অসম

assam

30 জুনলৈ ভাৰতৰ সৈতে আন্তৰ্জাতিক সীমান্ত বন্ধ ৰখাৰ সিদ্ধান্ত বাংলাদেশৰ

By

Published : Jun 14, 2021, 10:57 AM IST

13 জুনত এক বৈঠকত ভাৰতৰ সৈতে আন্তৰ্জাতিক সীমান্ত বন্ধ ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰে বাংলাদেশ চৰকাৰে ৷ ভাৰতৰ সীমান্তৱৰ্তী জিলাসমূহত ক’ভি়ড (Covid 19)ৰ প্ৰভাৱ অব্যাহত থকাৰ বাবেই এই সিদ্ধান্ত বাংলাদেশ চৰকাৰৰ ৷

Bangladesh extends border closure with India till June 30
30 জুনলৈ ভাৰতৰ সৈতে আন্তৰ্জাতিক সীমান্ত বন্ধ ৰখাৰ সিদ্ধান্ত বাংলাদেশৰ

ইণ্টাৰনেশ্যনেল ডেস্ক, 14 জুন :30 জুন পৰ্যন্ত ভাৰতৰ সৈতে আন্তৰ্জাতিক সীমান্ত বন্ধ ৰাখিছে বাংলাদেশে ৷ 13 জুনত আন্তঃ মন্ত্ৰীয় এক বৈঠকত সীমান্ত বন্ধ ৰখাৰ সীদ্ধান্ত গ্ৰহণ কৰা হোৱা বুলি ঢাকা ত্ৰিবিউনক জানিবলৈ দিয়ে বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ এগৰাকী শীৰ্ষ বিষয়াই ৷

বৰ্তমানেও ভাৰতৰ সীমামূৰীয়া জিলাসমূহত বৃদ্ধি পাই আছে ক’ভিড (Covid 19) আক্ৰন্তৰ সংখ্যা ৷ অতি শীঘ্ৰে এই সন্দৰ্ভত জাননী জাৰি কৰা হ’ব বুলিও জানিবলৈ দিয়ে বিষয়াগৰাকীয়ে ৷

উল্লেখ্য যে, বিগত 26 এপ্ৰিলত বাংলাদেশে দুসপ্তাহৰ বাবে ভাৰতৰ সৈতে সীমান্ত বন্ধ ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল ৷ ইয়াৰ পিছতে ভাৰতত ক’ভিড (Covid 19) পৰিস্থিতি ভয়াৱহ হৈ পৰাত ক্ৰমান্বয়ে 8 মে’ আৰু 29 মে’ত দুবাৰকৈ এই সময়সীমা বৃদ্ধি কৰা হয় ৷

আনহাতে, 15 দিনীয়া বৈধ ভিজা থকা বাংলাদেশী নাগৰিকসকলক স্বদেশলৈ উভতি অহাৰ অনুমতি প্ৰদান কৰা হৈছে ৷ কিন্তু তেওঁলোকক 14 দিনৰ বাবে কোৱাৰেণ্টাইনত থকাটো বাধ্যতামূলক কৰা হৈছে ৷ সম্প্ৰতি বাংলাদেশতো ক’ভিড মহামাৰীয়ে ভয়াৱহ ৰূপ ধাৰণ কৰিছে ৷ দেওবাৰে দেশখনত 2,436 গৰাকী লোক ক’ভিড 19ত আক্ৰান্ত হোৱাৰ বিপৰীতে 47 গৰাকী লোকৰ ক’ভিড 19 ত মৃত্যু হয় ৷

লগতে পঢ়ক-ইজৰাইলৰ প্ৰধানমন্ত্ৰী হিচাপে নিৰ্বাচিত নাফটালি বেনেট

ABOUT THE AUTHOR

...view details