ETV Bharat / entertainment

Aryan Khan passport: আৰিয়ান খানৰ পাছপ’ৰ্ট ঘূৰাই দিবলৈ এনচিবিক নিৰ্দেশ NDPS আদালতৰ

author img

By

Published : Jul 14, 2022, 1:25 PM IST

১০ মাহৰ মূৰত শ্বাহৰুখ খানৰ পুত্ৰ আৰিয়ান খানে পাছপ’ৰ্ট ঘূৰাই পাব । বিগত বছৰত ড্ৰাগছ সম্পৰ্কীয় এক গোচৰত এন চি বিয়ে জব্দ কৰিছিল তেওঁৰ পাছপ’ৰ্ট (Aryan Khan passport) ।

Aryan Khan passport
আৰিয়ান খানৰ পাছপ’ৰ্ট ঘূৰাই দিবলৈ এন চি বিক নিৰ্দেশ NDPS আদালতৰ

চিটাৰা ডেস্ক, 14 জুলাই : ড্ৰাগছ গোচৰত দোষমুক্ত হোৱা শ্বাহৰুখ খানৰ জ্যেষ্ঠ পুত্ৰ আৰিয়ান খানে স্বস্তিৰে উশাহ লৈছে । ড্ৰাগছৰ এক গোচৰত জব্দ কৰা আৰিয়ান খানৰ পাছপ’ৰ্ট ওভতাই দিবলৈ অনুৰোধ জনাইছে মুম্বাইৰ এখন আদালতে । ড্ৰাগছৰ গোচৰত অভিযুক্ত হোৱাত আৰিয়ান খানৰ ওপৰত বিদেশ ভ্ৰমণকে ধৰি বহু চৰ্ত আৰোপ কৰা হৈছিল । এই সন্দৰ্ভতে তেওঁৰ পাছপ’ৰ্টখনো জব্দ কৰা হৈছিল ।

সংবাদ মাধ্যমৰ বাতৰি অনুসৰি এই গোচৰত ক্লীনশ্বীট পোৱাৰ পাছত এতিয়া আদালতে আৰিয়ানক পাছপ’ৰ্ট ঘূৰাই দিবলৈ কৈছে এন চি বিক (Aryan Khan passport)। এতিয়া কোনো চৰ্ত নোহোৱাকৈ বিদেশ ভ্ৰমণ কৰিব পাৰিব আৰিয়ান খানে ।

আৰিয়ান খানে বিশেষ এন ডি পি এছ আদালতত আবেদন দাখিল কৰি পাছপ’ৰ্ট ঘূৰাই দিবলৈ দাবী জনাইছিল । উল্লেখযোগ্য যে, ক্ৰুজ ড্ৰাগছ গোচৰত যোৱা মাহত এন চি বিয়ে ক্লীনশ্বীট দিয়াৰ সময়ত আৰিয়ান খানে এই আবেদন দাখিল কৰিছিল । ইয়াৰ পূৰ্বে ২০২১ চনৰ অক্টোবৰ মাহত এই গোচৰত বম্বে উচ্চ ন্যায়ালয়ে আৰিয়ান খানৰ জামিন মঞ্জুৰ কৰিছিল আৰু তদন্তৰ সময়ত এন চি বিয়ে তেওঁৰ পাছপ’ৰ্ট জব্দ কৰিছিল ।

তাৎপৰ্যপূৰ্ণ কথাটো হ’ল, ২৭ মে’ত এই গোচৰৰ ১৪ জন অভিযুক্তৰ বিৰুদ্ধে ছয় হাজাৰ পৃষ্ঠাৰ অভিযোগনামা দাখিল কৰা হৈছিল যদিও তাত আৰিয়ান খানৰ নাম অন্তৰ্ভুক্ত কৰা হোৱা নাছিল । অভিযোগনামাত নাম উল্লেখ নথকাৰ পিছতে আৰিয়ান খানৰ গ্ৰেপ্তাৰ ভুল প্ৰমাণিত হ’ল । মুম্বাইৰ আৰ্থাৰ ৰোড জেলত ২০ দিনতকৈয়ো অধিক সময় কটাইছিল বাদশ্বাহৰ পুত্ৰই ।

চাৰ্জশ্বীটৰ দাখিলৰ পিছতেই পোহৰলৈ আহিল যে আৰিয়ান খানৰ পৰা কোনো ধৰণৰ ড্ৰাগছ উদ্ধাৰ হোৱা নাছিল । আৰিয়ান খানৰ বিৰুদ্ধেও কোনো সুনিৰ্দিষ্ট প্ৰমাণ পোৱা পোৱা নগ’ল । এন ডি পি এছ আইন উলংঘা কৰাৰ বাহিৰে আন কোনো গোচৰত দোষী সাব্যস্ত হোৱা নাছিল আৰিয়ান খান ।

আৰিয়ানৰ অধিবক্তা সতীশ মানেশিন্দেই কয় যে আমি সুখী যে এন চি বি এছ আই টিৰ মুৰব্বী সঞ্জয় কুমাৰ সিঙে বিষয়টোৰ সঠিক তদন্ত কৰি প্ৰমাণৰ অভাৱত আৰিয়ান খানৰ বিৰুদ্ধে এজাহাৰ দাখিল নকৰাৰ সিদ্ধান্ত লৈছিল ।

বিগত বছৰৰ ২ অক্টোবৰৰ নিশা মুম্বাইৰ পৰা গোৱালৈ যোৱা ক্ৰুজত এন চি বিৰ এটা দলে ড্ৰাগছ পাৰ্টী এটাক আটক কৰিছিল (Aryan Khan cruise) । সেই সময়ত এই ড্ৰাগছ গোচৰত অভিযুক্ত আৰবাজ মাৰ্চেণ্ট আৰু মুনমুন ধামেচাৰ সৈতে আৰিয়ানকো গ্ৰেপ্তাৰ কৰা হৈছিল ।

লগতে পঢ়ক : এনচিবিৰ ড্ৰাফটত প্ৰকাশ পালে ৰিয়াই প্ৰায়েই সুশান্তৰ বাবে গাঞ্জা ক্ৰয় কৰাৰ কথা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.