অসম

assam

Kirron Kher Corona: কৰ’ণাত আক্ৰান্ত অভিনেত্ৰী তথা বিজেপি নেত্ৰী কিৰণ খেৰ

By

Published : Mar 21, 2023, 11:26 AM IST

কৰ’ণাত আক্ৰান্ত হৈছে বলীউডৰ অভিনেত্ৰী তথা বিজেপি নেত্ৰী কিৰণ খেৰ (Covid positive Kirron Kher) ৷ সামাজিক মাধ্যমত জনালে এই খবৰ ৷

Kirron Kher tested Corona Positive, actress gets isolated
কৰ’ণা আক্ৰান্ত হৈছে বলীউডৰ অভিনেত্ৰী তথা বিজেপি নেত্ৰী কিৰণ খেৰ

চিটাৰা ডেস্ক, 21 মাৰ্চ: বলীউড অভিনেতা অনুপম খেৰৰ পত্নী, অভিনেত্ৰী তথা বিজেপি নেত্ৰী কিৰণ খেৰ আক্ৰান্ত হৈছে কৰ’ণাত । অভিনেত্ৰীগৰাকীয়ে যোৱা সোমবাৰে (২০ মাৰ্চ) ছ’চিয়েল মিডিয়াত অনুৰাগীৰ সৈতে কৰ’ণা পজিটিভ হোৱাৰ তথ্য শ্বেয়াৰ কৰিছিল । টুইট যোগে বিজেপি সাংসদগৰাকীয়ে এই তথ্য শ্বেয়াৰ কৰিছিল ৷ তাৎপৰ্যপূৰ্ণভাৱে তিনি বছৰ পূৰ্বে অভিনেত্ৰীগৰাকী মাল্টিপল মাইল’মা কেন্সাৰত আক্ৰান্ত হৈছিল । অৱশ্যে সঠিক চিকিৎসাৰ দ্বাৰা সুস্থ হৈ উঠিছিল অভিনেত্ৰীগৰাকী (Kirron Kher Corona) ৷

কিৰণ খেৰে এই সন্দৰ্ভত টুইট কৰি লিখিছে, ‘মই কৰ’ণা আক্ৰান্ত হৈ পৰিছো, বিগত কিছু সময়ত যিসকল লোকে মোক লগ পাইছে, তেওঁলোকে অনুগ্ৰহ কৰি নিজৰ পৰীক্ষা কৰক ৷ " ইফালে একে সময়তে স্বামী অনুপম খেল বন্ধু সতীশ কৌশিকৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত উপস্থিত থাকে (Anupam Kher wife Kirron Kher)। যোৱা নিশা অভিনেতাগৰাকীয়ে সতীশ কৌশিকৰ ছবিত মাল্যাৰ্পণ কৰি শ্ৰদ্ধাঞ্জলি জনায় (Kirron Kher tested Corona Positive) ।

কি ৰোগৰ বলি হৈছিল অভিনেত্ৰীগৰাকী ?

তিনি বছৰ পূৰ্বে অভিনেত্ৰীগৰাকী মাল্টিপল মাইল’মা নামৰ এটা ৰোগত আক্ৰান্ত হৈছিল ৷ এই ৰোগক এক প্ৰকাৰৰ তেজৰ কৰ্কট ৰোগ বুলিও কোৱা হয় । অৱশ্যে অভিনেত্ৰীগৰাকীয়ে ইয়াৰ সঠিক চিকিৎসা কৰি যুদ্ধত জয়ী হৈছিল । বিজেপি সাংসদগৰাকী কেন্সাৰ ৰোগৰ পৰা মুক্ত হোৱাৰ পিচত এই বিষয়ে স্বামী অনুপমে খেৰে সকলোকে অৱগত কৰিছিল। বৰ্তমান কিৰণ খেৰৰ শৰীৰত কৰ’ণাৰ মৃদু লক্ষণ ধৰা পৰিছে ৷ অৱশ্যে অভিনেত্ৰীগৰাকী নিজৰ কোঠাতে জিৰণি লৈ আছে ।

কিৰণ খেৰৰ বিষয়ে কিছু কথা

১৯৮৩ চনত কিৰণ খেৰে ‘আছৰা প্যাৰ দা’ ছবিৰ জৰিয়তে পাঞ্জাবী চলচ্চিত্ৰ জগতত আত্মপ্ৰকাশ কৰিছিল । পাঞ্জাবী চলচ্চিত্ৰ জগতত অভিনেত্ৰীগৰাকীয়ে পাঁচ বছৰ কাম কৰিছিল । ইয়াৰ পিচত ১৯৮৮ চনত পেষ্টনজি ছবিৰ জৰিয়তে অভিনেত্ৰীগৰাকীয়ে বলীউডত আত্মপ্ৰকাশ কৰে । ইয়াৰ পিচত বলীউডত নিজৰ অভিনয়েৰে অনুৰাগীৰ হৃদয় জয় কৰিবলৈ সক্ষম হয় অভিনেত্ৰীগৰাকীয়ে ৷

বলীউডত প্ৰৱেশ কৰাৰ পূৰ্বে ১৯৮৫ চনত অভিনেতা অনুপম খেৰৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল কিৰণ । অৱশ্যে এই বিবাহৰ পৰা দুয়োৰে কোনো সন্তান নাই যদিও কিৰণৰ প্ৰথম বিবাহৰ পৰাই এটা পুত্ৰ সন্তান আছে ৷ পুত্ৰ সন্তানটোৰ নাম শিকান্দৰ খেৰ ৷ শিকান্দৰ বৰ্তমান মাতৃ কিৰণৰ সৈতে বসবাস কৰে ।

লগতে পঢ়ক:Deepak filed case against Mohan Gopal: প্ৰযোজক মোহন গোপাল নাদৰৰ বিৰুদ্ধে গোচৰ ৰুজু অভিনেতা দীপক তিজোৰীৰ

ABOUT THE AUTHOR

...view details