অসম

assam

Ranbir Kapoor: অৰিজিতৰ কনচাৰ্টত ৰণবীৰ কাপুৰৰ হঠাৎ এন্ট্ৰি, চান্না মেৰেয়া গীতত কৰিলে নৃত্য

By ETV Bharat Assamese Team

Published : Nov 5, 2023, 1:42 PM IST

Updated : Nov 5, 2023, 2:25 PM IST

অভিনেতা ৰণবীৰ কাপুৰৰ ছবি এনিমেল অতি সোনকালে ছবিগৃহত মুক্তি পাব ৷ এই ছবিখনৰ প্ৰচাৰৰ বাবে শেহতীয়াকৈ চণ্ডীগড়ত উপস্থিত হয় অভিনেতাগৰাকী, য’ৰ পৰা তেওঁৰ এটা ভিডিঅ’ দ্ৰুতগতিত ভাইৰেল হৈ পৰিছে ।

Ranbir Kapoor grooves to 'Channa Mereya', bows down to Arijit Singh on stage
অৰিজিত সিঙৰ সৈতে ছ’চিয়েল মিডিয়াত আলোড়নৰ সৃষ্টি কৰিলে ৰণবীৰ সিঙে

চিটাৰা ডেস্ক, 5 নৱেম্বৰ:আগন্তুক ছবি ‘এনিমেল’ৰ বাবে এইকেইদিন বাতৰিৰ শিৰোনাম দখল কৰিছে বলীউডৰ অভিনেতা ৰণবীৰ কাপুৰে । ৰণবীৰ ছ’চিয়েল মিডিয়াৰ পৰা প্ৰায়ে আঁতৰি থাকে যদিও কিবা নহয় কিবা কাৰণত ভাইৰেল হৈ পৰে ছ’চিয়েল মিডিয়াত । শেহতীয়াকৈ ৰণবীৰ কাপুৰৰ এটা ভিডিঅ’ পোহৰলৈ আহিছে, যিটো ভিডিঅ’ দ্ৰুতগতিত ভাইৰেল হৈ পৰিছে ।

অৰিজিত সিঙৰ সৈতে ছ’চিয়েল মিডিয়াত আলোড়নৰ সৃষ্টি কৰিলে ৰণবীৰ সিঙে

আচলতে চণ্ডীগড়ত চলি থকা অৰিজিতৰ সংগীতানুষ্ঠানত উপস্থিত হৈছিল ৰণবীৰ কাপুৰ । এই সংগীতানুষ্ঠানত অভিনেতাগৰাকীয়ে অৰিজিতৰ সৈতে দৰ্শকক আমোদ দিয়ে । দুয়োকে একেলগে দেখাৰ পিচত আনন্দিত হৈ পৰে অনুৰাগী । এই সময়চোৱাৰ এটা ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে । এই ভিডিঅ’টোত ৰণবীৰ কাপুৰে আকৌ এবাৰ তেওঁৰ ব্লকবাষ্টাৰ ছবি ‘এ দিল হায় মুছকিল’ৰ কথা সোঁৱৰাই দিয়ে দৰ্শকক ।

কনচাৰ্টত ৰণবীৰ কাপুৰে চান্না মেৰেয়া গীতত নৃত্য কৰে

ভিডিঅ'টোত ৰণবীৰ কাপুৰক তেওঁৰ ছবিৰ ছুপাৰহিট গীত "চান্না মেৰেয়া"ত নৃত্য কৰা দেখা যায় । অভিনেতাজনৰ এই নৃত্য দেখি সংগীতানুষ্ঠানত উপস্থিত থকা দৰ্শকৰ সুখৰ সীমা নোহোৱা হৈ পৰে । এই সময়চোৱাত অৰিজিতে ৰণবীৰৰ অভিনীত ‘ব্ৰহ্মাষ্ট্ৰ’ৰ ছবিখনৰ ‘ৰাসিয়া’ গীতটোও পৰিৱেশন কৰে ৷ এই গীতটোতো ৰণবীৰে অৰিজিতক সমৰ্থন কৰে । দৰাচলতে তেওঁৰ ছবিখনৰ প্ৰচাৰৰ বাবে চণ্ডীগড়ত উপস্থিত হৈছিল অভিনেতাগৰাকী ।

কেতিয়া মুক্তি পাব ৰণবীৰ কাপুৰৰ ছবি ‘এনিমেল’ ?

উল্লেখ্য যে, ৰণবীৰ কাপুৰৰ ছবি এনিমেল ১ ডিচেম্বৰত ছবিগৃহত মুক্তি পাব । এই ছবিখনত তেওঁৰ সৈতে দক্ষিণৰ অভিনেত্ৰী ৰশ্মিকা মান্দান্না আৰু অনিল কাপুৰকো দেখা যাব । শেহতীয়াকৈ মুক্তি পোৱা ছবিখনৰ টিজাৰত অভিনেতাজনৰ শক্তিশালী ৰূপ দেখা গৈছিল । একে সময়তে অনুৰাগীসকলে এতিয়া আগ্ৰহেৰে অপেক্ষা কৰি আছে ৰণবীৰৰ ছবিখনৰ ট্ৰেইলাৰৰ বাবে । কিছুদিন পূৰ্বে ছবিখনৰ ‘সত্ৰংগা’ গীতটি মুক্তি পাইছে, যিটো গীত দৰ্শকে যথেষ্ট ভাল পাইছে ।

লগতে পঢ়ক:Animal Song: অৰিজিতৰ কণ্ঠত মুকলি এনিমেলৰ নতুন গীত, এবাৰ শুনিলে বাৰে বাৰে শুনিবলৈ মন যাব আপোনাৰো

Last Updated :Nov 5, 2023, 2:25 PM IST

ABOUT THE AUTHOR

...view details