অসম

assam

সমগ্ৰ বিশ্বতে দ্ৰুত গতিত বিয়পিছে ডেল্টা: WHOৰ সঞ্চালক প্ৰধান

By

Published : Jul 13, 2021, 5:16 PM IST

ক'ভিড-১৯ৰ ডেল্টা (DELTA) প্ৰকাৰৰ ভাইৰাছৰ সংক্ৰমণ সন্দৰ্ভত সকিয়নী দিলে বিশ্ব স্বাস্থ্য সংস্থাৰ(World Health Organization)ৰ সঞ্চালক প্ৰধান টেড্ৰ'ছ অধানম ঘেব্ৰেয়েছাছে (Tedros Adhanom Ghebreyesus) । তেওঁ কয় যে, বিশ্বৰ বিভিন্ন দেশত ডেল্টাৰ সংক্ৰমণ দ্ৰুত গতিত বাঢ়িছে ।

Director general of the WHO warned of the "devastating outbreaks" caused by the Delta variant
ক'ভিডৰ ডেল্টা প্ৰকাৰৰ ভাইৰাছৰ সংক্ৰমণ সন্দৰ্ভত সকিয়নী WHOৰ সঞ্চালক প্ৰধানৰ

ইণ্টাৰনেশ্যনেল ডেস্ক, ১৩ জুলাই: এতিয়াও বিশ্বত অব্যাহত আছে কাল কৰ'ণাৰ ত্ৰাস । এইবাৰ ক'ভিড-১৯ৰ ডেল্টা প্ৰকাৰৰ ভাইৰাছৰ সংক্ৰমণে আতংকিত কৰিছে বিশ্ববাসীকে। সোমবাৰে মহামাৰীৰ সংক্ৰমণ সন্দৰ্ভত সকীয়াই দি বিশ্ব স্বাস্থ্য সংস্থাৰ(World Health Organization)ৰ সঞ্চালক প্ৰধান টেড্ৰ'ছ অধানম ঘেব্ৰেয়েছাছে(Tedros Adhanom Ghebreyesus) কয় যে, সমগ্ৰ বিশ্বতে দ্ৰুত গতিত বিয়পিছে ডেল্টা প্ৰকাৰৰ ভাইৰাছৰ সংক্ৰমণ । জেনেভাত এক ভাৰ্চুৱেল সংবাদমেলত টেড্ৰ'ছ কয় যে, যোৱা সপ্তাহটো বিশ্বজুৰি ক'ভিড-১৯ৰ আক্ৰান্তৰ ঘটনা একেৰাহে বৃদ্ধি হোৱাৰ চতুৰ্থ সপ্তাহ হিচাপে চিহ্নিত হৈছিল ।

সঞ্চালক প্ৰধানগৰাকীয়ে কয় যে "দহ সপ্তাহ ধৰি মৃত্যুৰ হাৰ হ্ৰাস হৈ থকাৰ পাছত এতিয়া পুনৰ মৃত্যু হোৱা ৰোগীৰ সংখ্যা বৃদ্ধি পাইছে । ২০২০ চনৰ অক্টোবৰ মাহত ভাৰতত প্ৰথমবাৰৰ বাবে ক'ভিড-১৯ত আক্ৰান্ত ৰোগীক চিনাক্ত কৰা হৈছিল আৰু এতিয়ালৈকে ১০৪ খন দেশৰ লোক মহামাৰীত আক্ৰান্ত হৈছে । জিনহুৱাই (Xinhua) এই তথ্য প্ৰকাশ কৰিছে । শেহতীয়াকৈ ডেল্টা প্ৰকাৰৰ ভাইৰাছৰ সংক্ৰমণ সমগ্ৰ বিশ্বতে তীব্ৰ গতিত বাঢ়িছে ।

সেয়ে, আক্ৰান্তৰ ঘটনা আৰু মৃত্যু হোৱা ৰোগীৰ সংখ্যা বৃদ্ধি হৈছে । সমগ্ৰ বিশ্বৰ বিভিন্ন দেশত সংক্ৰমণ নিয়ন্ত্ৰিতভাৱে বৃদ্ধি পাইছে । ফ্ৰান্সকে ধৰি বহু কেইখন দেশে নতুন নিষেধাজ্ঞা জাৰি কৰিছে ।

সোমবাৰৰ সংবাদমেলত, বিশ্ব স্বাস্থ্য সংস্থাৰ মুৰব্বীগৰাকীয়ে প্ৰশাসনে জাৰি কৰা ব্যৱস্থাবোৰ শিথিল কৰাৰ পৰিৱৰ্তে ভয়াৱহ বিপদৰ বাবে সতৰ্ক কৰি দিয়ে । আনহাতে বিশ্বৰ বহুতো দেশত এতিয়াও প্ৰতিষেধকৰ অভাৱ হৈ আছে । টীকাকৰণ সম্পূৰ্ণৰূপে নোহোৱা বাবে এতিয়াও বহু দেশত ক'ভিড পৰিস্থিতি নিয়ন্ত্ৰণলৈ অহা নাই । সাৱধনতা অৱলম্বন কৰিলেহে মহামাৰীৰ সংক্ৰমণৰ পৰা নিজকে ৰক্ষা কৰিব পৰা যাব ।

সম্প্ৰতি, বিশ্ববাসীৰ বাবে ক'ভিড-১৯ মহামাৰী এক ভয়াৱহ বিপদলৈ পৰিণত হৈছে । এতিয়ালৈকে বিশ্বত ১৮৮,১৩৪,৯৪৮ জন লোক মহামাৰীত আক্ৰান্ত হৈছে । আনহাতে, ৫,০৫৭,০১৮ জন লোকে প্ৰাণ হেৰুলাইছে ।

লগতে পঢ়ক:বিপদজনক হ'ব পাৰে দুটা কোম্পানীৰ ভেকচিন গ্ৰহণ: WHO

ABOUT THE AUTHOR

...view details