অসম

assam

সদৌ অসম ভিত্তিক ভৱেন বৰুৱা শিশু নাট প্ৰতিযোগিতাৰ আৰম্ভণি

By

Published : Sep 3, 2022, 3:08 PM IST

Nalbari
সদৌ অসম ভিত্তিক ভৱেন বৰুৱা শিশু নাট প্ৰতিযোগিতা

নলবাৰীত সদৌ অসম ভিত্তিক ভৱেন বৰুৱা শিশু নাট প্ৰতিযোগিতাৰ শুভ উদ্বোধনী অনুষ্ঠানটি সুকলমে অনুষ্ঠিত হৈ যায় (All Assam Based Bhaven Baruah Childrens Drama) ৷ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ উদ্যোগত নলবাৰী নাট্যমন্দিৰত অনুষ্ঠিত হৈছে এই নাট প্ৰতিযোগিতা ৷

চিটাৰা ডেস্ক, 3 ছেপ্টেম্বৰ :আৰম্ভণি হৈছে সদৌ অসম ভিত্তিক ভৱেন বৰুৱা শিশু নাট প্ৰতিযোগিতা । শুকুৰবাৰে সন্ধিয়া অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ নলবাৰী জিলা সমিতিৰ উদ্যোগত নলবাৰী নাট্য মন্দিৰত চতুৰ্দশ বাৰ্ষিক ভৱেন বৰুৱা সদৌ অসম ভিত্তিক শিশু নাট প্ৰতিযোগিতাৰ 'নাট উদ্ধোধনী অনুষ্ঠান' অনুষ্ঠিত হয় (All Assam Based Bhaven Baruah Childrens Drama)৷ নাট প্ৰতিযোগিতাৰ উদ্ধোধক হিচাপে উপস্থিত থাকে জনপ্রিয় অভিনেত্রী চেতনা দাস ।

সদৌ অসম ভিত্তিক ভৱেন বৰুৱা শিশু নাট প্ৰতিযোগিতা

চতুৰ্দশ বাৰ্ষিক ভৱেন বৰুৱা সদৌ অসম শিশু নাট প্ৰতিযোগিতাৰ সভাপতি এম মহিবৰ ৰহমানে সঞ্চালনা কৰা উক্ত অনুষ্ঠানটিত উপস্থিত থাকে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ কেন্দ্ৰীয় সমিতিৰ সভাপতি ৰাণা প্ৰতাপ বৰুৱা, নলবাৰী জিলা পৰিষদৰ মূখ্য কাৰ্যবাহী বিষয়া ডঃ জয়ন্ত কুমাৰ গোস্বামী আৰু ভৱেন বৰুৱা সদৌ অসম শিশু নাট প্ৰতিযোগিতাৰ প্ৰাক্তন সভাপতি গণেশ তামুলী । উক্ত অনুষ্ঠানতেই স্মৰণিকা 'সংলাপ' আনুষ্ঠানিক ভাবে উন্মোচন কৰে গণেশ তামুলীয়ে ।

উক্ত অনুষ্ঠানৰ অন্তত সাংবাদিকৰে হোৱা সাক্ষাৎকাৰত জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সভাপতি গৰাকীয়ে সাংবাদিকৰ বিভিন্ন প্ৰশ্নৰ উত্তৰত কেতবোৰ গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ায় । অসমৰ সংস্কৃতি ৰক্ষাৰ ক্ষেত্ৰত জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সদায় সক্ৰিয় স্থিতি থাকিব বুলি স্পষ্ট মত প্ৰকাশ কৰে তেওঁ (Bhaven Baruah Childrens Drama Competition) ৷ কা আন্দোলন সম্পৰ্কে জাতীয়তাবাদী যুৱ ছাত্র পৰিষদৰ পৰৱৰ্তী স্থিতি কি হ'ব তাকে লৈ সভাপতি ৰাণা প্ৰতাপ বৰুৱাই কয় যে কা আন্দোলনত পূৰ্বৰ ধাৰাত অটল আছে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ । জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ সদায় কা বিৰোধী আৰু বিৰোধ কৰি যাব ।

সদৌ অসম ভিত্তিক ভৱেন বৰুৱা শিশু নাট প্ৰতিযোগিতা

কা আন্দোলন পুনৰ হ'লে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ আকৌ ৰাজপথলৈ ওলাই আহিব বুলিও মন্তব্য আগঢ়ায় ৰাণা প্ৰতাপ বৰুৱাই । আনহতে কা আন্দোলনত একাংশ শিল্পীয়ে সুবিধাবাদী স্থিতি লোৱা প্ৰসংগত সভাপতি গৰাকীয়ে অনাগত সময়ত চালি জাৰি চাইহে তেনেকুৱা লোকৰ লগত আন্দোলনত একেলগ হোৱাৰ কথা উল্লেখ কৰে । যদি নিজৰ স্বাৰ্থ সিদ্ধিৰ বাবে কোনো শিল্পী বা নেতাই আন্দোলনত ভাগ লয় তেনেকুৱা লোকৰ লগত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে কা আন্দোলনত ভাগ নলয় বুলি জানিবলৈ দিয়ে তেওঁ ।

লগতে পঢ়ক :Brahmastra news: ব্ৰহ্মাস্ত্ৰত বাণাৰাস্ত্ৰ ৰূপত কিংখান

TAGGED:

ABOUT THE AUTHOR

...view details