অসম

assam

কৰিমগঞ্জত কন্যা সন্তান জন্ম দিয়াৰ বাবে বোৱাৰীক হত্যা

By

Published : Jul 13, 2022, 11:03 PM IST

কন্যা সন্তান জন্ম দিয়াৰ বাবে কৰিমগঞ্জত বোৱাৰী হত্যা । এচিড খুৱাই পত্নীক হত্যাৰ অভিযোগ নিজ স্বামী ছাকিল আহমেদৰ লগতে পৰিয়ালটোৰ বিৰুদ্ধে(Family suspects murder by husband and his family) ।

Husband killed wife for delivering girl baby in Karimganj
কন্যা সন্তান জন্ম দিয়াৰ বাবে বোৱাৰীক হত্যা

কৰিমগঞ্জ, 13 জুলাই :কৰিমগঞ্জৰ ভৈৰৱ নগৰত সংঘটিত বোৱাৰী হত্যাৰ দৰে এক জঘন্য ঘটনা । এচিড খুৱাই বোৱাৰীক হত্যাৰ অভিযোগ স্বামীগৃহৰ বিৰুদ্ধে ৷ আৰক্ষীয়ে ইতিমধ্যে আটক কৰিছে স্বামী ছাকিল আহমেদক ৷ কন্যা সন্তান জন্ম দিয়াৰ বাবেই এচিড খুৱাই বোৱাৰীক হত্যাৰ অভিযোগ উত্থাপিত হৈছে । স্বামী ছাকিল আহমেদসহ পৰিয়ালৰ সদস্যৰ বিৰুদ্ধেও উত্থাপিত হৈছে এই অভিযোগ(Family suspects murder by husband and his family) ৷

কন্যা সন্তান জন্ম দিয়াৰ বাবে বোৱাৰীক হত্যা

ইফালে ,ঘটনাৰ পিছতে স্বামী ছাকিল আহমেদে স্থানীয় হাস্পতালত মহিলাগৰাকীক প্ৰেৰণ কৰে যদিও উন্নত চিকিৎসাৰ বাবে ভুক্তভোগী মহিলাগৰাকীক কৰিমগঞ্জ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছিল(Allegation against husband of killing wife) । ইপিনে মহিলাগৰাকীৰ অৱস্থা শোচনীয় হোৱাত শিলচৰ মেডিকেল কলেজ হাস্পতাললৈ নিয়া হৈছিল যদিও চিকিৎসালয়তে মহিলাগৰাকীৰ মৃত্যু হয় । সম্প্ৰতি ভুক্তভোগীৰ পৰিয়ালে ঘটনাৰ উচিত তদন্ত কৰি অভিযুক্তক কঠোৰ শাস্তি প্ৰদানৰ দাবী উত্থাপন কৰে ৷

লগতে পঢ়ক :Woman found dead in Kalgachia: কলগাছিয়াত বোৱাৰীৰ ৰহস্যজনক আত্মহত্যা

TAGGED:

ABOUT THE AUTHOR

...view details