অসম

assam

বিশ্বৰ বহু শিল্পীয়ে ভাগ ল'ব জ' বাইডেনৰ শপত গ্ৰহণ অনুষ্ঠানত

By

Published : Jan 14, 2021, 9:07 PM IST

বিশ্বৰ অন্য়তম তাৰকা শিল্পী লেডি গাগাই জ' বাইডেনৰ শপত গ্ৰহণ অনুষ্ঠানত ৰাষ্ট্ৰীয় সংগীত পৰিবেশন কৰিব । জ' বাইডেনে ৪৬ সংখ্য়ক ৰাষ্ট্ৰপতি হিচাপে শপত লোৱাৰ পিছতে যুৱ প্ৰজন্মৰ মাজত বিখ্য়াত জেনিফাৰ লোপেজে এক সাংস্কৃতিক অনুষ্ঠানত অংশগ্ৰহণ কৰিব ।

বিশ্বৰ বহু তাৰকাই ভাগ ল'ব জ' বাইডেনৰ শপত গ্ৰহণ অনুষ্ঠানত
বিশ্বৰ বহু তাৰকাই ভাগ ল'ব জ' বাইডেনৰ শপত গ্ৰহণ অনুষ্ঠানত

ইন্টাৰনেশ্যনেল ডেস্ক,১৪ জানুৱাৰী :অহা ২০ জানুৱাৰীত হ'ব লগা জ' বাইডেনৰ শপত গ্ৰহণ অনুষ্ঠানকলৈ এতিয়া যথেষ্ট পৰিমাণে তৎপৰতা বাঢ়িছে আমেৰিকাত । শপত গ্ৰহণ অনুষ্ঠানত বিশ্বৰ বহু তাৰকাই অংশ ল'ব বুলিও ইতিমধ্য়ে চৰ্চা চলিছে । বিশ্বৰ অন্য়তম তাৰকা শিল্পী লেডি গাগাই জ' বাইডেনৰ শপত গ্ৰহণ অনুষ্ঠানত ৰাষ্ট্ৰীয় সংগীত পৰিবেশন কৰিব ।

জ' বাইডেনে ৪৬ সংখ্য়ক ৰাষ্ট্ৰপতি হিচাপে শপত লোৱাৰ পিছতে যুৱ প্ৰজন্মৰ মাজত বিখ্য়াত জেনিফাৰ লোপেজে এক সাংস্কৃতিক অনুষ্ঠানত অংশগ্ৰহণ কৰিব । ইফালে ৯০ মিনিটৰ বিশেষ শপত গ্ৰহণ অনুষ্ঠানৰ আঁত ধৰিব বিশিষ্ট অভিনেতা টম হেঙ্কছে । এই অনুষ্ঠানত শিল্পী জাষ্টিন টিমবাৰলেক, ডেমি লভাটো, এন্ট ক্লেমনছ আৰু ৰক বেণ্ড জ'ন ব'ন জোবিয়েও অংশগ্ৰহণ কৰিব । সমান্তৰালকৈ শপত গ্ৰহণ অনুষ্ঠানৰ লগত সংগতি ৰাখি বিভিন্ন সাংস্কৃতিক কাৰ্যসূচীৰো আয়োজন কৰা হৈছে ।

লগতে পঢ়ক :প্ৰথম বছৰৰ তুলনাত কৰ'ণাৰ দ্বিতীয় বছৰ বেছি কঠিন হ'ব : বিশ্ব স্বাস্থ্য় সংস্থা

ABOUT THE AUTHOR

...view details