অসম

assam

ৰাফেল বিমানেৰে যুঁজিবলৈকে জন্ম হৈছে অভিষেক ত্ৰিপাঠীৰ

By

Published : Jul 29, 2020, 11:21 AM IST

1984 চনৰ 9 জানুৱাৰীত জালোৰত জন্মগ্ৰহণ কৰা উইং কমাণ্ডাৰ অভিষেক ত্ৰিপাঠীৰ পিতৃ অনিল কুমাৰ ত্ৰিপাঠী ভূমি বিকাশ বেংকত আৰু মাতৃ মঞ্জু ত্ৰিপাঠী চেল টেক্স বিভাগত কৰ্মৰত আছিল ৷ অভিষেক ত্ৰিপাঠীয়ে জালোৰত প্ৰাথমিক শিক্ষা গ্ৰহণৰ অন্তত ৰাজধানী দিল্লীস্থিত জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ পৰা বিজ্ঞানৰ স্নাতকোত্তৰ ডিগ্ৰী গ্ৰহণ কৰে ৷ 2001 চনত ত্ৰিপাঠীয়ে ৰাষ্ট্ৰীয় প্ৰতিৰক্ষা একাডেমীৰ পৰা উত্তীৰ্ণ হৈ বায়ু সেনা বিভাগত উৰণ শাখাত সেৱা আগবঢ়াই আহিছিল ৷ ত্ৰিপাঠীয়ে লেফটেনেণ্ট, স্কোৱাড্ৰণ মুৰব্বী আৰু বৰ্তমান আম্বালাত উইং কমাণ্ডাৰ হিচাপে পদোন্নতি লাভ কৰে ৷

Rajasthan's Jalore born Wing Commander to reach with Rafael fighter Jets Etv Bharat news
ৰাফেল বিমানেৰে যুঁজিবলৈকে জন্ম হৈছে অভিষেক ত্ৰিপাঠীৰ

জালোৰ,29 জুলাই:ৰাজস্থানৰ জালোৰৰ 36 বৰ্ষীয় উইং কমাণ্ডাৰ অভিষেক ত্ৰিপাঠী বুধবাৰে ৰাফেল যুদ্ধ বিমানৰ সৈতে ফ্ৰান্সৰ পৰা আম্বালালৈ আহিব ৷ ভাৰতত ৰাফেলৰ আগমনৰ সমান্তৰালকৈ অভিষেক ত্ৰিপাঠীৰ চৰ্চা এবাৰ পুনৰ সজীৱ হৈ উঠিব ছ’চিয়েল মেডিয়াত ৷

1984 চনৰ 9 জানুৱাৰীত জালোৰত জন্মগ্ৰহণ কৰা উইং কমাণ্ডাৰগৰাকীৰ পিতৃ অনিল কুমাৰ ত্ৰিপাঠী ভূমি বিকাশ বেংকত আৰু মাতৃ মঞ্জু ত্ৰিপাঠী চেল টেক্স বিভাগত কৰ্মৰত আছিল ৷ ত্ৰিপাঠীয়ে জালোৰত প্ৰাথমিক শিক্ষা গ্ৰহণৰ অন্তত ৰাজধানী দিল্লীস্থিত জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ পৰা বিজ্ঞানৰ স্নাতকোত্তৰ ডিগ্ৰী গ্ৰহণ কৰে ৷ 2001 চনত ত্ৰিপাঠীয়ে ৰাষ্ট্ৰীয় প্ৰতিৰক্ষা একাডেমীৰ পৰা উত্তীৰ্ণ হৈ বায়ু সেনা বিভাগত উৰণ শাখাত সেৱা আগবঢ়াই আহিছিল ৷ ত্ৰিপাঠীয়ে লেফটেনেণ্ট, স্কোৱাড্ৰণ মুৰব্বী আৰু বৰ্তমান আম্বালাত উইং কমাণ্ডাৰ হিচাপে পদোন্নতি লাভ কৰে ৷

অভিষেকৰ শৈশৱকালৰ ফটো

আৰ্য বীৰ দলৰ মহা সচিব শিৱদত্ত আৰ্যৰ দ্বাৰা অনুপ্ৰাণিত হৈ ত্ৰিপাঠীয়ে বীৰ দলত যোগদান কৰি মল্লযুঁজৰ প্ৰশিক্ষণ গ্ৰহণ কৰে ৷ 1997 চনত জালোৰত অনুষ্ঠিত ৰাষ্ট্ৰীয় মল্লযুঁজ প্ৰতিযোগিতাত আৰ্য বীৰ দলে দ্বিতীয় স্থান দখল কৰে ৷ ত্ৰিপাঠীয়ে বহু কেইখন মল্লযুঁজ প্ৰতিযোগিতাত দলটোক প্ৰতিনিধিত্ব কৰিছিল ৷ শৈশৱত আৰ্য বীৰ দলৰ যুঁজাৰু হিচাপে পৰিচিত ত্ৰিপাঠীয়ে প্ৰতিদ্বন্দীক পৰাস্ত কৰাৰ লগতে বিমান চালনা কৰাৰ সকলো যাৱতীয় অভিজ্ঞতা আহৰণ কৰে ৷

আৰ্য বীৰ দলৰ হৈ মল্লযুঁজাৰু ৰূপে খ্যাতি লাভ

বিশেষকৈ ৰাফেলৰ দৰে যুঁজাৰু বিমানৰ প্ৰতিগৰাকী পাইলটকে ফ্ৰান্সৰ ড’সাল্ট এভিয়েচন কোম্পানীৰ দ্বাৰা প্ৰশিক্ষণ প্ৰদান কৰা হৈছে ৷ কিয়নো 2016 চনত ভাৰতৰ সৈতে স্বাক্ষৰিত সৰ্ববৃহৎ চুক্তি হিচাপে পৰিচিত প্ৰায় 60 হাজাৰ কোটিটকীয়া ৰাফেল যুদ্ধ বিমান চুক্তিৰ বাবদ 36 খন ৰাফেল জেট বিমান হস্তান্তৰ কৰা হ’ব ৷

উইং কমাণ্ডাৰ 36 বৰ্ষীয় অভিষেক ত্ৰিপাঠী

উক্ত চুক্তি অনুসৰি প্ৰথম পৰ্যায়ত পাঁচখন ৰাফেল যুদ্ধ বিমান ভাৰতীয় বায়ু সেনা বাহিনীত অন্তৰ্ভূক্তি হোৱাৰ পৰিকল্পনাৰে বুধবাৰে আম্বালাত পদাৰ্পণ কৰিব ৷ বায়ুসেনা প্ৰমুখ এয়াৰ চীফ মাৰ্শ্বল আৰ কে এছ ভদুৰিয়া ইতিমধ্যে ৰাওনা হৈছে আম্বালা অভিমুখে ৷ বুধবাৰে দিনৰ প্ৰায় 2 বজাত বিমান কেইখন আম্বালা আহি পোৱাৰ সম্ভাৱনা আছে ৷

লগতে চাওকঃবিয়লি প্ৰায় 2 আম্বালা বায়ুসেনা ছাউনীত অৱতৰণ কৰিব ৰাফেল বিমান

ABOUT THE AUTHOR

...view details