ETV Bharat / state

Woman found dead in Kalgachia: কলগাছিয়াত বোৱাৰীৰ ৰহস্যজনক আত্মহত্যা

author img

By

Published : Mar 19, 2022, 4:23 PM IST

কলগাছিয়াত সংঘটিত হৈছে বোৱাৰীৰ ৰহস্যজনক আত্মহত্যাৰ ঘটনা ৷ শাহুৰ আৰু স্বামীয়ে মিলি বোৱাৰীগৰাকীক হত্যা কৰাৰ অভিযোগ উত্থাপিত হৈছে (Woman found dead in Kalgachia) ৷ ইতিমধ্যে সোধপোচৰ বাবে আটক কৰা হৈছে অভিযুক্ত স্বামীক ৷

Suspected murder at Kalgachia
কলগাছিয়াত বোৱাৰীৰ ৰহস্যজনক আত্মহত্যা

কলগাছিয়া, 19 মাৰ্চ: বৰপেটাত সংঘটিত হৈছে বোৱাৰীৰ ৰহস্যজনক আত্মহত্যাৰ ঘটনা (Woman found dead in Kalgachia) ৷ স্বামীগৃহৰ বিৰুদ্ধে হত্যা কৰি আত্মহত্যাৰ ৰূপ দিয়াৰ অভিযোগ উত্থাপন কৰিছে বোৱাৰীগৰাকীৰ পিতৃগৃহৰ লোকে (Family suspects murder by husband and his family) ৷ উক্ত ঘটনাক কেন্দ্ৰ কৰি সম্প্ৰতি চাঞ্চল্যই বিৰাজ কৰিছে বৰপেটাৰ ধৰ্মপুৰ গাঁৱত ৷

বৰপেটা জিলাৰ সৰভোগ আৰক্ষী থানাৰ অন্তৰ্গত ধৰ্মপুৰ গাঁৱত স্বামী আৰু শাহুৱে মিলি এগৰাকী বোৱাৰীক হত্যা কৰি আত্মহত্যাৰ ৰূপ দিবলৈ চেষ্টা কৰাৰ অভিযোগ উত্থাপিত হৈছে ৷ মানিকপুৰ আৰক্ষী থানাৰ অন্তৰ্গত আবাদী গাঁৱৰ ছো়বাহান আলীৰ কন্যা নিলিমা খাতুন (১৯) ৰ সৰভোগ আৰক্ষী থানাৰ অন্তৰ্গত ধৰ্মপুৰ গাঁৱৰ ছবুৰ উদ্দিনৰ পুত্ৰ জয়নাল আব্দিন (২৫)ৰ লগত ৯ মাহ পূৰ্বে সামাজিক নিয়ম অনুসৰি বিবাহ সম্পন্ন হৈছিল । কিন্তু বিয়াৰ পিছৰে পৰাই স্বামী গৃহৰ লোকে বেৱাৰী নিলিমা খাতুনৰ ওপৰত নানা ধৰণৰ অত্যাচাৰ চলাই অহাৰ অভিযোগ উত্থাপিত হৈ আহিছে । এনে সময়তে স্বামীগৃহৰ চিলিং ফেনত চিপ লৈ থকা অৱস্থাত নিলিমা খাতুনৰ মৃতদেহ উদ্ধাৰ হোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷

কলগাছিয়াত বোৱাৰীৰ ৰহস্যজনক আত্মহত্যা

নিলিমা খাতুনৰ পিতৃগৃহৰ অভিযোগ অনুসৰি শুকুৰবাৰে নিশা স্বামী জয়নাল আব্দিন আৰু শাহু মনোৱাৰা বেগমে বোৱাৰী নিলিমা খাতুনক ডিঙি চেপি হত্যা কৰি আত্মহত্যাৰ ৰূপ দিয়ে ৷ আনহাতে বোৱাৰীগৰাকীয়ে চিলিং ফেনত চিপলৈ আত্মহত্যা কৰা বুলি মন্তব্য কৰিছে স্বামীগৃহৰ লোকে ৷ উক্ত ঘটনা পৰিকল্পিত হত্যাকাণ্ড বুলি অভিযোগ উত্থাপিত হোৱাত শনিবাৰে পুৱাৰ ভাগত সৰভোগ আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ হত্যাকাণ্ডৰ লগত জড়িত থকাৰ অভিযোগত অভিযুক্ত স্বামী জয়নাল আব্দিনক আটক কৰাৰ লগতে নিলিমা খাতুনৰ মৃতদেহ মৰোণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে ৷

লগতে পঢ়ক: Bongaigaon Encounter : আৰক্ষীৰ গুলীত আহত ড্ৰাগছ ব্যৱসায়ী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.