবানে মহিলাসকলে হিজাব পিন্ধাৰ সঠিক উপায় পালন কৰাত ব্যৰ্থ হোৱাটোক উদ্যান, চাকৰি আৰু বিশ্ববিদ্যালয়কে ধৰি বেছিভাগ ৰাজহুৱা স্থানত তেওঁলোকক নিষিদ্ধ কৰাৰ কাৰণ হিচাপে উল্লেখ কৰিছে ।

তালিবানৰ মুখপাত্ৰ মৌলবী মহম্মদ চাদিক আকিফে বৃহস্পতিবাৰে এছ'চিয়েটেড প্ৰেছৰ সৈতে হোৱা এক সাক্ষাৎকাৰত কয় যে যদি মহিলাৰ মুখ ৰাজহুৱাভাৱে প্ৰত্যক্ষ কৰিলে ফিটনা বা পাপত পৰাৰ সম্ভাৱনা আছে ।

"কিছুমান অঞ্চলত (ডাঙৰ চহৰ) মহিলাসকলক (হিজাব অবিহনে) প্ৰত্য কৰাটো অতি বেয়া । আনহাতে, আমাৰ পণ্ডিতসকলো সন্মত হয় যে মহিলাৰ মুখ লুকুৱাই ৰখা উচিত ।" আকিফে কয় । "এনে নহয় যে তেওঁৰ মুখখন ক্ষতিগ্ৰস্ত হ'ব । এগৰাকী মহিলাৰ নিজা মূল্য আছে আৰু পুৰুষে তেওঁলৈ চালে সেই মূল্য হ্ৰাস পায় । আল্লাই হিজাব পৰিহিত মহিলাসকলক সন্মান দিয়ে আৰু ইয়াত মূল্য আছে ।" তেওঁ লগতে কয় ।

আনহাতে, কেমব্ৰিজ বিশ্ববিদ্যালয়ৰ শ্বেখ জায়েদ ইছলামিক অধ্যয়ন বিভাগৰ এগৰাকী প্ৰবক্তা টিম ৱিণ্টাৰে কৈছে যে মুখ ঢাকিবলৈ ইছলামত কোনো শাস্ত্ৰগত আদেশ নাই আৰু তালিবানে ইছলামিক শাস্ত্ৰত তেওঁলোকৰ হিজাব নিয়মৰ ব্যাখ্যাক সমৰ্থন কৰা যিকোনো বিষয় বিচাৰিবলৈ সংগ্ৰাম কৰিব লাগিব ।

"তেওঁলোকৰ নামৰ অৰ্থই হৈছে তেওঁলোক জ্যেষ্ঠ ধৰ্মীয় বিশেষজ্ঞ নহয় । তালিবান শব্দটোৰ অৰ্থ হৈছে শিক্ষাৰ্থী ।" তেওঁ লগতে কয় ।

ইয়াৰ উপৰি তেওঁ কয় যে তালিবানে গাঁৱৰ মাদ্ৰাছা, ধৰ্মীয় বিদ্যালয়সমূহত ব্যৱহৃত পাঠ্যপুথিৰ ভিত্তিত কাম কৰে আৰু তালিবান শাসনৰ দুয়োটা সময়তে আফগানিস্তানলৈ যোৱা মুছলমান পণ্ডিতসকল তেওঁলোকৰ ধৰ্মীয় জ্ঞানৰ স্তৰৰ দ্বাৰা প্ৰভাৱিত হৈছে । "তেওঁলোক এতিয়া বৃহত্তৰ মুছলমান সম্প্ৰদায়ৰ পৰা সম্পূৰ্ণ বিচ্ছিন্ন হৈ পৰিছে ।"

লগতে পঢ়ক :US presidential polls : ভাৰতীয়মূলৰ বিবেক ৰামাস্বামীক যোগ্য প্ৰাৰ্থী হিচাপে প্ৰশংসা মাস্কৰ

ABOUT THE AUTHOR

...view details