অসম

assam

Emergency Poster release: ইন্দিৰা গান্ধীৰ ভেশত আচৰিত কৰি তুলিলে কংগনাই

By

Published : Jul 14, 2022, 3:08 PM IST

বলীউডৰ ‘ধাকড় গাৰ্ল’ কংগনা ৰানাৱটৰ ছবি ‘ইমাৰ্জেন্সী’ৰ ফাৰ্ষ্ট লুক পোষ্টাৰ মুকলি কৰা হৈছে (Kangana Ranaut new film poster) । ছবিখনত অভিনয় কৰাৰ উপৰিও তেওঁ ছবিখন পৰিচালনা আৰু প্ৰযোজনাও কৰিছে (Kangana Ranaut upcoming film) ৷

Emergency Poster release
প্ৰাক্তন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ ভেশত আচৰিত কৰি তুলিলে কংগনাই

চিটাৰা ডেস্ক, 14 জুলাই :বৃহস্পতিবাৰে মুকলি কৰা হ’ল বলীউডৰ ‘কুইন’ কংগনা ৰানাৱটৰ ছবি ‘ইমাৰ্জেন্সী’ৰ ফাৰ্ষ্ট লুক পোষ্টাৰ । ছবিখনত প্ৰাক্তন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ ৰূপত দেখা গৈছে কংগনা ৰানাৱটক । আপোনালোকক জনাওঁ যে ‘ধাকড় গাৰ্ল’ৰ প্ৰডাকচন হাউচ মণিকৰ্ণিকা ফিল্মছৰ বেনাৰত নিৰ্মিত ‘ইমাৰ্জেন্সী’ ছবিখনৰ অভিনেত্ৰী হোৱাৰ সমান্তৰালকৈ তেওঁ ছবিখনৰ পৰিচালক ও প্ৰযোজক ।

কংগনা ৰানাৱটে আগন্তুক ছবিখনৰ ফাৰ্ষ্ট লুক পোষ্টাৰ আৰু টিজাৰ মুকলি কৰিছে (Kangana Ranaut new film teaser) । অভিনেত্ৰীগৰাকীয়ে নিজৰ ইনষ্টাগ্ৰাম একাউণ্টত পোষ্টাৰ আৰু টিজাৰ অনুৰাগীৰে সৈতে শ্বেয়াৰ কৰিছে (Kangana Ranaut instagram) । তেওঁ কেপচনত লিখিছে - Presenting ‘Her’who was called ‘Sir’ ৷ পোষ্টাৰখনত কংগনাৰ এক শক্তিশালী লুক দেখা গৈছে । গভীৰ চিন্তাত ডুব গৈ হাতত চশমা লৈ থকা কংগনাই ইন্দিৰা গান্ধীৰ ভেশত আচৰিত কৰি তুলিছে সকলোকে ৷

ৱাশ্বিংটন ডি চিৰ পৰা অহা এটা ফোন কলেৰে টিজাৰটো আৰম্ভ হয় । ইন্দিৰা গান্ধীৰ ভেশত কংগনা ৰানাৱটে ছ’চিয়েল মিডিয়াত বহুত প্ৰশংসা লাভ কৰিছে ৷ টিজাৰটোত তেওঁৰ পি এয়ে তেওঁক সোধে যে আমেৰিকাৰ ৰাষ্ট্ৰপতিয়ে তেওঁক মেডাম বুলি মাতিব পাৰিব নেকি ? উত্তৰত অভিনেত্ৰীগৰাকীয়ে কয়- 'ঠিক আছে, কিন্তু তেওঁলোকক কওক মোৰ অফিচৰ সকলোৱে মোক ছাৰ বুলি মাতে' ৷

লগতে পঢ়ক :Aryan Khan passport: আৰিয়ান খানৰ পাছপ’ৰ্ট ঘূৰাই দিবলৈ এনচিবিক নিৰ্দেশ NDPS আদালতৰ

ABOUT THE AUTHOR

...view details